আৰিফুল ইছলাম/গুৱাহাটী
পিতৃ-মাতৃ হৈছে জন্মদাতা, শিক্ষক হ'ল জ্ঞানদাতা। শিক্ষক হৈছে ত্যাগৰ প্ৰতীক আৰু সাধনাৰ স্বৰূপ। শিক্ষক হৈছে এগছি প্রজ্বলিত বন্তি, যাৰ পোহৰত বিশ্বৰ প্রান্তে প্রান্তে উজলি আছে শত সহস্র বন্তি। জ্ঞানৰ মন্দিৰৰ শিক্ষক হৈছে একান্ত পূজাৰী। শিক্ষাগুৰুৰ জ্ঞানৰ বেদীত প্রতিনিয়ত উচ্চাৰিত হয় মানৱ সম্পদ গঢ়াৰ অমোঘ মন্ত্র।
বিদ্যালয়ত থকা সময়তখিনিতে শিক্ষকৰ দায়িত্ব শেষ হৈ নাযায়, প্ৰতিটো মুহূৰ্ততে শিক্ষকৰ ভূমিকা অপৰিসীম। আজি শিক্ষক দিৱসৰ দিনটোৰ এই প্ৰতিবেদনত এনে এগৰাকী শিক্ষকৰ বিষয়েই ক'ব ওলাইছোঁ, যিগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীক কেৱল পাঠদানতেই সীমাবদ্ধ ৰখা নাই। পাঠদানৰ শিক্ষাৰ উপৰিও ছাত্ৰ-ছাত্ৰীক সাংস্কৃতিক, বৌদ্ধিক, মানসিক বিকাশত গুৰুত্ব দি আহিছে।
শিক্ষক গৰাকীৰ নাম এম হাফিজ আলি। বর্তমান ওডালগুৰি জিলাৰ কলাইগাঁৱৰ শিঙিৰীমাৰী টাউনত ১৯৬৬ চনত জন্ম হৈছিল হাফিজ আলিৰ। শৈশবতে পিতৃহাৰা হোৱাৰ পিছৰে পৰা ছিপাঝাৰৰ ঐতিহাসিক মাৰৈ গাঁৱত মোমায়েকৰ ঘৰত থাকি স্কুলীয়া জীৱন আৰম্ভ কৰি উচ্চ শিক্ষা সমাপ্ত কৰি মাৰৈ গাঁৱতেই স্থায়ীভাবে থাকিবলৈ লয়। বর্তমান তেওঁ ছিপাঝাৰৰ মাৰৈ-বিজুলীৰাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়লয়ৰ সহকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়াই আহিছে।
'উয়ে পোতা বলিশাল' শীৰ্ষক গ্ৰন্থখন মুকলিৰ এটা মুহূৰ্ত
দৰং জিলাৰ ছিপাঝাৰৰ শিক্ষকগৰাকীয়ে শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হোৱাৰে পৰাই মাৰৈ বিজুলিবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি আহিছে। ছাত্ৰ-ছাত্ৰীসকলক বন্ধুত্বসুলভ মনোভাৱেৰে পাঠদান কৰাৰ উপৰিও মানসিক, সাংস্কৃতিক, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত হাফিজ আলীয়ে লোৱা পদক্ষেপ সলাগিবলগীয়া। শিক্ষক হাফিজ আলীৰ নেতৃত্বত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ শিক্ষাৰ উৰ্দ্ধত লৈ গৈ বিদ্যালয়খনক এক ব্যতিক্ৰমী ৰূপ দিবলৈ সক্ষম হৈছে।
