দেশৰ শিক্ষাৰ্থীৰ আত্মহত্যা ৰোধৰ পদক্ষেপ; শিক্ষানুষ্ঠান-হোষ্টেললৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা
নতুন দিল্লী
শিক্ষানুষ্ঠানসমূহত দিনক-দিনে বৃদ্ধি পোৱা শিক্ষার্থীৰ আত্মহত্যাৰ ঘটনা ৰোধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে কিছুমান নির্দেশাবলী। স্কুল, কলেজ, বিশ্ববিদ্যালয়, ক'চিং চেণ্টাৰ, প্রশিক্ষণ একাডেমী, হোষ্টেল আদিক উদ্দেশ্যি ছুপ্রিম ক'র্টে ১৫ টা জৰুৰী কৰণীয় নির্দেশিকা দিছে। আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰা ন্যায়ালয়ৰ মতে বিশাল পাঠসূচী আৰু পৰীক্ষাৰ তীব্র চাপ চম্ভালিব নোৱাৰিয়ে ছাত্র-ছাত্রীসকলে আত্মহত্যা কৰে।
অধিক ক্ষেত্রত শিক্ষানুষ্ঠান তথা কর্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ লগত সহযোগিতা আগনবঢ়ায়। এনে পৰিস্থিতিৰ বাবেই ছুপ্রিম ক'র্টে এই 'গাইডলাইন 'সমূহ বাধ্যতামূলক বুলি ঘোষণা কৰিছে। এই নির্দেশিকা অনুযায়ী এতিয়াৰ পৰা শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ কাউন্সেলিং হ'ব বাধ্যতামূলক। সকলো শিক্ষা প্রতিষ্ঠানতে সক্রিয় কৰি ৰাখিব লাগিব অভিযোগ গ্রহণ আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিযুক্তি দিব লাগিব পৰামৰ্শদাতা (মেণ্টৰ বা কাউন্সেলৰ)। বিশেষকৈ পৰীক্ষাৰ সময় আৰু প্রতিষ্ঠানত নতুন পাঠ্যক্ৰম আৰম্ভ হোৱাৰ সময়ত এই পৰামৰ্শদাতাসকলে কাম কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীক সহায় কৰিব লাগিব।
ন্যায়ালয়ৰ মতে ক্রমবর্ধিত আত্মহত্যাৰ ঘটনা বৃদ্ধি হৈছে পদ্ধতিগত ব্যর্থতা যিটোক উপেক্ষা কৰিব পৰা নাযায়। উল্লেখনীয় যে ন্যায়াধীশ বিক্রম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কালি নির্দেশিকা জাৰি কৰি কয়- শিক্ষানুষ্ঠানসমূহৰ যিসমূহত এশতকৈ অধিক ছাত্র-ছাত্রী আছে সেইসমূহত অতি কমেও এজনকৈ মনোবিজ্ঞানী, কাউন্সেলৰ অথবা সমাজকর্মী নিযুক্তি দিব লাগিব। তদুপৰি আত্মহত্যা প্ৰতিৰোধ হেল্পলাইন নম্বৰ প্ৰৱৰ্তন কৰিব লাগিব চৌহদ আৰু হোষ্টেলত। এইবোৰৰ বিষয়ে ৱেবছাইটসমূহত আপলোড কৰিব লাগিব। শিক্ষানুষ্ঠানৰ কৰ্মীসকলৰো বছৰি দুবাৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰাব লাগিব।
আত্মহত্যাৰ সম্ভাৱনা হ্রাস কৰিবৰ বাবে আবাসিক শিক্ষানুষ্ঠানে হোষ্টেলসমূহত টেম্পাৰ-প্রুফ চিলিং ফেন স্থাপন কৰিব লাগিব আৰু ছাদ, বাৰাণ্ডাত প্ৰৱেশাধিকাৰ সীমিত কৰিব লাগিব। স্মৰণীয় যে ২০২৩ চনৰ জুলাই মাহত বিশাখাপট্টনমত এগৰাকী নীট পৰীক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনাক লৈ ৰুজু হৈছিল এটা গোচৰ। এই গোচৰৰ শুনানিকালতে বিচাৰপীঠে কালি নির্দেশিকা জাৰি কৰে। আকাশ বাইদুছ ইনষ্টিটিউটত মেডিকেল প্রৱেশিকা পৰীক্ষাৰ প্ৰস্তুতি চলা কালত ১৭ বছৰ বয়সীয়া পৰীক্ষাৰ্থীগৰাকীয়ে আত্মহত্যা কৰিছিল। শিক্ষার্থীগৰাকীৰ পিতৃৰ আবেদনৰ ভিত্তিত এই গোচৰৰ তদন্ত দিয়া হৈছিল চি বি আইক আৰু লগতে অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ে দিয়া এটা নিৰ্দেশ খাৰিজ কৰিছিল। উচ্চতম ন্যায়ালয়ে কয়- ভাৰতৰ তৰুণসকলৰ মাজৰ হতাশাই দেশৰ শিক্ষা ব্যৱস্থাৰ কাঠামোগত অস্থিৰতাৰ ইংগিত দিয়ে।
উল্লেখনীয় যে এন চি আৰ টিৰ মতে ২০২২ চনত ভাৰতত ১,৭০,৯২৪ টা আত্মহত্যাৰ ঘটনা ঘটিছিল। ইয়াৰে মাজৰ ১৩,০৪৪ গৰাকী আছিল শিক্ষার্থী। ইয়াৰে মাজৰ ২,২০০ গৰাকীতকৈ অধিকে আত্মহত্যা কৰাৰ কাৰণ আছিল পৰীক্ষাত ব্যর্থতা।