নতুন দিল্লী
দেশৰ নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ চেতনা জাগ্ৰত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদে (এন চি ই আৰ টি) এক উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে। সেই লক্ষ্য-উদ্দেশ্যেৰে 'অপাৰেচন সেন্দুৰ'ৰ সাফল্য আৰু সেনাৰ বীৰগাথা বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তর্ভুক্তিৰ বিশেষ উদ্যোগ গ্রহণ কৰিছে এন চি ই আৰ টিয়ে।
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানক অপাৰেচন সেন্দুৰৰ জৰিয়তে দিয়া উচিত শিক্ষাৰ বিষয়ে শিক্ষার্থীসকলক অৱগত কৰোৱাৰ লক্ষ্যৰে এই উদ্যোগ গ্রহণ কৰিছে কেন্দ্রীয় সংস্থাটোৱে। তৃতীয় শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষার্থীৰ বাবে এই পাঠ্যক্ৰমৰ দিহা কৰা হৈছে। কেন্দ্রীয় চৰকাৰৰ অধীনৰ উক্ত সংস্থাটোৰ এটা সূত্র অনুসৰি ইতিহাস আৰু ৰাজনীতি বিজ্ঞানত বিষয়বস্তু অন্তর্ভুক্তিকৰণৰ লক্ষ্যৰে এই মডিউলভুক্ত কৰা হৈছে।
পাঠ্যপুথিত 'অপাৰেচন সেন্দুৰ'ৰ পটভূমি, উদ্দেশ্য, কৌশল আৰু প্রভাৱৰ সমান্তৰালকৈ সহজ-সৰল ভাষাত সেনাৰ বীৰত্বও দাঙি ধৰা হ'ব। তদুপৰি দেশৰ সামৰিক শক্তি, সামৰিক সাফল্য আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই প্রদর্শন কৰা সফলতা বিস্তাৰিতভাৱে দাঙি ধৰা হ'ব নতুন পাঠ্যপুথিত। পাঠ্যপুথিত ৮-১০ পৃষ্ঠাজুৰি থাকিব এই সম্পর্কীয় তথ্য-পাতি।
প্রাপ্ত তথ্য অনুসৰি, দুটা ভাগত বিভক্ত থাকিব 'অপাৰেচন সেন্দুৰ'ৰ এই বিশেষ পাঠ। প্রথম মডিউলটো হব তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে। উক্ত পাঠৰদ্বাৰা দেশৰ নতুন প্রজন্মক সেনাত নিয়োগ হোৱা বা সেনাক কেৰিয়াৰ হিচাপে লোৱাত যাতে সহায় কৰে, সেই দিশটোলৈ দৃষ্টি ৰখা হৈছে। তদুপৰি এন চি ই আৰ টিৰ 'অপাৰেচন সেন্দুৰ'ৰ বিষয়ে পাঠদান কৰিবলৈ শিক্ষকক বিশেষ প্রশিক্ষণৰো ব্যৱস্থা কৰা হ'ব।
শিক্ষার্থীসকলক যাতে সঠিক তথ্য প্রদান কৰিব পাৰে সেইটো নিশ্চিতকৰণৰ উদ্দেশ্যে এই উদ্যোগ লোৱা হৈছে। শিক্ষার্থীসকলৰ সুবিধা হোৱাকৈ 'দীক্ষা'ৰ দৰে ডিজিটেল প্লেটফর্মত এই সম্পর্কীয় ভিডিঅ', কুইজ আৰু আলোচনা সম্পর্কীয় বিষয়বস্তু তথা সমল উপলব্ধ হ'ব। ছাত্র-ছাত্রীসকলেও প্রকল্প উপস্থাপন মাধ্যমত অপাৰেচন সেন্দুৰৰ কৌশল বিশ্লেষণৰ সুযোগ পাব।
স্মর্তব্য, পাকিস্তানৰ বিৰুদ্ধে চলোৱা ভাৰতৰ সামৰিক অভিযান 'অপাৰেচন সেন্দুৰ'ক আগত দিনত যে পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰা হ'ব পাৰে তাৰ ইংগিত আগতেই দিছিল কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে। যোৱা মে' মাহত এক আলোচনাকালত দিয়া ভাষণত মন্ত্রীগৰাকীয়ে তেনে ইংগিত দিছিল আৰু যথা সময়ত এন চি আৰ টিৰ পাঠ্যক্ৰমত এই বিষয়ৰ পাঠ্যক্ৰম অন্তর্ভুক্ত হোৱাটো প্রায় নিশ্চিত হৈ পৰে।