আৱাজ দ্য ভইচ অসম ব্যুৰ'
বিশ্বৰ দুই পৰাক্ৰমী দেশ ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতে পূৰ্ণাংগ যুদ্ধৰ ৰূপ লোৱাৰ আশংকা সৃষ্টি হৈছে। শুকুৰবাৰে পুৱতি নিশা ইজৰাইলে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি ভয়াবহ মিছাইল আক্ৰমণ কৰাৰ পিছতে পুনৰ অশান্ত আৰু অস্থিৰ হৈ উঠিছে সমগ্ৰ মধ্যপ্ৰাচ্য।
১৯৮০ চনত ইৰাকৰ সৈতে হোৱা যুদ্ধৰ পিছত ইৰাণে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ আক্ৰমণত দেশখনৰ একাধিক স্থান আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডৰ এগৰাকী শীৰ্ষ নেতাৰ মৃত্যু হোৱা বুলি ইৰাণৰ চৰকাৰী টেলিভিছনত প্ৰকাশ পাইছে। তেহৰানৰ ওপৰত এয়া এক বৃহৎ আঘাত আৰু এই আঘাতে দেশ দুখনৰ মাজত সংঘাত অধিক তীব্ৰতৰ কৰি তোলাৰ আশংকা আছে।
ইজৰাইলৰ আক্ৰমণত ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডৰ শীৰ্ষ বিষয়াৰ লগতে দুজন পাৰমাণৱিক বিজ্ঞানীৰো মৃত্যুৰ আশংকা কৰা হৈছে। ইজৰাইলৰ নেতাসকলে কৈছে যে ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰাৰ ভাবুকি দি আছিল আৰু এই ভাবুকি বন্ধ কৰিবলৈ এনে আক্ৰমণৰ প্ৰয়োজন আছিল।
ইজৰাইলৰ এগৰাকী মুখপাত্ৰই ঘোষণা কৰে যে তেওঁলোকে ইৰাণৰ পাৰমাণৱিক ব্যৱস্থাক লক্ষ্য কৰি লৈছে। ইফালে, ইজৰাইলে ইৰাণৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰাৰ ফলত ইৰাণ, ইৰাক আৰু চুবুৰীয়া অঞ্চলৰ ওপৰৰ আকাশমাৰ্গত সৃষ্টি হোৱা পৰিস্থিতিয়ে ভাৰতৰ বিমানৰ সময়সূচীত প্ৰভাৱ পেলাইছে।
এক্সত দিল্লী বিমানবন্দৰৰ এটা পোষ্টত কয় যে, "দিল্লী বিমানবন্দৰৰ কাম-কাজ সুচাৰুৰূপে চলি আছে। কিন্তু ইৰাণ, ইৰাক আৰু চুবুৰীয়া অঞ্চলৰ ওপৰত আকাশমাৰ্গৰ শেহতীয়া পৰিস্থিতিৰ বাবে কিছুমান বিমানৰ সময়সূচীত প্ৰভাৱ পৰিছে।”
"যাত্ৰীসকলক তেওঁলোকৰ বিমান সেৱা সন্দৰ্ভত শেহতীয়া তথ্যৰ বাবে নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আমি সকলো যাত্ৰীকে সঠিক আৰু শেহতীয়া তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছো।"-দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই পোষ্ট কৰিছে।
আহমেদাবাদৰ শোকাবহ বিমান দূৰ্ঘটনাৰ ২৪ ঘণ্টা সম্পূৰ্ণ নৌহোতেই বিমান যাত্ৰাৰ ব্যাপক সাল-সলনিয়ে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দেশ-বিদেশৰ হাজাৰ হাজাৰ লোক বিভিন্ন বিমান বন্দৰত আৱদ্ধ হৈ পৰিছে আৰু এক অভূতপূৰ্ব খেলিমেলিৰ সাক্ষী হৈছে।
ইফালে, ইৰাণত থকা ভাৰতৰ দূতাবাসে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে দেশখনত বাস কৰা ভাৰতীয় নাগৰিক আৰু ভাৰতীয় মূলৰ ব্যক্তিসকলৰ বাবে বিশেষ পৰামৰ্শ জাৰি কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া এটা পোষ্টত দূতাবাসে কয়, “ইৰাণৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণত থকা সকলো ভাৰতীয় নাগৰিক আৰু ভাৰতীয় মূলৰ ব্যক্তিক সজাগ হৈ থাকিবলৈ, যিকোনো অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আঁতৰি থাকিবলৈ, দূতাবাসৰ ছ’চিয়েল মিডিয়া একাউণ্ট মানি চলিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি সুৰক্ষা প্ৰট’কল মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।”
উল্লেখ্য যে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাণৰ বিৰুদ্ধে ইজৰাইলে ষ্ট্ৰাইক চলোৱা বুলি প্ৰকাশ কৰাৰ পিছতে ইৰাণস্থিত ভাৰতৰ দূতাবাসে এই পৰামৰ্শ জাৰি কৰিছে। ইৰাণত ইজৰাইলৰ কাৰ্যকলাপৰ বাবে কাটজে সমগ্ৰ দেশতে জৰুৰী পৰিস্থিতিও ঘোষণা কৰে।
কাটজৰ উদ্ধৃতিৰে দ্য টাইমছ অৱ ইজৰাইলে কয় যে ইৰাণৰ বিৰুদ্ধে ইজৰাইলে আক্ৰমণৰ পিছত আগন্তুক দিনসমূহত ইজৰাইল আৰু ইয়াৰ অসামৰিক জনসাধাৰণৰ বিৰুদ্ধে ইৰাণেও ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে আক্ৰমণৰ সম্ভাৱনা সৃষ্টি হৈছে।