শিক্ষক হাফিজ আলীৰ নেতৃত্বত শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতি শনিবাৰে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ পিছত নিজৰ সুপ্ত প্ৰতিভা প্ৰদৰ্শনৰ কৰাৰ বাবে এক বিশেষ মঞ্চ দিয়ে। বিদ্যালয়খনত প্ৰতি শনিবাৰে অনুষ্ঠিত কৰা হয় 'শনিবৰীয়া চ'ৰা' নামৰ এক বিশেষ অনুষ্ঠান। য'ত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশৰ এক সুযোগ পায়। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি শনিবাৰে নৃত্য, আধুনিক গীত, বিহু নৃত্য, জিকিৰ গীত, দৰঙী কলা-কৃষ্টিৰ অন্যতম নাঙলী গীত, অভিনয়, বক্তৃতা, কুইজ, কাৰাটে আদি পৰিবেশন কৰে। তাৰোপৰি আজি শিক্ষক দিৱসৰ দিনটোত বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীৰ পৰাই হাতে লিখা আলোচনী প্ৰস্তুত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। সুদীৰ্ঘ ১০ বছৰৰ পৰাই হাফিজ আলিৰ তত্বাৱধানত এই আলোচনী প্ৰস্তুত কৰি আহিছে ছাত্ৰ-ছাত্ৰীসকলে।
শিক্ষক হাফিজ আলিৰ তত্বাৱধানত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ইতিমধ্যে ৰাজ্যিক আৰু জিলা ভিত্তিক বিভিন্ন প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বহু বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০১৯ চনত অসমভিত্তিত আয়োজিত Commemoration of 6th child protection Dayত দৰঙী লোকসংস্কৃতি বিশেষকৈ নাঙলী গীত প্ৰদৰ্শন কৰাৰ বাবেই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে পুৰস্কাৰ লাভ কৰিছিল। ২০২৪ চনত Spreading Happiness India Foundation চমুকৈ SHIF নামৰ এটা বেচৰকাৰী NGOএ আয়োজন কৰা " মডেল প্ৰস্তুত কৰাৰ প্ৰতিযোগিতা"ত সমগ্ৰ দৰং জিলাৰ ভিতৰতে বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল।
ছাত্ৰ-ছাত্ৰীক স্কাউট এণ্ড গাইডৰ প্ৰশিক্ষণ দিয়াৰ মুহূৰ্তত হাফিজ আলি
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিক্ষক এম হাফিজ আলীয়ে কয়; "মোৰ জীৱনৰ লক্ষই আছিল শিক্ষক হোৱা। শিক্ষক হোৱাৰ সপোন মই স্কুলীয়া জীৱনৰ পৰাই দেখিছিলো। এজন ছাত্ৰৰ বাবে আদৰ্শ হ'ব লাগে এগৰাকী শিক্ষক। মোৰো আদৰ্শ আছিল মোৰ শিক্ষাগুৰু। শিক্ষক হম বুলি ভবাৰ পিছত মই কেতিয়াও এই অন্য বৃত্তিত জড়িত হম বুলি বিচলিত হোৱা নাই। সেইমতেই আল্লাহ/ভগৱানে মোক মোৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিলে। শিক্ষক এগৰাকীয়ে নিজকে কেৱল শিক্ষকৰ চাকৰি কৰা বুলিয়ে ভাবিলে নহব, তেওঁ শিক্ষকতা কৰা বুলি ভাবিব লাগিব। শিক্ষকতা কৰা বুলি ভাবিলে তেওঁৰ সকলোবোৰ দায়িত্ব, কৰ্তব্য নিজেই জনা হ'ব। শিক্ষকতা হৈছে মানৱ সম্পদ গঢ়াৰ বৃত্তি, গতিকে মানৱ সম্পদ গঢ়াৰ পথত থাকিলে এগৰাকী শিক্ষকে কেতিয়াও অন্য নেতিবাচক কথাবোৰত বিচলিত নহয়।"
