আৰ্ছলা খান/নতুন দিল্লী
একাগ্ৰতা, মনোবল আৰু আগ্ৰহ থাকিলে নিজৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰি। এই কথাকে প্ৰমাণ কৰিলে জম্মু-কাশ্মীৰৰ এগৰাকী যুৱতীয়ে। যুৱতী গৰাকীৰ নাম হুমাইৰা মুস্তাক। কাশ্মীৰ উপত্যকাৰ এইগৰাকী কন্যাই ব্ৰিটিছ জিটি চেম্পিয়নশ্বিপ ২০২৫ ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে। এই সন্মানীয় ৰেচিং চেম্পিয়নশ্বিপত কাশ্মীৰৰ পৰা অংশগ্ৰহণ কৰা হুমাইৰা প্ৰথমগৰাকী মহিলা ৰেছাৰ হিচাপে পৰিগণিত হৈছে। যাৰ বাবে সমগ্ৰ দেশে তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছে।
জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ বাসিন্দা হুমাইৰা মুস্তাক। মধ্যবিত্ত পৰিয়ালৰ জীয়ৰী হুমাইৰা সৰুৰে পৰাই দ্ৰুতবেগী গাড়ী আৰু মটৰ স্পৰ্টছৰ প্ৰতি আকৰ্ষিত আছিল। প্ৰথম অৱস্থাত তেওঁ পৰিয়াল আৰু সমাজৰ বহু পৰম্পৰাগত বাধাৰ সন্মুখীন হৈছিল যদিও তেওঁৰ আবেগে তেওঁক কেতিয়াও পিছ পৰিব নিদিলে।
হুমাইৰা মুস্তাক
শ্ৰীনগৰৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি ৰেছিঙৰ মৌলিক প্ৰশিক্ষণো ল’বলৈ আৰম্ভ কৰে। ভাৰতৰ বহু ৰাষ্ট্ৰীয় গাড়ী ৰেছিঙ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি হুমাইৰাই নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে মটৰস্পৰ্টছৰ জগতত নিজৰ নাম উজলাইছিল। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল আজি তেওঁ ব্ৰিটেইনৰ সন্মানীয় ৰেছিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।
ব্ৰিটিছ জিটি চেম্পিয়নশ্বিপ কি?
ব্ৰিটিছ জিটি চেম্পিয়নশ্বিপ হৈছে ইংলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ ৰেছিং প্ৰতিযোগিতা, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ আটাইতকৈ দ্ৰুত আৰু দক্ষ চালকসকলে অংশগ্ৰহণ কৰে।
এই প্ৰতিযোগিতাত জিটি৩ আৰু জিটি৪ শ্ৰেণীৰ উচ্চ কাৰ্যক্ষম গাড়ীৰ মাজত ৰোমাঞ্চকৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াত অংশগ্ৰহণ কৰাটো যিকোনো কাৰ ৰেছাৰৰ বাবে এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হয়। চলিত বৰ্ষত এই প্ৰতিযোগিতা ৫-৬ এপ্ৰিলত ডনিংটন পাৰ্কত আৰম্ভ হৈছে আৰু ৫ অক্টোবৰত ডনিংটন পাৰ্কতে সমাপ্ত হ’ব।
এই চেম্পিয়নশ্বিপত হুমাইৰাৰ অংশগ্ৰহণ কেৱল তেওঁৰ ব্যক্তিগত জয় নহয়, কাশ্মীৰ আৰু ভাৰতবৰ্ষৰ যুৱতীসকলৰ বাবে এক প্ৰেৰণা। জম্মু-কাশ্মীৰত ক্ৰীড়াৰ সম্পদ সীমিত আৰু বিশেষকৈ মহিলাসকলৰ বাবে, মটৰস্প’ৰ্টছত প্ৰৱেশ কৰাটো প্ৰত্যাহ্বানজনক বুলি গণ্য কৰা হয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাই তোলাটো নিজৰ বাবেই এক উদাহৰণ।
এক সাক্ষাৎকাৰত এইদৰে হুমাইৰাই যে, 'মই বিচাৰো মোৰ দৰে আৰু ছোৱালী এই ক্ষেত্ৰখনলৈ আহিব লাগে।' যদি আমি সঠিক সুযোগ আৰু সমৰ্থন পাওঁ তেন্তে যিকোনো ক্ষেত্ৰতে দেশখনক গৌৰৱান্বিত কৰিব পাৰিম।'
হুমাইৰাৰ এই সফলতাৰ পিছত জম্মু-কাশ্মীৰ প্ৰশাসনৰ লগতে বহু ব্যক্তিগত সংস্থাই তেওঁক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ উপ-ৰাজ্যপালকে ধৰি বহু নেতা খেলুৱৈয়ে ছ’চিয়েল মিডিয়াত অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে।
হুমাইৰা মুস্তাকৰ এই কৃতিত্ব কেৱল ব্যক্তিগত জয় নহয় বৰঞ্চ ভাৰতৰ কন্যাৰ সামৰ্থ্য, সংগ্ৰাম আৰু বিজয়ৰ কাহিনী। অনাগত সময়ত ব্ৰিটিছ জিটি চেম্পিয়নশ্বিপত দেশৰ পতাকা উৰুৱাই দিয়াই নহয়, ই লাখ লাখ ছোৱালীক প্ৰেৰণা যোগাব।