গুৱাহাটী
ঘোষণা হ'ল নীট ইউ জি পৰীক্ষাৰ ফলাফল। ২২,৭৬০৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিছিল। ২২,০৯৩১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ১২,৩৬৫৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ৫০৯ সংখ্যাক ৰেংকেৰে উজলিল অসমৰ মহম্মদ মুছা কালিম।
উল্লেখযোগ্য যে, অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মহম্মদ মুছা কালিমে। ৯৯.৯৭ শতাংশ নম্বৰেৰে উজলিল অসম সন্তান মুছা কালিমে।
উল্লেখযোগ্য যে, আজি ঘোষণা হোৱা নীট ইউ জি পৰীক্ষাৰ ফলাফলত ৰাজস্থানৰ মহেশ কুমাৰে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। ৯৯.৯৯ শতাংশ নম্বৰেৰে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি উজলিল মহেশ কুমাৰে। উল্লেখযোগ্য যে, অসমৰ পৰা ৪৪৪৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নীট ২০২৫ পৰীক্ষাত আবেদন কৰিছিল। ৪১৮৪৮ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আনহাতে অসমৰ ১৯৮০৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰৰ নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।