"মোৰ মতে এগৰাকী শিক্ষক সৰ্বজ্ঞানী হ'ব লাগে আৰু অন্য বৃত্তিৰ দৰে শিক্ষকতাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। এগৰাকী শিক্ষক আচলতে সকলো সময়তে শিক্ষক। এগৰাকী শিক্ষকে বিদ্যালয়ত পাঠদান কৰাৰ সময়ত শিক্ষকতা কৰাই নহয়, তেওঁ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হ'ব লাগে। শিক্ষক এগৰাকীয়ে প্ৰতিটো বিষয়তে জ্ঞান আহৰণ কৰিব লাগে। যেতিয়া উচ্চশিক্ষা গ্ৰহণ কৰা মোৰ এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যিকোনো বিষয়ৰ নাজানা কথা এটা যদি মোক সোধে, তেওঁলোকক মই নোৱাৰো বুলি কোৱাটো এজন শিক্ষকৰ গুণ হ'ব নোৱাৰে। সেইবাবেই শিক্ষক এগৰাকীয়ে সদায় অধ্যয়নপুষ্ট হৈ থাকিব লাগে আৰু সকলো বস্তু জনাৰ পথত থাকিব লাগে", হাফিজ আলীয়ে কয়।
"নতুন প্ৰজন্মৰ কিছুসংখ্যক শিক্ষক দেখিছোঁ, সামাজিক মাধ্যমৰ জৰিয়তেও তেওঁলোকে ভাল কাম কৰি আছে। শিক্ষকতা কৰিম বুলিয়ে আগবাঢ়ি আহিছে। কিন্তু মই বহু এনেকুৱা শিক্ষকো পাইছোঁ, যিসকলে কেৱল তেওঁলোকে এটা চৰকাৰী চাকৰি কৰিছোঁ বুলিয়ে ভাবে। তেনে শিক্ষকে কেৱল পাঠদানৰ সময়ৰ বাহিৰে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যিধৰণে কাম কৰিব লাগিছিল তেনেধৰণে কৰা নাই। এইবোৰ দেখিলে মোৰ যথেষ্ট বেয়া লাগে। মই নতুনকৈ শিক্ষকতা বৃত্তিৰ লগত জড়িত হোৱাসকলক অনুৰোধ কৰিব বিচাৰো, যে যাতে তেওঁলোকে শিক্ষকৰ দৰে মহান বৃত্তিটোক বৃত্তি হিচাপে লওক, উপাৰ্জনৰ পথ হিচাপে নহয়। আমাৰ মাজত বহু শিক্ষক-শিক্ষয়িত্ৰী আছে, তেওঁলোকে এতিয়াও শিক্ষকতাত আত্মনিয়োগ কৰিব পৰা নাই", শিক্ষক গৰাকীয়ে কয়।
সতীৰ্থৰ সৈতে জিকিৰ পৰিৱেশন কৰিছে হাফিজ আলিয়ে
অনলাইন শিক্ষাৰ আৰু শ্ৰেণীকোঠাৰ শিক্ষাৰ মাজত বহু পার্থক্য থকা বুলি উল্লেখ কৰি হাফিজ আলিয়ে কয়; "স্মাৰ্ট ক্লাছৰুম আজিকালি চৰকাৰী বিদ্যালয়সমূহতো দিছে। আমিও এটা ক্লাছ কৰিব লাগে। কিন্তু অনলাইনত শিক্ষাদানৰ প্ৰক্ৰিয়া শ্রেণীকোঠাতকৈ উত্তম হ'ব নোৱাৰে। কাৰণ, আমি যেতিয়া ক্লাছ কৰিব যাওঁ, তেতিয়া দুৰ্বল ছাত্ৰ (slow