অনিকা মহেশ্বৰী/ নতুন দিল্লী
ৰাষ্ট্ৰীয় গোলাপ দিৱস প্ৰতি বছৰে ২০২৫ চনৰ ১২ জুনত পালন কৰা হয়। এই বিশেষ দিনটোত বিশ্বৰ অন্যতম প্ৰিয় ফুল ৰঙা গোলাপৰ সৌন্দৰ্য্য আৰু গুৰুত্বক সন্মান জনোৱা হয়।
সাধাৰণতে গোলাপ ফুল প্ৰেম আৰু সৌন্দৰ্য্যৰ সৈতে জড়িত যদিও বিশেষকৈ ভাৰতীয় পৰম্পৰাত ইয়াৰ গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক অৰ্থও আছে। হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ মাজত শ্ৰদ্ধা আৰু সন্মানৰ এক সাধাৰণ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে ৰঙা গোলাপ।
ভাৰতত ৰঙা গোলাপে হিন্দু আৰু ইছলামৰ মাজত ঐক্য আৰু বুজাবুজিৰ প্ৰতীক হিচাপে পবিত্ৰ সেতুঁ হিচাপে কাম কৰে। এই অনন্য সাংস্কৃতিক সংযোজনক আমি গংগা-জামনি তহজীব বুলি কওঁ, অৰ্থাত হিন্দু আৰু মুছলমান ধৰ্মৰ সমন্বয়ৰ প্ৰতীক। ৰঙা গোলাপ কেৱল প্ৰেমৰ প্ৰতীক নহয়, এই দুয়োটা ধৰ্মতে সমানে প্ৰকাশ পোৱা গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰতীক।
হিন্দু ধৰ্মত ফুলৰ অপৰিসীম তাৎপৰ্য আছে আৰু বিশেষকৈ ৰঙা গোলাপ ফুলক পূজা আৰু আৰাধনাৰ সময়ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ভগৱান শিৱ, কৃষ্ণ, আৰু গৌৰী মা বা দুৰ্গাক আগবঢ়োৱা প্ৰধান ফুলৰ ভিতৰত ই অন্যতম। ৰঙা গোলাপক ভক্তি আৰু আধ্যাত্মিক শক্তিৰ প্ৰতীক হিচাপে দেখা যায়।
প্ৰভু গণেশৰ চৰণত গোলাপৰ পাহি
বিশেষকৈ মহাশিৱৰাত্ৰিৰ দৰে উৎসৱত ভগৱান শিৱক ৰঙা গোলাপ আগবঢ়োৱা হয়। এই ফুল ভক্তৰ মৰম আৰু সমৰ্পণৰ প্ৰতীক, আৰু প্ৰভুৰ কৃপা লাভ কৰিবলৈ আগবঢ়োৱা হয়। প্ৰেম আৰু ভক্তিৰ দেৱতা ভগৱান শ্ৰীকৃষ্ণকো ৰঙা গোলাপ ফুল আগবঢ়োৱা হয়, যিয়ে ভক্তৰ ভগৱানৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু প্ৰেমৰ পৰিচয় দিয়ে।
নৱৰাত্ৰিৰ দৰে উৎসৱত মা দুৰ্গাক পূজা কৰাৰ সময়ত ৰঙা গোলাপক পূজা সামগ্ৰীৰ অংশ হিচাপে গ্ৰহণ কৰা হয়, যিটো শক্তি আৰু সাহসৰ প্ৰতীক।
ইফালে, ইছলামতো ৰঙা গোলাপৰ বিশেষ স্থান আছে, আৰু ইয়াক মূলতঃ চুফী আৰু ধৰ্মীয় ভক্তিত ব্যৱহাৰ কৰা হয়। পৰম্পৰাগতভাৱে গোলাপক আধ্যাত্মিক সৌন্দৰ্য্য আৰু প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়, আৰু ইয়াক আল্লাহ আৰু হজৰত মহম্মদ (চঃ)ৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেমৰ চিন বুলি গণ্য কৰা হয়।
দৰগাহৰ সন্মুখত গোলাপ ফুলৰ দোকান
হজৰত মহম্মদৰ প্ৰতি প্ৰেম প্ৰকাশৰ বাবে ৰঙা গোলাপ অতি গুৰুত্বপূৰ্ণ। গোলাপৰ সুগন্ধি আৰু ৰং ইছলামিক পৰম্পৰাত প্ৰেম আৰু ভক্তিৰ প্ৰতীক হিচাপে দেখা যায়। ঈদৰ দৰে উৎসৱ আৰু বিশেষ ধৰ্মীয় অনুষ্ঠানত মুছলমানসকলে গোলাপ আৰু অন্যান্য ফুলৰ আদান-প্ৰদান কৰে। ৰঙা গোলাপক বন্ধুত্ব আৰু সামূহিক ঐক্যৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে।
চুফী সাহিত্যত গোলাপ ফুলক প্ৰায়ে উপমা হিচাপে ব্যৱহাৰ কৰা হয়, য’ত ই প্ৰেম আৰু আধ্যাত্মিক উন্নতিৰ প্ৰতীক হৈ পৰে। চুফী কবিসকলৰ মতে প্ৰেমিক আৰু প্ৰিয়জনৰ মাজত এক ঐশ্বৰিক সংযোগ আছে, যিটো গোলাপৰ ৰূপত প্ৰকাশ পায়।
