Fri May 23 2025 1:29:03 PM
  • Follow us on
  • Subcribe

পহলগামৰ সন্ত্রাসবাদী আক্রমণঃ ছৈয়দ আদিল হুছেইনৰ আত্মত্যাগ, ইছাদৰ মানৱীয়তা, ইমাম সন্থাৰ সিদ্ধান্ত

Story by  atv | Posted by  sarmamukut98@gmail.com • 21 d ago
ছৈয়দ আদিল হুছেইনৰ জানাজাৰ সময়ত হাজাৰ হাজাৰ লোকৰ সমাগম
ছৈয়দ আদিল হুছেইনৰ জানাজাৰ সময়ত হাজাৰ হাজাৰ লোকৰ সমাগম
 
চাহাবুদ্দিন আহমেদ

পৈশাচিক বৰ্বৰতাৰে নিৰস্ত্ৰ পৰ্যটকক লক্ষ্য কৰি যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ ঘটনাই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, ভাৰত উপ-মহাদেশৰ ক্ষুদ্র ছুইজাৰলেণ্ডখ্যাত পহলগামত সন্ত্রাসবাদীয়ে পর্যটকসকলৰ ধৰ্ম সুধি হত্যা কৰা বুলি প্রকাশ পাইছে।

পহলগামত আজি কেইবছৰমানৰ পৰা সন্ত্রাসবাদী কার্যকলাপ হ্রাস পোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছিল; কিন্তু সৌন্দর্য উপভোগ কৰিবলৈ যোৱা পর্যটকক হঠাতে আক্ৰমণৰ লক্ষ্য কৰি ল'লে সন্ত্রাসবাদীয়ে। ফলত মধুচন্দ্রিকালৈ গৈ সদ্যবিবাহিতা পত্নীয়ে হেৰুৱালে নৌসেনা বিষয়া স্বামীক। অৱসৰ বিনোদনৰ বাবে যোৱা পত্নী-সন্তানৰ সম্মুখত পিতৃ-স্বামীক পিতৃ-মাতৃৰ সন্মুখত পুত্রক গুলীয়াই হত্যা কৰা হ'ল। 

ইয়াৰ মাজতে পৰ্যটকৰ ওপৰতে নিৰ্ভৰশীল পহলগামৰ মুছলমান বাসিন্দাসকলে পর্যটকসকলক উদ্ধাৰৰ চেষ্টা চলায়। তেওঁলোকৰ তৎপৰতাৰ বাবে বহু পৰ্যটকৰ প্ৰাণৰক্ষা পৰে। এজনে পর্যটকক বচাবলৈ গৈ প্রাণ হেৰুওৱাৰ বিপৰীতে আন এজনে বোকোচাত তুলি দৌৰি দৌৰি পৰ্যটকক আঁতৰাই নিয়াৰ বিষয়ে প্রকাশ পাইছে।
 

আদিল হুছেইন শ্বাহৰ পিতৃক সান্ত্বনা দিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই
 
উল্লেখ্য যে, পহলগাম শ্রীনগৰৰ পৰা এশ কিলোমিটাৰ দূৰত নদী-উপত্যকাৰে শোভিত, নয়নাভিৰাম সৌন্দৰ্যৰ লীলাভূমি। কুলু কুলুকৈ বৈ অহা নৈ, ওখ বৰফৰ আচ্ছাদনে ঢাকি ৰখা পর্বত, ওখ ওখ পাইন গছৰে এক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা সৌন্দৰ্যৰ থলী এই পহলগাম। চিৰ বিনন্দীয় বেতাব, চন্দনাবাৰী উপত্যকাসমূহে পর্যটকক হাত বাউলি মাতে। তদুপৰি ঘোঁৰা বা খচ্চৰ-গাধৰ জৰিয়তে যোৱা মিনি দুইজাৰলেণ্ড আৰু শুটিঙৰ স্থানসমূহো পৰ্যটকৰ অন্যতম আকৰ্ষণৰ থলী। 
 
অনন্তনাগ জিলাৰ অন্তৰ্গত ৪০৯১ ফুট পর্যন্ত ওখ এই পহলগাম ১০৫৬.৫ বর্গ কিলোমিটাৰ আয়তনৰ। অঞ্চলটোৰ মূল ভাষা কাশ্মীৰী যদিও উর্দু সহযোগী ভাষা। মনকৰিবলগীয়া যে ২০১১ৰ লোকপিয়ল মতে পহলগামৰ জনসংখ্যা ৪৯,৪০৩ গৰাকী। এই বাসিন্দাসকল মূলতঃ মুছলমান। পবিত্র অমৰনাথ যাত্রাপথৰ অন্যতম গন্তব্য স্থান এই পহলগাম। পহলগামৰ পৰা উত্তৰ-পূব চন্দনৱাড়ীৰ পৰা অমৰনাথৰ যাত্ৰা আৰম্ভ হয়।