learner) গৰাকীৰ পৰা অতি চোকা গৰাকীলৈ চিনাক্ত কৰি, সেই হিচাপে শিক্ষাদানৰ পধ্যতিৰে উঠাই অনাৰ চেষ্টা কৰোঁ। কিন্তু অনলাইনতটো সেইবোৰ সুবিধা নাথাকিব। আজিকালি ডিজিটেল যুগ, গতিকে অনলাইন শিক্ষাও লাগিব। কিন্তু মই ভাবো শাৰীৰিক ভাবে শিক্ষকগৰাকী শ্ৰেণীকোঠাত উপস্থিত থাকি যিধৰণে শিক্ষা প্ৰদান কৰিব পাৰিব, সেইটো অনলাইনত নহয়।"
উল্লেখযোগ্য যে, শিক্ষক হাফিজ আলিয়ে মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত উচ্চশিক্ষা সমাপ্ত কৰি একেখন বিদ্যালয়তে ১৯৯১ চনত শিক্ষক হিচাপে যোগদান কৰিছিল। বিদ্যালয়খনৰ নিকটৱৰ্তী লোকসকল যিহেতু কৃষিৰ ওপৰতে নিৰ্ভৰশীল, গতিকে লৰা-ছোৱালীৰ পঢ়া-শুনাৰ ক্ষেত্ৰত আৰ্থিক দুৰৱস্থাই বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি কৰি আহিছে। শিক্ষক হাফিজ আলিয়ে বিদ্যালয়খনৰে অতি দৰিদ্ৰ দুগৰাকী শিক্ষাৰ্থীক নিজৰ খৰছত পঢ়ুৱাই চিকিৎসক হিচাপে গঢ় দিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰি অহা আলিয়ে আজি প্রায় দুকুৰি বছৰৰ অধিককাল সংবাদ সেৱাৰ সৈতে জড়িত হৈ অসমৰ প্ৰায়কেইখন বাতৰি কাকতত নিবন্ধ-প্রবন্ধ প্রকাশ পোৱাৰ উপৰিও বিভিয় স্মৃতিগ্রন্থ, স্মৰণিকাত লেখা প্রকাশ হৈ আহিছে। ইয়াৰোপৰিও শিক্ষক হাফিজ আলিৰ প্ৰকাশিত গ্রন্থৰাজি সমূহ হ'ল- মহাজীবন আজান ফকীৰ আৰু বৰ্তমান, গৰীয়া জনগোষ্ঠীৰ সভ্যতা আৰু সংস্কৃতি।
তাৰোপৰি তেওঁ সম্পাদনা কৰা গ্ৰন্থৰাজি সমূহ হ'ল- এম কন্তুম আলিৰ জীৱন আৰু সৃষ্টি, অতুল চন্দ্র দাসৰ জীবন পথাৰত লেচেৰি বুটলি, দৰঙৰ লোকাচাৰ, দৰং জিলা সাহিত্য সভাৰ পত্রিকা সম্পাদকৰূপে চাৰিটা সংখ্যা সম্পাদিত, ছিপাঝাৰ প্রেছগীল্ডব স্মৃতিগ্রন্থ, মাৰৈ-বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী স্মৃতিগ্রন্থ 'মৌলি', মাৰৈ জনশিক্ষা পুথিভঁৰালৰ সোণালী জয়ন্তী স্মৃতিগ্রন্থ 'মাৰৈ', দৰং জিলা প্রশাসনৰ ৫৬ সংখ্যক শিক্ষক দিৱসৰ স্মৃতিগ্রন্থ, মাৰৈ-বিজুলীবাৰী শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উদ্যাপনৰ স্মৃতিগ্রন্থ 'মাইহাং' মাৰৈ-বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখপত্র, হাতে লিখা আলোচনীৰ তত্ত্বাবধায়ক, বহু স্মৰণিকা, শ্রদ্ধাৰ্য্য গ্রন্থ আদি সম্পাদনা কার্য সফলভাবে সমাপন কৰি আহিছে। তাৰোপৰি আলিয়ে সাহিত্য একাডেমিৰ মঞ্চত আমন্ত্রণমর্মে গৱেষণা পত্রও পাঠ কৰিছে।
