জীৱনৰ শেষ উশাহ পৰ্যন্ত বিদ্যালয় স্থাপন কৰি যাবলৈ দৃঢ় প্ৰতিজ্ঞ অসমৰ নিৰক্ষৰ ৰিক্সা চালক আহমেদ আলী

Story by  Daulat Rahman | Posted by  [email protected] • 15 h ago
আহমেদ আলী
আহমেদ আলী
 
দৌলত ৰহমান/গুৱাহাটী
 
সত্তৰৰ দশকৰ শেষৰ ফালে এদিন গোটেই দিনটো ৰিক্সা চলোৱাৰ পিছত নিশা ভাগৰুৱা হৈ শুই গৈছিল বৰাক উপত্যকা তথা দক্ষিণ অসমৰ শ্ৰীভূমি জিলাৰ আহমেদ আলী নামৰ ৰিক্সা চালকজন। কিন্তু এটা দুঃস্বপ্নই তেওঁৰ টোপনি ভাগে আৰু গোটেই নিশাটো তেওঁৰ টোপনি নাহিল। সপোনত তেওঁ দেখিছিল যে তেওঁলোকৰ জীৱনলৈ অতি সোনকালে আহিবলগীয়া সন্তানটোও নিৰক্ষৰ হৈ থাকিব আৰু জীৱিকাৰ বাবে ৰিক্সা টানিব লাগিব।
 
নিজৰ সন্তান আৰু আন সন্তানেও যাতে ভৱিষ্যতলৈ নিৰক্ষৰ হৈ থাকিবলগীয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ আহমেদ আলীয়ে ৰিক্সা চলাই লাভ কৰা ধন আৰু ৩২ বিঘা পূৰ্বপুৰুষৰ মাটিৰ পৰা লাভ কৰা সামান্য সঞ্চয়ৰ সকলোখিনি ধন নিজৰ অঞ্চলত ৯খন বিদ্যালয় স্থাপনৰ বাবে ব্যয় কৰিছে।
 
আজি এই বিদ্যালয়সমূহত প্ৰায় ৫০০ ছোৱালী আৰু ১০০ ল'ৰাই পঢ়ি আছে। আলীয়ে কয় যে ‘নিৰক্ষৰতাৰ পাপ’ত যেন কোনেও কেতিয়াও জীয়াই থাকিব নালাগে, তাৰ বাবে তেওঁ শিক্ষানুষ্ঠান স্থাপনৰ সিদ্ধান্ত লৈছিল।
 
নিজৰ নামেৰে প্ৰতিষ্ঠা কৰা স্কুলৰ সন্মুখত আহমেদ আলী
 
আলীয়ে প্ৰথমবাৰৰ বাবে ১৯৭৮ চনত নিজৰ মাটিৰ এটা প্লট বিক্ৰী কৰি প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। গাঁৱৰ ৰাইজৰ পৰাও তেওঁ সামান্য টকাৰ অনুদান লাভ কৰিছিল। ইয়াৰ পিছত আলীয়ে কেতিয়াও নিজৰ সপোনক আগুৱাই নিয়াৰ ক্ষেত্ৰত উভতি চাব লগা হোৱা নাই।
 
খিলৰবণ্ড-মধুৰবণ্ড আৰু ইয়াৰ কাষৰীয়া অঞ্চলত তেওঁ স্থাপন কৰা ৯খন বিদ্যালয়ৰ ভিতৰত তিনিখন নিম্ন প্ৰাথমিক, পাঁচখন মধ্যবিদ্যালয় (ইংৰাজী মাধ্যম), আৰু এখন হাইস্কুল আছে। পাঁচখন বিদ্যালয় প্ৰাদেশিকীকৰণ হৈছে আৰু ইয়াৰ শিক্ষক আৰু কৰ্মচাৰীয়ে চৰকাৰৰ পৰা দৰমহা পোৱাৰ বিপৰীতে বাকীবোৰত শিক্ষকসকলে স্বেচ্ছাই কাম কৰে।
 
এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা মুহূৰ্তত আহমেদ আলী
 
প্ৰায় ৯০ বছৰ বয়সতো আলীয়ে সপোন দেখিবলৈ আৰু নিজৰ মিছনক নতুন দিগন্তলৈ সম্প্ৰসাৰিত কৰিবলৈ এৰি দিয়া নাই। তেওঁ এতিয়া নিজৰ গাঁৱৰ আশে-পাশে এখন কনিষ্ঠ মহাবিদ্যালয় খোলাৰ প্ৰচেষ্টা হাতত লৈছে যাতে বিদ্যালয়ৰ পৰা মেট্ৰিক (দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা) উত্তীৰ্ণ হোৱাসকলে মহাবিদ্যালয়ত পঢ়া-শুনা অব্যাহত ৰাখিব পাৰে। আলীয়ে নিজৰ গাঁৱত আৰু নিজৰ গাঁৱৰ ওচৰৰ অঞ্চলত আৰু অধিক বিদ্যালয় স্থাপনৰো পৰিকল্পনা কৰিছে।
 
“সৰ্বশক্তিমানে মোক পথ প্ৰদৰ্শন কৰি আশীৰ্বাদ দিয়াৰ লগে লগে মই আগন্তুক প্ৰজন্মৰ জীৱন সলনি কৰাৰ এক অভিযানত নামি পৰিছো। আমাৰ গাঁৱৰ বাকী ল’ৰা-ছোৱালীৰ লগতে মোৰ ল’ৰা-ছোৱালীসকলকো পঢ়াব পৰাত মই সুখী৷
 
তেওঁৰ এখন স্কুলৰ সন্মুখত আহমেদ আলী
 
বিদ্যালয়সমূহৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বহুতে এতিয়া ভালদৰে চাকৰিত সংস্থাপন লাভ কৰিছে। ইয়াৰ দ্বাৰা মোৰ আত্মাই পূৰ্ণতা আৰু সন্তুষ্টিৰ অনুভৱ কৰিছে। মই মোৰ সমাজৰ প্ৰভাৱশালী আৰু ধনী ব্যক্তিসকলক আহ্বান জনাইছো যে তেওঁলোকে মোক অধিক বিদ্যালয় স্থাপন কৰিবলৈ আৰ্থিকভাৱে সহায় কৰক।"-আৱাজ-দ্য ভইচক এইদৰে কয় আলীয়ে।
 
আলীৰ বাবে শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ আৰু সকলোৱে শিক্ষিত হোৱাৰ সুযোগ পোৱা উচিত। "যিকোনো ব্যক্তিৰ বাবে শিক্ষিত নোহোৱাটো এক পাপ। কোৰানত থকা প্ৰথম শব্দটো হৈছে "ইকৰা", যাৰ অৰ্থ হৈছে "পঢ়ক" বা "পাঠ কৰক"।
 
এই শব্দটো চুৰা আল-আলাকৰ প্ৰথম আয়াতৰ আৰম্ভণিতে (অধ্যায় ৯৬) পোৱা যায়। "ইকৰা"ৰ জৰিয়তে ইছলামৰ ভিতৰত জ্ঞান, শিক্ষণ, আৰু শিক্ষাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মই মোৰ শেষ নিশ্বাসলৈকে অধিক বিদ্যালয় স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।"-আলীয়ে কয়।
 
নিজৰ ঘৰত আহমেদ আলী
 
উল্লেখ্য যে, এইবাৰ নতুন দিল্লীত গণৰাজ্য দিৱস উদযাপনত আহমেদ আলীৰ উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সমাজৰ প্ৰতি কৰা অসাধাৰণ সেৱাৰ বাবে ভাৰত চৰকাৰে তেওঁক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল।
 
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত অসমৰ শ্ৰীভূমি জিলাৰ এখন গ্ৰাম্য গাঁৱৰ বাসিন্দা আহমেদ আলীৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পিছতে তেওঁ দেশজুৰি চৰ্চা লাভ কৰিছিল।