উল্লেখ্য যে শ্রীনগৰৰ পৰা পহলগামলৈ যোৱাৰ পথত প্রাকৃতিক দৃশ্যই সকলোকে মুগ্ধ কৰে। বিশাল আকৃতিৰ পাইন আৰু চিনাৰ গছ, বৰফে ঢাকি ৰখা জাফৰাণ খেতি আৰু ৰাস্তা-ঘাট সকলো বৰফৰে ঢাক খাই থকাত পর্যটকৰ মন থৌকি-বাথৌ হৈ পৰে। দূৰৰ পাহাৰসমূহ বগা আৱৰণ আৰু পাহাৰী নিজৰাই কুলু কুলুকৈ বৈ আহি ঝিলাম নদীত পৰা এই দৃশ্যাবলী সঁচাকৈয়ে অপূর্ব। মূলতঃ পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল পহলগামবাসীয়ে অতি আগ্ৰহৰে বাট চাই থাকে বছৰটোৰ শেষৰ শীতকালীন সময়ছোৱালৈ। কাৰণ বছৰৰ অন্তিমটো শীতৰ আমেজ ল'বলৈ উপত্যকাটোত ভিৰ কৰে দেশ-বিদেশৰ বহু পর্যটকে। 
 
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত সেনাবাহিনীৰ তহল
 
এনে পর্যটক কঢ়িয়াবলৈ আহি প্রাণ হেৰুৱালে ছৈয়দ আদিল হুছেইন শ্বাহ নামৰ যুৱকজনে। পাহাৰীয়া খচ্চৰ বা কিছু সৰু আকৃতিৰ। ঘোঁৰাৰে পৰ্যটকক মনোৰম স্থানলৈ কঢ়িয়াই নি পৰিয়াল পোহপাল দিয়া আছিল দুই কণমানি পিতৃ। বৃদ্ধ পিতৃ-মাতৃ আৰু পত্নীসহ দুই সন্তানক- পৰিয়ালক পোহপাল দিয়া আদিলে ঘটনাৰ ওলাই আহিছিল ঘোঁৰা লৈ। হঠাতে সেনাৰ বেশত অহা সন্ত্রাসবাদীয়ে পৰ্যটকৰ হত্যাযজ্ঞ আৰম্ভ দিলে। ইয়াৰ তীব্ৰ বিৰোধিতা কৰি পৰ্যটকসকলক আঁতৰি যাবলৈ চিঞৰি চিঞৰি নির্দেশ দিয়ে। সন্ত্রাসবাদীৰ হত্যাযজ্ঞ বন্ধ কৰিবলৈ গৈ সন্ত্রাসবাদীৰ হাতত থকা একে-৪৭ কাঢ়ি ল'বলৈ চেষ্টা কৰে। 

ফলস্বৰূপে আদিল অৱশেষত নিজেই সন্ত্রাসবাদীৰ হত্যাৰ বলি হয়। নির্ভীক, সাহসী আদিলৰ এই আত্মবলিদান আজি দেশৰ সংহতি আৰু দেশপ্ৰেমৰ প্ৰতীক হৈ পৰিছে। সাধাৰণ পৰিয়ালৰ আদিলক কেন্দ্রীয় চৰকাৰে ছহিদ ঘোষণা কৰিছে। আদিলৰ দুৰ্ভগীয়া পিতৃয়ে পুত্ৰৰ আত্মত্যাগক লৈ গৌৰৱান্বিত বুলি কোৱাৰ বিপৰীতে মাতৃয়ে ছহিদ আখ্যা দিছে। দিনে মাথোঁ তিনিশ টকা উপার্জনেৰে পৰিয়ালক পোহপাল দিয়া আদিলৰ ঘৰ আছিল পর্যটনস্থলী বৈছৰণৰ পৰা ৩৫ কিলোমিটাৰ দূৰৰ হাপতনা নামৰ গাঁওখনত। 
 
দুই কণমানি সন্তানৰ পিতৃ আদিলৰ মৃত্যুৰ পাছত ঘৰখনলৈ নামি আহিছে অমানিশা। কিন্তু পৰিয়ালৰ কথা নাভাবি সন্ত্রাসবাদীৰ বিৰুদ্ধে অকলে যুঁজ দিয়া আদিল আজি ভাৰতীয় মুছলমানৰ গৌৰৱৰ প্ৰতীক হৈ পৰিছে। যি সময়ত কাশ্মীৰত সন্ত্রাসবাদীৰ আক্ৰমণ লৈ দেশত মুছলমানসকলে দ্বিধা-শংকাত দিন কটাইছে, সেই সময়তে আদিলৰ আত্মত্যাগে দেখুৱাই গ'ল প্ৰকৃত মুছলমানৰ দায়িত্ব কি।
 