মৌলানা জামালুদ্দিন (ফৰিদাবাদ)ৰ মতে "ৰঙা গোলাপ কেৱল এটা ফুল নহয়, বৰঞ্চ ই এজন ব্যক্তিৰ আন্তৰিক ভক্তি, প্ৰকৃত প্ৰেম আৰু বিশ্বাসৰ প্ৰতীক। মুছলমান হওক বা হিন্দু হওক, দুয়োটা সম্প্ৰদায়ে নিজৰ দেৱতা বা আল্লাহৰ প্ৰতি থকা ভক্তি আৰু প্ৰেম প্ৰকাশৰ বাবে এই গোলাপ ফুল আগবঢ়ায়। এই ফুল ঐক্য, আধ্যাত্মিক অনুভূতি আৰু উমৈহতীয়া মানৱীয় সংবেদনশীলতাৰ প্ৰতীক হৈ পৰিছে।"
হিন্দু আৰু মুছলমান সংস্কৃতিৰ মাজত সম্প্ৰীতি আৰু সৌহাৰ্দ্যৰ প্ৰতীক গংগা-জামনি তেহজীবত ৰঙা গোলাপৰ ভূমিকাই এক সাধাৰণ প্ৰতীক হিচাপে বিশেষ তাৎপৰ্য্য লাভ কৰিছে। এই সাংস্কৃতিক সংযোজন কেৱল ধৰ্মীয় আচাৰ-ব্যৱহাৰতে নহয় ভাৰতীয় সমাজৰ দৈনন্দিন জীৱনতো দেখা যায়।
ৰঙা গোলাপ লৈ দৰগাহলৈ আগবাঢ়িছে এজন ইছলামধৰ্মী লোক
ৰঙা গোলাপৰ প্ৰতি উভয় ধৰ্মৰে সমান শ্ৰদ্ধা আৰু আদৰে ভাৰতবৰ্ষৰ ধৰ্মীয় ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰদান কৰে। হিন্দুৱে হওক বা মুছলমানে হওক বিবাহ অনুষ্ঠানত ৰঙা গোলাপৰ গুৰুত্বপূৰ্ণ স্থান আছে। ই প্ৰেম আৰু সৌন্দৰ্য্যৰ প্ৰতীক, যিয়ে বৈবাহিক বন্ধনৰ পবিত্ৰতাক প্ৰতিফলিত কৰে।
হিন্দু বিয়াত এই গোলাপ ফুল দৰা-কইনাৰ মালা বা অলংকাৰত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে মুছলমান বিয়াত ইয়াক সাজ-সজ্জা হিচাপে ব্যৱহাৰ কৰা হয়। উৎসৱত, যেনে হোলী (হিন্দু উৎসৱ) আৰু ঈদ (মুছলমান উৎসৱ)ত ৰঙা গোলাপৰ বিনিময় কৰা হয়। হিন্দু সম্প্ৰদায়ে ইয়াক প্ৰেম আৰু একেলগে থকাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ লগতে মুছলমান সমাজে ইয়াক প্ৰেম আৰু সম্প্ৰীতি হিচাপে উপস্থাপন কৰে।
ধৰ্মীয় তীৰ্থযাত্ৰা, যেনে বৈষ্ণো দেৱী (হিন্দু তীৰ্থস্থান) আৰু আজমেৰ শ্বৰীফ দৰগাহ (মুছলমান তীৰ্থস্থান)ত ভক্তসকলে ৰঙা গোলাপ ফুল আগবঢ়ায়। এই ৰঙা গোলাপক ভক্তৰ অন্তৰৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদ হিচাপে উপস্থাপন কৰা হৈছে।
প্ৰেম, শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰতীক ৰঙা গোলাপ ধৰ্মীয় আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰা ফুলৰ বিৰল উদাহৰণ। হিন্দু পূজাস্থলীতেই হওক বা মুছলমান দৰগাহতেই হওক, গোলাপ ফুলে একেই বাৰ্তা প্ৰেৰণ কৰে, সেয়া হৈছেঃ ঈশ্বৰৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা আৰু প্ৰেম। ৰাষ্ট্ৰীয় গোলাপ দিৱসত ৰঙা গোলাপৰ তাৎপৰ্য বুজি আমি ইয়াৰ সৌন্দৰ্য্যক সন্মান জনোৱাই নহয়, সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতীক হিচাপে ইয়াৰ ভূমিকাও মনত ৰাখিছো।
গোলাপৰ পাহিৰে মহাদেৱক আৰাধনা ভক্তৰ
ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সৌন্দৰ্য্য আৰু বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলা গংগা-জামুনি তহজীবৰ জীয়া প্ৰমাণ হৈছে মৰমৰ গোলাপ ফুল। ৰাষ্ট্ৰীয় গোলাপ দিৱস উপলক্ষে যেতিয়া আমি ৰঙা গোলাপৰ তাৎপৰ্যৰ কথা আলোচনা কৰো, তেতিয়া আমি মনত ৰাখিব লাগিব যে ই কেৱল এটা ফুল নহয়। ই শ্ৰদ্ধা, প্ৰেম আৰু ঐক্যৰ এক উমৈহতীয়া প্ৰতীক।
হিন্দুৱে হওক বা মুছলমানে হওক, গোলাপে আমাৰ হৃদয়ত প্ৰেম আৰু ভক্তিৰ বাৰ্তা প্ৰেৰণ কৰে যিয়ে আমাক ইজনে সিজনৰ লগত সংযোগ কৰে। ৰঙা গোলাপৰ এই সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতীকে আমাক শিকাইছে যে আমাৰ বৈচিত্ৰ্যই আমাৰ শক্তি, আৰু এই গোলাপে আমাক ঐক্য, ভাতৃত্ববোধ আৰু প্ৰেমৰ অনুভৱ কৰায়।