বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সম্ৰাট চৌধুৰীয়ে

Story by  atv | Posted by  [email protected] • 1 Months ago
সম্ৰাট চৌধুৰী
সম্ৰাট চৌধুৰী
 
নতুন দিল্লী
 
ইতিহাস সৃষ্টি কৰি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সম্ৰাট চৌধুৰীয়ে।  বিগত ২০ বছৰৰ সমীকৰণ সলনি কৰি বিহাৰৰ ৰাজনীতিত আৰম্ভ হৈছে এক নতুন অধ্যায়। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত ললে সম্ৰাট চৌধুৰীয়ে।  বিহাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গেৰুৱা শিবিৰৰ এজন নেতাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে।
 
উল্লেখযোগ্য যে ৫৭ বছৰীয়া সম্ৰাট চৌধুৰী বৰ্তমান বিহাৰ বিজেপিৰ অন্যতম পৰিচিত মুখ আৰু নীতিশ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰী আছিল।  সম্ৰাট চৌধুৰী কুশৱাহা সম্প্ৰদায়ৰ প্ৰতিনিধি। বিহাৰত অ’বিচিৰ ভোটৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত যাদৱৰ পিছতে কুশৱাহাসকল আটাইতকৈ প্ৰভাৱশালী।
 
মন কৰিবলগীয়া যে ২০০৫ চনৰ পৰা বিহাৰত নীতিশ কুমাৰৰ কনিষ্ঠ অংশীদাৰ হিচাপে কাম কৰি আহিছে বিজেপিয়ে। মাজত কেইবছৰমানৰ ব্যৱধান থাকিলেও পদ্ম শিবিৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনখন আধৰুৱা আছিল। ২৪৩ আসনৰ বিহাৰ বিধানসভাত বিজেপিৰ ৮৯ জন বিধায়ক, আনহাতে জেডিইউৰ ৮৫ জন বিধায়ক।