নতুন দিল্লী
'আই দুনিয়া কে ৰাখোৱালে'.. আৰু 'মান তড়পত হৰি দৰ্শন কো আজ'.. (Aey Duniya ke Rakhwale.. and Mann tadpat hari darshan ko aaj) আদিৰ দৰে আইকনিক গীত গোৱা কিংবদন্তি গায়ক মহম্মদ ৰফী সঁচাকৈ বলীউডৰ ষড়যন্ত্ৰৰ বলি হৈছিল নেকি? প্ৰসিদ্ধ গায়ক সুৰেশ ৱাডেকাৰে এক প'ডকাষ্টত দাবী কৰিছিল যে, ৰফী চাহাবক ৯ বছৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ সুযোগৰ পৰা ইচ্ছাকৃতভাৱে বিৰত ৰখা হৈছিল।
ষাঠিৰ দশকলৈকে একমাত্ৰ পুৰুষ প্লেবেক গায়ক হিচাপে বলীউডত আধিপত্য বিস্তাৰ কৰিছিল মহম্মদ ৰফীয়ে। কিন্তু তেওঁৰ একচেটিয়া অধিকাৰত বাধা হিচাপে আহিছিল সেই সময়ৰ গায়ক কিশোৰ কুমাৰ। সেই সময়ত কিশোৰ কুমাৰে কণ্ঠদান কৰা শৰ্মিলা ঠাকুৰ আৰু ৰাজেশ খান্নাৰ অভিনীত শক্তি সামন্তৰ ছবি 'আৰাধনা'ৰ গীতসমূহ অতি জনপ্ৰিয় হৈ পৰিছিল।
এক সাক্ষাৎকাৰত গায়ক সুৰেশ ৱাডেকাৰে দাবী কৰিছে যে, "একাংশ উদীয়মান গায়কক মঞ্চ প্ৰদান কৰিবলৈ ৰাফী চাহাবক ইচ্ছাকৃতভাৱে একাষৰীয়া কৰি ৰখা হৈছিল।"
এই সময়ৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে মহম্মদ ৰফী
ৱাডেকাৰে বিবিচিৰ এক সাক্ষাৎকাৰত কয়, “ভাবি চাওঁকচোন, ৰফী চাহাবৰ দৰে এগৰাকী মহান গায়কক আঠৰ পৰা ৯ বছৰ ধৰি গান গোৱাৰ সুযোগ দিয়া হোৱা নাছিল। সংগীত পৰিচালক ৱাডেকাৰে উদাহৰণ হিচাপে দিয়া একেখিনি মানুহেই তেওঁক নীৰৱ কৰি পেলাইছিল। এনে এজন মহান শিল্পী, যাক মানুহে 'আল্লাহ মিঞা কি গাই' বুলি অভিহিত কৰিছিল, তেওঁক ঘৰতে থাকিবলৈ বাধ্য কৰাইছিল।
তেওঁ কয় যে, "ৰফী চাহাবে সেই গায়ক সকলতকৈ ভালকৈ গীত গাইছিল, আৰু হয়তো এইটোৱেই আছিল তেওঁৰ আটাইতকৈ ডাঙৰ ভুল। তেওঁৰ প্ৰতি থকা এই বিৰক্তিৰ বাবে হয়তু তেওঁক একাষৰীয়া কৰি ৰখা হৈছিল।"
তেওঁ লগতে কয়, “১০০ টা গীতৰ ভিতৰত ৯৮ টা গীত যদি এজনক গায়কক দিয়ে, আৰু তাৰ পিছত কয় যে, তেওঁ এজন ‘ভাগ্যৱান গায়ক’। তেওঁ কেনেকৈ ভাগ্যৱান নহ’ব, যেতিয়া সকলো সুযোগে তেওঁ পায়? বাকীবোৰে কি ঘাঁ কাটিবলৈ আহিছে?”
এইয়া কেৱল ৰফী চাহাবৰ কথা নাছিল। সুৰেশ ৱাডেকাৰ নিজেও এই পক্ষপাতিত্বৰ বলি হৈছিল। গায়কসকলৰ প্ৰতি এই মনোভাৱ সাধাৰণ হৈ পৰিছিল। ৱাডেকাৰে লগতে কয়, “প্ৰতি বছৰে ১০০ টা গান বনোৱা হয়। যদি আপুনি আপোনাৰ প্ৰিয় গায়কক ৫০ টা দিয়ে, তেন্তে বাকীসকলকো ৫০ টা দিব লাগে। সকলোৰে নিজৰ নিজৰ জীৱন জীৱিকাৰ কথা আছে। এইটো কেনেকুৱা কথা যে, সকলোতে এজনৰে নাম?”