উল্লেখযোগ্য যে, 'উয়ে পোতা বলিশাল' উপন্যাসখন এম হাফিজ আলিৰ প্রথম প্রয়াস। ইতিহাসৰ এক সমুজ্জ্বল অধ্যায়ৰ উজ্জ্বল জ্যোতিষ্ক গৰীয়া ওজা পৰশু। গৰীয়া জনগোষ্ঠীৰ এগৰাকী মহীৰূহ। পৰশুৰ জীৱন গাঁথাই হৈছে এই উপন্যাসৰ বুনিয়াদ।
শৈক্ষিক জগতৰ সমান্তৰাল ভাৱে সমাজ জীৱনৰ সকলো কামতে আগভাগ লৈ হাফিজ আলিয়ে। ইতিমধ্যে তেওঁক বহু কেইটা বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁ লাভ কৰা বঁটাসমূহ হৈছে- ভাৰতীয় দলিত সাহিত্য পৰিষদৰ 'ড০ আম্বেদকাৰ ফেলশ্বিপ ৰাষ্ট্ৰীয় বঁটা'। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ 'চিনিয়ৰ ফেলম্বিপ'। দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা, অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা, আৰোহণ আৰ্টিছ গীল্ড গুৱাহাটীৰ পৰা 'আৰোহণ সাহিত্য ৰত্ন বঁটা', সদৌ অসম গৰীয়া যুবছাত্র পৰিষদৰ তৰফৰ 'কবি সাহিত্যিক এম. ইব্রাহিম আলি সোঁৱৰণি বঁটা, অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত সম্বন্ধিত হোৱাৰ উপৰিও প্রায় কুৰিটামান সামাজিক অনুষ্ঠানৰ দ্বাৰা সম্বদ্ধিত।
পাকিজা বেগমৰ সৈতে চিত্ৰগ্ৰহণ কৰি থকা মুহূৰ্তত হাফিজ আলি
উল্লেখযোগ্য যে, স্কুলীয়া দিনৰ পৰাই সংগীত চর্চা কৰি অহা আলি এগৰাকী অনাতাঁৰ-দূৰদৰ্শনৰ নিয়মীয়া জিকিৰ শিল্পী। অভিনয় জগততো আলিয়ে নৱম শ্রেণীত অধ্যয়নৰত অবস্থাতেই মাৰৈৰ ক্লাব জেচমিনে আয়োজন কৰা একাংক নাট প্রতিযোগিতাত জিলা ভিত্তিত শ্রেষ্ঠ অভিনেতা সম্মান লাভ কৰে। তাৰপিছত কলাইগাঁও সংগীত নাটকম, ক্লাব জেচমিন, 'উদাম্ব' নাট্যগোষ্ঠীৰ জৰিয়তে প্রায় কুৰিখনতকৈ অধিক নাটক পৰিচালনাৰ লগতে অভিনয়ো কৰে। ইয়াৰোপৰিও আজান ফকিৰ চাহেব, 'সাত নম্বৰৰ সন্ধানত' শীর্ষক অসমীয়া বোলছবিত অভিনয় কৰাৰ লগতে ধাৰাবাহিক শুভ বিবাহ, স্বপ্ন ভংগ (হিন্দী), ছুটি ছবি-কাগজৰ ঘৰ, বক্ষ্মী, কদম (হিন্দী) আদিত অভিনয় কৰে।
শিক্ষক দিৱসৰ কথা উল্লেখ কৰি শিক্ষক হাফিজ আলিয়ে কয়; "প্ৰতিবছৰে শিক্ষক দিৱসৰ দিনাখন মই মোৰ এগৰাকী গুৰুৰ গৃহলৈ যাওঁ। তেওঁ তেতিয়া বৰ আনন্দ পায়। আমাৰ পৰা হেৰাই যোৱা শিক্ষাগুৰুসকলকো মই ৰাতিপুৱাই শ্ৰদ্ধাঞ্জলি জনাওঁ। শিক্ষক দিৱস দিনটো মোৰ কাৰণে সকলোতকৈ উত্তম উৎসৱ।"