সৰ্বভাৰতীয় ইমাম সন্থাৰ মুৰব্বী ইলিয়াছী
 
একেদৰে ইছাদ আহমেদ আৰু তেওঁৰ বন্ধু বালি চাহাবে ঘটনাস্থলীৰ পৰা সন্ত্রাসবাদীৰ আক্ৰমণত আহতসকলক কান্ধত তুলি ঘোঁৰাত উঠাই দৌৰি দৌৰি সহায় কৰাৰ ঘটনাই প্রতিফলিত কৰিছে সাধাৰণ মানুহৰ মাজত জীপাল হৈ থকা মানবীয়তা। আহতসকলক পানী খুৱাই, শুশ্রূষা কৰি নিজৰ ঘৰলৈ নি হাস্পতাললৈ নি আহতসকলৰ জীৱন ৰক্ষা কৰিলে। ইয়াৰে ইছাদ আহমেদ নামৰ যুৱকজনে ঘটনা সন্দর্ভত প্রকাশ কৰে এইদৰে 'সকলোৰে ঊর্ধ্বত মানবতা। পর্যটকসকল আমাৰ অতিথি, তেওঁলোকৰ ওপৰত আমাৰ জীৱন জীৱিকা নিৰ্ভৰ কৰে। গতিকে তেওঁলোকক আমি নিৰাপত্তা দিয়াটো, সহায় কৰাটো আমাৰ দায়িত্ব।' উল্লেখ্য যে এগৰাকী পৰ্যটকৰ হাষ্ট-পুষ্ট মাতৃক ইছাদ আহমেদে অকলে দাঙিব নোৱাৰি আন বন্ধুজনৰ সহায়ত দাঙি ঘোঁৰাবে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছিল।

কাশ্মীৰৰ এই নাৰকীয় কাণ্ডৰ পাছত সমগ্র দেশজুৰি পাকিস্তানৰ বিৰুদ্ধে অব্যাহত থকা তীব্র নিন্দা প্রতিবাদত মুছলমানসকলেও অংশগ্রহণ কৰিছে ইয়াৰ মাজতে দুই-চাৰিজন অপৰিপক্ক লোকে সন্ত্রাসবাদৰ সমর্থনত মন্তব্য আগবঢ়াই সমগ্ৰ ভাৰতৰ মুছলমানকে সন্দেহৰ আৱৰ্তৰ মাজলৈ ঠেলি দিছে। অৱশ্যে ভাৰতীয় মুছলমানক লৈ একাংশৰ মনত সৃষ্টি হোৱা এনে দোদুল্যমান স্থিতিৰ মাজতে সৰ্বভাৰতীয় ইমাম সন্থাৰ মুৰব্বী ওমৰ আহমেদ ইলিয়াছীৰ ঘোষণাই প্রমাণ কৰি দিছে সন্ত্রাসবাদক ইছলাম ধর্মই প্রশ্রয় নিদিয়ে। 
 
তেওঁ সোঁৱৰাই দিছে ভাৰতীয় মুছলমানৰ দায়িত্ব আৰু কৰণীয় কি। উল্লেখ্য যে সৰ্বভাৰতীয় ইমাম সন্থাৰ মুৰব্বী ইলিয়াছীয়ে ঘোষণা কৰিছে- 'কোনো সন্ত্রাসবাদীৰ জানাজাত নামাজ পঢ়িবলৈ নাযায় কোনো ইমাম।' সকলো ধৰ্মৰ ওপৰত মানৱতাবাদ বুলি দোহাৰি, তেওঁ ইছলামে সন্ত্রাসবাদক সমর্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে।
 
সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ আত্মীয়ৰ কান্দোন
 
উল্লেখ্য যে পাকিস্তান সমর্থনপুষ্ট সন্ত্রাসবাদীৰ এই আক্ৰমণৰ পাছতে দেশৰ প্ৰায়বোৰ মছজিদতে শুকুৰবৰীয়া জুম্মাৰ নামাজৰ পাছত সন্ত্রাসবাদক ধিক্কাৰ দি নিহতসকলৰ আত্মাৰ সদগতি আৰু আহতসকলৰ আশু-আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰা হয়।

ইছলামৰ পৱিত্র গ্রন্থ কোৰান শ্বৰীফ, হাদিছসমূহত সন্ত্রাসবাদক কোনো প্রশ্রয় দিয়া হোৱা নাই। সন্ত্রাসবাদীসকলৰ খং বা আক্রোশ নাইবা অভিযোগ কোনোবা দেশৰ বিৰুদ্ধে হ'ব পাৰে, কোনোবা বিশেষ ধৰ্মৰ মানুহৰ বিৰুদ্ধে হ'ব পাৰে, কোনোবা বিশেষ ভাষা-ভাষীৰ বিৰুদ্ধে হ'ব পাৰে, কোনোবা বিশেষ বাজনৈতিক মতাদর্শত পৰিচালিত লোকৰ বিৰুদ্ধে হ'ব পাৰে নাইবা যিকোনো কাৰণত যিকোনো ব্যক্তি বা দলৰ বিৰুদ্ধে হ'ব পাৰে; কিন্তু মহান আল্লাহে এই ক্ষেত্ৰত কঠোৰ নির্দেশনা দিছে- 'যিহেতু পৃথিৱীক সুশৃংখল কৰা হৈছে, তাত বিপর্যয় সৃষ্টি নকৰিবা। ভয় আৰু আশাৰে আল্লাহক মাতা। নিশ্চয় আল্লাহৰ করুণা সৎকর্মীসকলৰ নিচেই ওচৰত।' (আৰফ-৭.৫৬)।