ৱাডেকাৰৰ এই কথাবোৰে শিল্পীৰ সন্দৰ্ভত চলচ্চিত্ৰ জগতত কিমানখিনি ৰাজনীতি কৰা হয়, সেই কথা প্ৰতিফলিত কৰিছে। তেওঁৰ মতে, বলীউড হৈছে এক ‘অশোধিত’ উদ্যোগ। তেওঁ কয়, "ইয়াত ইমান নেতিবাচকতা আছে যে, যেতিয়া এশ জনৰ ভিতৰত পঞ্চাশজনে আপোনাক অভিশাপ দিব, তেতিয়া এই অভিশাপৰ প্ৰভাৱ নিশ্চয় পৰিব।"
মহম্মদ ৰফীৰ গীত ৰেকৰ্ড কৰি থকা এক মূহুৰ্ত
মহম্মদ ৰফীৰ সৈতে থকা সুৰেশ ৱাডেকাৰৰ ঘনিষ্ঠতাও কাৰো পৰা লুকাই থকা নাছিল। তেওঁ কয় যে, এবাৰ ৰফী চাহাবৰ সৈতে তেওঁ কাৱৱালী গাইছিল। তেতিয়া ৰফী চাহাবৰ খুলশালীয়েকে তেওঁক ফোন কৰি কৈছিল যে, ৰফী চাহাবে তেওঁৰ গানত বৰ আপ্লুত হৈছিল। সেই মুহূৰ্তটো সুৰেশ ৱাডেকাৰৰ বাবে আজিও এক গৌৰৱৰ বিষয়।
ৱাডেকাৰে অতি আৱেগিকভাৱে কয়, "ৰফী চাহাব কেৱল এজন গায়ক নাছিল, তেওঁ আছিল ভগৱানৰ কণ্ঠ। তেওঁৰ দৰে কোনো নাছিল, আৰু কেতিয়াও নাথাকে। আমাৰ দৰে হাজাৰ হাজাৰ গায়কে তেওঁৰ গীত শুনি সংগীত শিকিছো।"
অৱশ্যে তেওঁৰ জীৱন সন্দৰ্ভত প্ৰকাশিত সবিশেষ অনুসৰি, মহম্মদ ৰফী ডিঙিৰ ৰোগত আক্ৰান্ত হৈছিল। দীৰ্ঘদিন ধৰি ডিঙিৰ সংক্ৰমণত ভুগিছিল ৰফী চাহাবে। তেতিয়াৰ সেই সময়ৰ ভিতৰতে তেওঁ তুলনামূলকভাৱে কিছু গীত ৰেকৰ্ডিং কৰিছিল। যদিও এই সময়ছোৱাত তেওঁৰ সংগীতৰ সৃষ্টি তুলনামূলকভাৱে কম আছিল, তথাপিও তেওঁ সেই সময়ৰ কিছুমান শ্ৰেষ্ঠ গীত গাইছিল।
১৯৮০ চনৰ আজিৰ দিনটোতে হৃদৰোগত আক্ৰান্ত হৈ ৫৫ বছৰ বয়সতমহম্মদ ৰফীৰ মৃত্যু হয়। তেওঁ মূলতঃ হিন্দী আৰু অন্যান্য ভাৰতীয় আৰু বিদেশী ভাষাত ২৫ হাজাৰৰো অধিক গীত ৰেকৰ্ডিং কৰিছে।
২০০১ চনত হিৰো হোণ্ডা আৰু ষ্টাৰডাষ্ট আলোচনীয়ে ৰফীক "সহস্ৰাব্দৰ শ্ৰেষ্ঠ গায়ক" হিচাপে নিৰ্বাচিত কৰিছিল। জুহু মুছলিম কবৰস্থানত ৰফীক সমাধিস্থ কৰা হয় আৰু তেওঁৰ সমাধিস্থলত ১০ হাজাৰৰো অধিক লোক উপস্থিত হৈছিল। যাৰ বাবেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ভাৰতৰ অন্যতম বৃহৎ অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰা আছিল বুলি গণ্য কৰা হয়।
মহম্মদ ৰফী তেওঁৰ পত্নী বিলকিছ ৰফীৰ সৈতে
ভাৰত চৰকাৰে তেওঁৰ সন্মানত দুদিনীয়া ৰাজহুৱা শোক কাৰ্যসূচী ঘোষণা কৰিছিল। প্ৰযোজক-পৰিচালক মনমোহন দেশাই (যিজন ৰফী ডাঙৰ অনুৰাগী আছিল) আৰু তেওঁক অসংখ্য হিট ছবিত ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁক ৰফীৰ কণ্ঠৰ বৰ্ণনা দিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁ মন্তব্য কৰিছিল যে যদি কাৰোবাৰ ওচৰত ভগৱানৰ কণ্ঠ আছে, তেন্তে সেয়া হৈছে মহম্মদ ৰফী।
আজি মহম্মদ ৰফীৰ মৃত্যু বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰোতে এটায়ে প্ৰশ্ন মনলৈ আহে যে - এইখনেই সেইখন দেশ নেকি য'ত 'ভগৱানৰ কণ্ঠ'কো ন বছৰ ধৰি নিস্তব্ধ কৰি ৰখা হৈছিল? ৰফী চাহাবৰ কণ্ঠই আজিও প্ৰতিখন হৃদয়ত, প্ৰতিটো গীতত অনুৰণন ঘটায়। কিন্তু এই স্মৃতি সদায় জীয়াই থকা উচিত যে, শিল্প আৰু শিল্পীক নিস্তব্ধ কৰাটো যিকোনো সভ্যতাৰ আটাইতকৈ ডাঙৰ অন্যায়।