নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। ৰঙালী বিহু অসমৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ, যিয়ে বসন্তৰ আগমন আৰু কৃষি বতৰৰ আৰম্ভণিক সূচায়। হুঁচৰি, বিহু, পিঠা-পনা আদিৰ জৰিয়তে এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱে আনন্দ, নতুনত্ব আৰু বিশেষকৈ কৃষকসকলৰ মাজলৈ কৃষিৰ সমৃদ্ধি কঢ়িয়াই আনে।
‘এক্স’ পষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ !” পষ্টটোৰ সৈতে সংলগ্ন এখন ফটোত লিখা আছে, “এই সজীৱ উৎসৱে নতুনৰ আৰম্ভণি, সমৃদ্ধি আৰু একতাৰ ভাৱক উদযাপন কৰে। এই উৎসৱে অসমীয়া সংস্কৃতিক ধুনীয়াকৈ প্ৰদৰ্শন কৰে, যিয়ে সকলোতে জনপ্ৰিয়তা লাভ কৰিছে। মই এটি সফলতা, সুখ আৰু সুস্বাস্থ্যৰে ভৰা বছৰৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।”
উল্লেখযোগ্য য়ে, অসমে মঙলবাৰে পৰম্পৰাগত গৰু বিহুৰে ৰাজ্যখনৰ সৰ্ববৃহৎ উৎসৱ ৰঙালী বিহুৰ সপ্তাহজোৰা উদযাপন আৰম্ভ কৰে। ৰঙালী বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয়। এজন কৃষকৰ জীৱনৰ অন্যতম তাৎপৰ্যপূৰ্ণ উদযাপন হিচাবে গণ্য কৰা এই বিশেষ দিনটোত গাঁওবাসীয়ে তেওঁলোকৰ গোধনক মাহ-হালধি সানি গা ধুৱায়। পশুধনৰ সমৃদ্ধি আৰু মংগলৰ বাবে এই বিহু পালন কৰা হয়।
উল্লেখযোগ্য যে, কেঁচা হালধি, মাটি মাহ গৰু-ম’হবোৰক নোৱাই-ধুৱাই লাউ-বেঙেনা খুওৱা হয় আৰু নতুন পঘাৰে বন্ধা হয়। মানুহে গৰুক উদ্দেশ্যি পৰম্পৰাগত গায় “লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ বৰ গৰু।” এই বিহুত পশু ধনক সেৱা-শুশ্ৰুষা কৰাৰ অৰ্থ হ’ল কৃষি আৰু দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ অংশ গৰুৰ প্ৰতি সন্মান তথা কৃতজ্ঞতা প্ৰকাশ কৰা।