গাজাত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
পশ্চিম এছিয়াত অব্যাহত যুদ্ধৰ মাজতে ইজৰাইলে গাজাত আক্ৰমণ চলাই দুটা কুখ্যাত সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে। কুখ্যাত সন্ত্ৰাসবাদী দুটাক এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে। ইজৰাইল সেনাই কয় যে- উত্তৰ গাজাত চলোৱা এয়াৰ ষ্ট্ৰাইকত সন্ত্ৰাসবাদী দুটাৰ মৃত্যু হোৱাৰ লগতে সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে।
 
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইজৰাইলৰ সেনা বাহিনীয়ে দাবী কৰে যে- তেওঁলোকে হমাছৰ নতুন মিলিটাৰী মুৰব্বী মহম্মদ ওদেহক ধৰাশায়ী কৰিছে। ২০২৩ৰ ৭ অক্টোবৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল ওদেহ।
 
ইফালে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কয় যে- ৭ অক্টোবৰত সংঘটিত আক্ৰমণৰ আঁৰত যিসকল লোক আছে প্ৰতিজনকেই এনেধৰণৰ শাস্তিয়েই প্ৰদান কৰা হ’ব।
 
উল্লেখ্য যে, এফালে ইজৰাইল এয়াৰ ষ্ট্ৰাইক কৰিছে, আনফালে গাজাত বহু নিৰীহ লোকে হেৰুৱাইছে প্ৰাণ। মধ্য গাজা চহৰত এটা বাসগৃহত আক্ৰমণ কৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়। আনহাতে, ১৫গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে।