উদ্যমী তথা মানৱদৰদী যুৱক চফিক আহমেদে ৰক্তদান সন্দৰ্ভত নৱ প্ৰজন্মক কয় যে কিছুমান যুৱকৰ মনত ভ্ৰান্ত ধাৰণা আছে যে ৰক্তদান কৰিলে শৰীৰ দূৰ্বল হৈ যায়, দেহৰ ক্ষতি হয়। কিন্তু সেয়া ভুল ধাৰণা। চৰকাৰী হিচাপ মতে তেওঁ বৰ্তমানলৈ ৩০ বাৰৰো অধিক ৰক্তদান কৰিছে। কিন্তু আজিলৈ শৰীৰত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই অথবা কোনো ক্ষতি হোৱা নাই। ৰক্তদান কৰাৰ পাছত মনত এক প্ৰশান্তিহে আহে। মনত এক স্ফূৰ্তি জাগি উঠে। বিপদত পৰা মানুহক সকলোৱে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান অনুসৰি ভাৰতত সৃষ্টি হোৱা ৰক্তাদানৰ চাহিদা পূৰণৰ বাবে দেশৰ প্ৰায় এক শতাংশ জনসংখ্যাই নিয়মিতভাৱে ৰক্তদান কৰাটো প্ৰয়োজন। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতত তেজৰ প্ৰয়োজনীয়তা হৈছে প্ৰায় ১ কোটি ৩১ লাখ ইউনিট।
A single drop of blood can bring a ray of hope to someone's life. This #WorldBloodDonorDay, I urge everyone to donate blood and spread the joy of life to innumerable faces. pic.twitter.com/2wmavOqdff