ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে বিদ্যালয়ত বাধ্যতামূলকভাৱে CCTV কেমেৰা সংস্থাপনৰ নিৰ্দেশ CBSEৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে বিদ্যালয়ত বাধ্যতামূলকভাৱে CCTV কেমেৰা সংস্থাপনৰ নিৰ্দেশ CBSEৰ
ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে বিদ্যালয়ত বাধ্যতামূলকভাৱে CCTV কেমেৰা সংস্থাপনৰ নিৰ্দেশ CBSEৰ
 
গুৱাহাটী
 
বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড চমুকৈ CBSE য়ে। ইয়াৰ এফিলিয়েশ্যন উপ-বিধি (২০১৮), ২০১৮ৰ চতুৰ্থ অধ্যায় সংশোধন কৰি বিদ্যালয়সমূহত দৃশ্য-শ্ৰব্য ৰেকৰ্ডিঙৰ সুবিধা থকা উচ্চ ৰিজ’লিউচনৰ CCTV কেমেৰা সংস্থাপন কৰাটো বাধ্যতামূলক কৰিছে।
 
CBSEয়ে জাৰি কৰা চৰকাৰী অধিসূচনা অনুসৰি, কেমেৰাসমূহ সকলো বিদ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰ, লবী, কৰিডৰ, ছিৰি, শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, পুথিভঁৰাল, কেণ্টিনৰ ঠাই, ষ্ট’ৰ ৰুম, খেলপথাৰ, আৰু অন্যান্য সাধাৰণ স্থানত স্থাপন কৰিব লাগিব। টয়লেট আৰু ৱাশ্বৰূমৰ বাহিৰে অন্য সকলো ঠাইত কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক।
উল্লেখযোগ্য যে, ৰেকৰ্ডিংসমূহ ৰিয়েল টাইম অডিঅ’ আৰু ভিডিঅ’ দুয়োটা ক্ষমতাৰ থকা কেমেৰা হ’ব লাগিব। কেমেৰাত কমেও ১৫ দিনৰ ফুটেজ ৰাখিব পৰাকৈ ষ্ট’ৰেজ ডিভাইচ লগোৱা হ’ব লাগিব।