আহমেদাবাদ
ৰাখে হৰি মাৰে কোনে ? অৰ্থাত নেদেখাজনৰ আশীৰ্বাদ থাকিলে, আপুনি যিকোনো বিপৰ্যয়ৰ পৰা হাত সাৰিব পাৰে। এইষাৰ কথাই সত্য প্ৰমাণিত হৈছে ৰমেশ বিশ্বাসকুমাৰ বাচাৰভাদা (Ramesh Vishwaskumar Bucharvada)ৰ জীৱনত। আহমেদাবাদত বৃহস্পতিবাৰে দুপৰীয়া দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা ২৪২ জন লোক মূহূৰ্ততে মৃত্যুমুখত পৰে যদিও ৰমেশ বিশ্বাসকুমাৰ অলৌকিকভাৱে এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।
আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ কেইটামান ক্ষণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৩৮ বছৰীয়া ১১এ আসনত বহিছিল, যিটো জৰুৰীকালীন প্ৰস্থানৰ ঠিক পিছফালে অৱস্থিত।
দুৰ্ঘটনাটোৰ কিছু মুহূৰ্তৰ পিছত লোৱা এটা ভিডিঅ’ত দেখা গৈছে যে আহত ৰমেশে এম্বুলেন্সৰ ফালে খোজ কাঢ়ি গৈ আছে আৰু বিমানখনত থকা আনসকলৰ বিষয়ে প্ৰশ্ন কৰি দৰ্শকে তেওঁক ঘেৰি ধৰিছে। আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকে জনোৱা মতে, এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা ৰমেশ একমাত্ৰ যাত্ৰী।
"আৰক্ষীয়ে ১১এ চিটত এজন জীৱিত ব্যক্তিক উদ্ধাৰ কৰে। তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এতিয়াও তেওঁ চিকিৎসাধীন হৈ আছে। মৃত্যুৰ সংখ্যাৰ বিষয়ে এতিয়াও একো ক'ব পৰা নাই। আৱাসিক এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।"- মালিকে এইদৰে কয়।
বিমানৰ আসনৰ পৰিকল্পনাৰ অনলাইন ভঁৰাল এৰ’ল’পা (Aerolopa)ৰ মতে এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ আসন ১১এ ইকনমি ক্লাছৰ কেবিনৰ প্ৰথম শাৰীত অৱস্থিত। বিমানখনৰ সোঁফালে থকা খিৰিকীৰ আসনখন বিমানখনৰ ডেউকাৰ পৰা দুশাৰী আগত। ১১এ আসন দুৱাৰৰ ঠিক পিছফালে অৱস্থিত, যিয়ে সংকটজনক পৰিস্থিতিত জৰুৰীকালীন প্ৰস্থান হিচাপে কাম কৰে। এই আসনৰ পৰা জৰুৰীকালীন প্ৰস্থানদ্বাৰেৰে তেওঁ জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, লণ্ডন গেটৱিক অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন উৰণৰ কিছু মুহূৰ্তৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ৰাডাৰৰ তথ্য অনুসৰি দুৰ্যোগৰ পূৰ্বে বিমানখন মাত্ৰ ৬২৫ ফুট ওপৰলৈ উঠিছিল। বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই বি জে মেডিকেল কলেজ এণ্ড হস্পিতালৰ হোষ্টেল ভৱনত খুন্দা মাৰে।
২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰু সদস্য কঢ়িয়াই অনা বিমানখনে দুপৰীয়া ১:৩৯ বজাত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাওনা হয় আৰু এক মিনিট নৌহওঁতেই বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। আহমেদাবাদ আৰক্ষী আয়ুক্তৰ মতে, এই দুৰ্ঘটনাত ২০৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।
অধিক তথ্য প্ৰদানৰ বাবে এয়াৰ ইণ্ডিয়াই ১৮০০ ৫৬৯১ ৪৪৪ নম্বৰৰ এটা নিৰ্দিষ্ট যাত্ৰী হটলাইন স্থাপন কৰিছে। বিদেশী নাগৰিকে আন এটা হটলাইন নম্বৰ +৯১ ৮০৬২৭৭৯২০০ ত যোগাযোগ কৰিব পাৰে।
ইফালে, লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বিমান AI171 ত যাবলগীয়া ভূমি চৌহান নামৰ মহিলাগৰাকীও নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে। বিমানবন্দৰ পাওতে ১০ মিনিট পলম হোৱাৰ বাবে তেওঁ এয়াৰ ইণ্ডিয়াৰ বিমানখনত যাত্ৰা কৰিব নোৱাৰিলে আৰু ই তেওঁৰ বাবে সৌভাগ্য হিচাপে পৰিগণিত হয়।
তেওঁ বিমানখনত উঠিব নোপোৱাক লৈ আক্ষেপ কৰি থকাৰ সময়তে আহমেদাবাদৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ভাৰতৰ ইতিহাসৰ অন্যতম ভয়াৱহ বিমান দুৰ্যোগটোত ২০০ৰো অধিক লোকৰ মৃত্যু হয়।
এই হৃদয়বিদাৰক ঘটনাৰ পিছতে ভূমি চৌহানে সংবাদ মাধ্যমৰ সন্মুখত কয়, "মই ভগৱানৰ ওচৰত কৃতজ্ঞ। নেদেখাজনে মোক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিলে। গণপতি বাপ্পাই মোক ৰক্ষা কৰিলে। তেওঁৰ অযুত ধন্যবাদ জনাইছো আৰু মৃতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো। তেওঁলোকৰ পৰিয়ালক ঈশ্বৰে শক্তি দিয়ক।"
আনহাতে, এই শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ টাটা গ্ৰুপে ১ কোটি টকা আগবঢ়াব। দূৰ্ঘটনাটোক অত্যন্ত দুখজনক আৰু হৃদয়বিদাৰক বুলি উল্লেখ কৰি টাটা গ্ৰুপে এই ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হোৱা বুলি বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলে প্ৰকাশ কৰে। লণ্ডন অভিমুখী বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন আহমেদাবাদ বিমানবন্দৰৰ সমীপত উৰণৰ ৫ মিনিটৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত হয়।
গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে বিমান দুৰ্ঘটনাটোক এক ‘মৰ্মান্তিক ঘটনা’ বুলি অভিহিত কৰি প্ৰাণ হেৰুওৱা সকলো লোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।