কেশৰ ব্যৱসায়ত মহিলাক জড়িত কৰিলে কাশ্মীৰৰ নৌছাবা জীলানীয়ে

Story by  atv | Posted by  Munni Begum • 20 h ago
নৌছাবা জীলানী
নৌছাবা জীলানী
 
পাম্পোৰ (জম্মু আৰু কাশ্মীৰ)     
 
কাশ্মীৰৰ 'কেশৰ ৰাণী' হিচাপে পৰিচিত নৌছাবা জীলানীয়ে মহিলা সবলীকৰণৰ লক্ষ্যৰে পৰম্পৰাগত শস্য কেশৰক বিশ্বব্যাপী  চাঞ্চল্যলৈ ৰূপান্তৰিত কৰিছে। বৰ্তমান তেওঁৰ কেশৰ ব্ৰেণ্ড 'নৌছে' ইউৰোপ আৰু মধ্যপ্ৰাচ্যলৈ ৰপ্তানি হৈ আহিছ।
 
জিলানীয়ে শ শ স্থানীয় মহিলাক কেশৰ চপোৱা, পেকেজিং আৰু গুণগত নিয়ন্ত্ৰণৰ কামত জড়িত কৰি কেশৰ খেতিক এক বহনক্ষম জীৱিকালৈ ৰূপান্তৰিত কৰিছে। তেওঁৰ ষ্টাৰ্টআপে গ্ল’বেল ই-কমাৰ্চ প্লেটফৰ্ম আৰু বিলাসী ৱেলনেছ ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰি কাশ্মীৰৰ কেশৰক পুনৰ বিশ্বব্যাপী মানচিত্ৰত স্থান দিছে।
 
এএনআইৰ সৈতে হোৱা এক বাৰ্তালাপত নৌছাবা জীলানীয়ে কয় যে, "আমি পাঁচ বছৰৰ বাবে চৌদি আৰবলৈ স্থানান্তৰিত হৈছিলো। সেই সময়তে কেশৰ ব্যৱসায়ৰ অৱনতি ঘটিছিল। মই পুনৰ উভতি আহি ইতিমধ্যে চলি থকা ব্যৱসায়টো এটা নতুন পৰিচয় দিয়াৰ কথা ভাবিলো। আমি এটা সমীক্ষা কৰিলোঁ আৰু  সমীক্ষাত জানিব পাৰিলো যে, মানুহে মিশ্ৰণৰ বিষয়ে বিশেষ নাজানে।"  
 
নৌছাবা জীলানীৰ স্বামী আফান বসু
 
নৌছাবাই কয় যে, আমাৰ এই প্ৰতিষ্ঠানটো ৬০০ কৃষকৰ নেটৱৰ্কেৰে জড়িত হৈ আছে। খেতি আৰু বীজ সিঁচাৰ কাম মহিলাসকলে সম্পন্ন কৰে, কাৰণ আমাৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে তেওঁলোকক শক্তিশালী কৰা। প্ৰথম অৱস্থাত তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰি নৌছাবাই কয় যে, মানুহৰ মাজত শিক্ষাৰ অভাৱ, কিয়নো তেওঁলোকে কাশ্মীৰী আৰু বিদেশী কেশৰৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰে।  
 
তেওঁ কয়, "আমাৰ ঘৰতে কেশৰ উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ কৰা হয়। গতিকে গুণগত নিয়ন্ত্ৰণৰ কাম আমাৰ হাততে আছে, গতিকে আমি নিশ্চিত কৰোঁ যে, যাতে আমি উৎকৃষ্ট মানৰ কেশৰ দিওঁ। সমীক্ষাত কৃষকসকলে কয় যে, তেওঁলোকৰ আৰ্থিক লাভ ব্যৱসায়ত অন্তৰ্ভুক্ত নহয়। আমি প্ৰক্ৰিয়াটো কৃষকসকলক দেখুৱাব বিচাৰিছিলো, যাতে তেওঁলোকে তেওঁলোকৰ ধনৰ পৰাই লাভাম্বিত হব পাৰে।"  
 
তেখেতে কয় যে, "আমি বিচাৰো যে, কেশৰ খেতি আৰু প্ৰক্ৰিয়া কৰা মহিলাসকলে নিজকে শক্তিশালী অনুভৱ কৰক আৰু এটা সম্প্ৰদায় গঢ়ি তোলক। আমাৰ মৌলিক দৃষ্টিভংগী হৈছে অধিক কেশৰ খেতি কৰা, আমি ইয়াক আগুৱাই নিব বিচাৰো আৰু আমি অধিক মহিলাই যোগদান কৰাটো বিচাৰো।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
সৰু যুৱতীসকলক বাৰ্তা দি জীলানীয়ে কয়, "আজি যুৱতীসকল সাহসী আৰু মনোনিৱেশকাৰী। মই তেওঁলোকক ক'ব বিচাৰিম, তেওঁলোকে যি বিচাৰে তাকে কৰক আৰু কিন্তু প্ৰথমে পদক্ষেপ লওঁক। প্ৰক্ৰিয়াটোত প্ৰৱেশ কৰাৰ লগে লগে আপুনি নিজেই বিকশিত হ'ব... যুৱতীসকল নিৰ্ভীক হওক।"  
 
জীলানীৰ স্বামী আফান বসুৱে এএনআইক কয়, "মই মোৰ পত্নীক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আমাৰ পৰিয়ালত এগৰাকী মহিলাই কেশৰৰ কাম নিয়ন্ত্ৰণ কৰি আছিল। আমাৰ ব্যৱসায়ৰ সমান্তৰালভাৱে আমি বিচাৰিছিলো যে, মহিলাৰ নেতৃত্বত, মহিলা সৱলীকৰণৰ ব্যৱসায় এটাও হওঁক। কাশ্মীৰৰ সংস্কৃতিত মহিলাসকল পুৰুষৰ সমানে মুকলি নহয়, গতিকে আমি এখন শক্তিশালী মহিলাৰ সমাজ গঢ়ি তুলিব বিচাৰিছিলো আৰু উৰ্দ্ধৰ পৰা নিম্নলৈ স্বচ্ছ হৈ থকাটো বিচাৰিছিলো।"  
 
বাসু বি আই টি এছ পিলানীৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁ নিজকে “ছয় দশকৰ অভিজ্ঞতা থকা মুখ্য কৃষক” বুলি পৰিচয় দিয়ে। কাশ্মীৰৰ ব্ৰেণ্ড নিৰ্মাণৰ সন্দৰ্ভত বাসুৱে কয়, "ভাৰতত বহুতো ব্ৰেণ্ড আছে, যিয়ে বিদেশী কেশৰ বিক্ৰী কৰে। কিন্তু ইয়াত আমাৰ জি আই টেগও আছে। যদি আপুনি কাশ্মীৰৰ পৰা ওলাই গৈ কেশৰ বিচাৰে, তেন্তে তেওঁলোকে এনে ব্ৰেণ্ডৰ নাম কব, যিটো কাশ্মীৰৰ নহয়। কিন্তু আপেল আৰু আখৰোটৰ দৰে কেশৰো আমাৰ অন্যতম এক পৰিচয়।"