মকাম কামৰূপ শাখাৰ কাব্য সন্ধিয়াত কবিতা -গীত-বাদ্যৰ অপূৰ্ব সমাহাৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
মকাম কামৰূপ শাখাৰ কাব্য সন্ধিয়াৰ এক দৃশ্য
মকাম কামৰূপ শাখাৰ কাব্য সন্ধিয়াৰ এক দৃশ্য
 
গুৱাহাটী  
 
মহিলা কাব্য মঞ্চ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, কামৰূপ শাখাৰ বহুভাষিক কবি সন্মিলনখন প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক তথা জ্যেষ্ঠা কবি ড০ গীতা বসুমতাৰীৰ বাসগৃহত অনুষ্ঠিত কৰা হয়। ড০ গীতা বসুমতাৰীৰ অধ্যক্ষতাত মকাম, কামৰূপৰ মহাসচিব সুকণ্ঠী গায়িকা আমৃনা জেৰিয়ানাৰ সৰস্বতী বন্দনাৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে মকামৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ তথা উত্তৰ -পূৱৰ তত্ত্বাৱধায়ক মালৱিকা ৰায়মেধি দাস "মেধা"।  
 
অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে জ্যেষ্ঠা লেখিকা তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক শিক্ষাবিদ ড০ সুচিত্ৰা কাকতি আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপাধ্যক্ষা শ্ৰীমতী মিনা কুমাৰী ৰায়মেধিৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সোণত সুৱগা চৰায়। 
 
অতিথি সকলক ফুলাম গামোচা, স্মাৰক আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। বন্তি প্ৰজ্বলনৰ পাছতে মালৱিকা "মেধা"ই মকামৰ সংস্থাপক ড০ নৰেশ নাজ দেৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মহিলাৰদ্বাৰা, মহিলাৰ হকে, মহিলাসকলে মনৰ পৰা মঞ্চলৈ কৰা যাত্ৰাৰ  আন্তৰ্জাতিক সংস্থা মকামৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ কয় যে, কবিতাৰ মাধ্যমেৰে নাৰী সমাজে নিজৰ এক অনন্য পৰিচয় ডাঙি ধৰিব পাৰে।
 
প্ৰতিমাহে অনুষ্টুপীয়াকৈ কবি সন্মিলনৰ আয়োজন কৰি মহিলাৰ বৌদ্ধিক জাগৰণৰ লগতে সামাজিক বিকাশৰ হেতু বিভিন্ন বিষয়ৰ ওপৰত স্বৰচিত কবিতা পাঠ কৰা হয়। বিশিষ্ট অতিথি ডঃ সুচিত্ৰা কাকতিয়ে কয় যে, মহিলাসকলৰ কবিতাৰ এনে সৰু অথচ গুৰুত্বপূৰ্ণ গোটবোৰে  সাহিত্যৰ ক্ষেত্ৰত বিশাল প্ৰভাৱ পেলাব পাৰে। মনৰ পৰা মঞ্চলৈ যাব পৰা এনে প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।
 
কামৰূপ শাখাৰ অধ্যক্ষা ড০ মঞ্জুলা হুছেইনৰ সঞ্চালনৰে বহুভাষিক কবি সন্মিলনৰ সফল সমাপ্তি ঘটে। কবি সন্মিলনখন ভিন্ন ভিন্ন ৰস- অলংকাৰৰ বিভিন্ন কবিতাৰে সুসজ্জিত কৰি  সৰ্বশ্ৰী পুষ্পা সোনী, হেমলতা তোডী, ৰাজলক্ষ্মী আগৰৱালা, নিজৰা দত্ত, প্ৰিয়লতা ডেকা, অঞ্জলি মুখীয়া, জেছিকা বসুমতাৰী, পৃথ্বীৰাজ ফুকন, ড০ সুচিত্ৰা কাকতি, ড০ গীতা বসুমতাৰী, মিনা কুমাৰী ৰায়মেধি, প্ৰীতি ফুকন, মিনতি কাকতি, সাধনা ফুকন, মালৱিকা ৰায়মেধি দাস আৰু ড০ মঞ্জুলা হুছেইনে শ্ৰোতাসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে। 
 
প্ৰসিদ্ধ অসমীয়া গায়িকা সন্ধ্যা মেনন আৰু মীৰা দাস চহৰীয়াই পৰিৱেশন কৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীতে সকলোৰে মন মোহাৰ লগতে পৃথ্বীৰাজ ফুকনৰ গীটাৰ বাদনে অনুষ্ঠানৰ শোভাবৰ্ধন কৰে। ড০ গীতা বসুমতাৰীয়ে সেইদিনা অনুষ্ঠানটোৰ অধ্যক্ষাৰূপে ইমান সুন্দৰ সজীৱ, কাব্যিক তথা সাংগীতিক সন্ধিয়া এটি উপহাৰ দিয়া বাবে মকাম, কামৰূপ শাখাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।