জয়পূৰৰ মাদ্ৰাছাত 'অপাৰেচন সেন্দুৰ'ৰ সাফল্য উদযাপন; বন্দে মাতৰম, ভাৰত মাতা কি জয় শ্ল'গান দিলে ছাত্ৰ-ছাত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 5 h ago
মাদ্ৰাছাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল
মাদ্ৰাছাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল
 
মহম্মদ ফাৰহান ইজৰাইলী/ জয়পুৰ
 
ভাৰতীয় সেনাৰ ‘অপাৰেচন সেন্দুৰ’ৰ খবৰ সমগ্ৰ দেশতে প্ৰতিধ্বনিত হৈছে। অপাৰেচন সিন্দুৰ’ৰ সফলতাৰ পিছত সমগ্ৰ ভাৰতবাসীৰ মাজত উৎসাহ-উদ্দীপনা দেখা গৈছে। তাৰ মাজতে ৰাজস্থানৰ জয়পুৰৰ পৰা আহিছে আন এক প্ৰেৰণাদায়ক খবৰ। জয়পুৰৰ শাস্ত্ৰী নগৰত অৱস্থিত মাদ্ৰাছা ‘জামিয়া টাইবা’ত এক বিশেষ দেশপ্ৰেমমূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। য’ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় সমাজৰ ৰাইজে ভাৰতীয় সেনাৰ এই সাহসী অভিযানক কেৱল আদৰণি জনোৱাই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যৰ স্পষ্ট বাৰ্তাও প্ৰদান কৰে।
 
মাদ্ৰাছাৰ চৌহদত অনুষ্ঠিত হোৱা কাৰ্যসূচীটোত শিশুসকলে দেশপ্ৰেমমূলক গীত গাই আৰু ‘ভাৰতীয় সেনা অমৰ হওঁক’, ‘সন্ত্ৰাসবাদ মুৰ্দাবাদ’ আদি শ্লোগান দি এক উৎসাহ আৰু গৌৰৱৰ পৰিবেশৰ সৃষ্টি কৰে।
 
কণমানি ছাত্ৰ-ছাত্ৰীসকলৰ মুখত আত্মবিশ্বাস আৰু গৌৰৱ আভা দেখা পোৱা গৈছিল। এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰমাণ হয় যে  দেশপ্ৰেমৰ মনোভাৱ জাতি-ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৰে হৃদয়ত থাকে।
 
ভাৰত মাতা কি জয়, বন্দে মাতৰম শ্ল'গান দিয়া মুহূৰ্তত
 
ভাৰতীয় সেনাই কাশ্মীৰৰ পহলগামত সংঘটিত নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ পাকিস্তানৰ ভূখণ্ডৰ ৯ টা সন্ত্ৰাসবাদী গোপন স্থানক লক্ষ্য কৰি ‘অপাৰেচন সেন্দুৰ’ৰ অধীনত এক বৃহৎ সামৰিক অভিযান চলাইছিল। ভাৰতীয় সেনাৰ এই সাফল্য উদযাপন কৰিবলৈ 'জামিয়া টাইবা' মাদ্ৰাছাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
 
আমাৰ সেনাবাহিনীক লৈ আমি যথেষ্ট গৌৰৱান্বিত: কাৰি মহম্মদ ইছহাক
 
মাদ্ৰাছাৰ পৰিচালক কাৰী মহম্মদ ইছহাকে ‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে, "আমি সকলোৱে আমাৰ ভাৰতীয় সেনাক লৈ গৌৰৱান্বিত। তেওঁলোকে সন্ত্ৰসবাদীৰ ঘৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদৰ উচিত প্ৰত্যুত্তৰ দিছিল। ভাৰতীয় সেনাৰ এই সাফল্যত সমগ্ৰ দেশ গৌৰৱান্বিত হৈছে। আমি সৰুৰে পৰাই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীক শিকাইছো যে দেশখনেই প্ৰথম।"
 
কাৰি ইছহাকে লগতে কয় যে এই অনুষ্ঠানৰ উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় চেতনা আৰু নিৰাপত্তা বাহিনীৰ প্ৰতি সন্মান সৃষ্টি কৰা। কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমৰ আধাৰত কবিতা, ভাষণ আৰু বাটৰ নাট আদি উপস্থাপন কৰে।
 
সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাইঃ আমিন কায়মখানী
 
এই উপলক্ষে ৰাজস্থান উৰ্দু শিক্ষক সন্থাৰ ৰাজ্যিক সভাপতি আমিন কায়মখানীও উপস্থিত থাকে। তেওঁ কয়, "সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই। ই মানৱতাবাদৰ বিৰোধী। ইয়াৰ বিৰোধিতা কৰাটো প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য। আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক শিকাওঁ যে দেশৰ নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় ঐক্য সৰ্বোচ্চ।"
 
'অপাৰেচন সেন্দুৰ' ধ্বংস হোৱা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি
 
তেওঁ আৰু কয় যে এনেধৰণৰ অনুষ্ঠানে মুছলমান সমাজত দেশপ্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ অনুভূতি আৰু অধিক শক্তিশালী কৰে।
 
ঐক্যৰ বাৰ্তা: আমি সকলো এক
 
এই অনুষ্ঠানত অংশগ্ৰহণ কৰা তৌহিদ, চাবা, ৰেহান, সমীনাৰ দৰে ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া ‘জয় হিন্দ’ আৰু ‘বন্দে মাতৰম’ শ্ল’গান দিয়ে, তেতিয়া স্পষ্ট হৈ পৰে যে ভাৰতৰ নতুন প্ৰজন্মই নিজৰ দেশৰ বাবে ধৰ্ম, ভাষা বা অঞ্চলিকতাবাদৰ উৰ্ধত গৈ ঐক্যবদ্ধ হৈছে।
 
ছাত্ৰ-ছাত্ৰীসকলে কয় যে তেওঁলোক সেনাৰ বীৰত্বৰ পৰা অনুপ্ৰাণিত হৈ ভৱিষ্যতে তেওঁলোকো দেশৰ সেৱা কৰিবলৈ সাজু হ’ব। সেয়া শিক্ষা, স্বাস্থ্য বা নিৰাপত্তাৰ যিকোনো ক্ষেত্ৰতেই হওক।
 
এই কাৰ্যসূচীয়ে স্পষ্ট কৰি দিয়ে যে দেশপ্ৰেম কোনো এটা সম্প্ৰদায়ৰ একচেটিয়া অধিকাৰ নহয়, বৰঞ্চ প্ৰতিজন ভাৰতীয়ৰ দায়িত্ব আৰু গৌৰৱ। মাদ্ৰাছাৰ ল’ৰা-ছোৱালীয়ে যেতিয়া ভাৰত মাতা কি জয়ৰ শ্ল’গান দিয়ে, তেতিয়া ই মুছলমান সম্প্ৰদায়ক দেশপ্ৰেমৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰা সকলো ধাৰণা ভাঙি পেলায়।
 
‘অপাৰেচন সেন্দুৰ’ কেৱল সামৰিক অভিযান নহয়, সকলো দেশবাসীৰ বাবে এক আবেগ আৰু চেতনাৰ প্ৰতীক হৈ পৰিছে। য’ত জয়পুৰৰ এই মাদ্ৰাছাও এক শক্তিশালী কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।


শেহতীয়া খবৰ