কুখ্যাত অঞ্চলৰ নতুন পৰিচয়ঃ UPSC-ত উজলিল মেৱাটৰ ইনশ্বা আৰু শ্বাহৰুখ

Story by  atv | Posted by  Munni Begum • 1 h ago
 UPSC-ত উজলিল মেৱাটৰ ইনশ্বা আৰু শ্বাহৰুখ
UPSC-ত উজলিল মেৱাটৰ ইনশ্বা আৰু শ্বাহৰুখ
 
ইউনুছ আলভী, নুহ / কামা (হাৰিয়ানা-ৰাজস্থান)
 
"সেই দিনবোৰ আজি আৰু নাই, যি সময়ত খলিল খানে কপৌ চৰাই উৰুৱাইছিল"— এই পুৰণি কথাষাৰ এতিয়া হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী মেৱাট অঞ্চলৰ ক্ষেত্ৰত সঁচাকৈয়ে প্ৰযোজ্য হোৱা যেন লাগিছে। যিটো অঞ্চল এদিন সোণৰ জালিয়াতি, গো-হত্যা আৰু চাইবাৰ অপৰাধৰ বাবে কুখ্যাত আছিল, আজি সময়ৰ লগে লগে সেই অঞ্চলে নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰিছে। এতিয়া মেৱাটৰ মাটিৰ পৰা অপৰাধৰ বাতৰি কম আৰু সফলতাৰ জয়গানহে বেছিকৈ শুনিবলৈ পোৱা গৈছে। ইয়াৰ যুৱপ্ৰজন্ম শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে আৰু দেশৰ সৰ্বোচ্চ প্ৰশাসনিক বিষয়াসকলৰ মাজৰ এজন হোৱাৰ সপোন দেখিবলৈ লৈছে।
 
ইউ পি এছ চি (UPSC) ২০২৫-ৰ ফলাফলে এই পৰিৱৰ্তনক নিশ্চিত কৰিছে। সমগ্ৰ দেশৰ ভিতৰতে সফলতা অৰ্জন কৰা ৫৩ গৰাকী মুছলমান যুৱকৰ ভিতৰত দুজন— ইনশ্বা খান আৰু শ্বাহৰুখ খান মেৱাটৰ সন্তান। এই সফলতা কেৱল মাত্ৰ এটা পদবী লাভ কৰাই নহয়, বৰঞ্চ দশক দশক ধৰি এই অঞ্চলটোৰ গাত লাগি থকা নেতিবাচক দাগ মচি পেলোৱাৰ এক প্ৰয়াসো।
 
 
নুহৰ জ্যেষ্ঠ অধিবক্তা নুৰুদ্দিন নুৰে কয়, "এই পৰিৱৰ্তন মেৱাটৰ বাবে এক অতি ইতিবাচক লক্ষণ। এতিয়ালৈকে ইয়াৰ পৰা কেৱল ডাক্তৰ আৰু ইঞ্জিনীয়াৰ হোৱাৰ খবৰহে আহিছিল, কিন্তু প্ৰশাসনিক সেৱাত লাভ কৰা এই সফলতাই এক নতুন বিপ্লৱৰ সূচনা কৰিছে।"
 
ইনশ্বা খানৰ কাহিনী 
 
ইনশ্বা খানৰ কাহিনী সংগ্ৰাম আৰু সাহসৰ এক উৎকৃষ্ট নিদৰ্শন। মেৱাটৰ কামাঁ জিলাৰ টায়ৰা গাঁৱৰ বাসিন্দা ইনশ্বাই ইউ পি এছ চিত ৬৭৮ সংখ্যক স্থান লাভ কৰিছে। ইয়াৰ আঁৰত লুকাই আছে পাঁচবাৰৰ বিফলতা আৰু ষষ্ঠবাৰৰ অটল বিশ্বাস। ২০১২ চনত তেওঁ ফিৰোজপুৰ ঝিৰকাৰ আৰাৱলী পাব্লিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰে আৰু তাৰ পিছত কুৰুক্ষেত্ৰৰ এন আই টি (NIT) মহাবিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰীঙৰ ডিগ্ৰী লাভ কৰে।
 
পঢ়া-শুনা শেষ কৰাৰ পিছত তেওঁ টাটা (Tata)ৰ দৰে ডাঙৰ কোম্পানীত চাকৰিৰ প্ৰস্তাৱ পাইছিল। দৰমহাৰ পেকেজো আছিল লাখ লাখ টকাৰ, কিন্তু ইনশ্বাই সেয়া প্ৰত্যাখ্যান কৰি ইউ পি এছ চিৰ প্ৰস্তুতিত নামি পৰে। কেইবাবাৰো মেইনছ (Mains) পৰীক্ষালৈকে গৈছিল, কেইবাবাৰো ইণ্টাৰভিউৰ দুৱাৰদলিৰ পৰা উভতি আহিবলগীয়া হৈছিল, কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাছিল। আজি যেতিয়া তেওঁ সফল হৈছে, তেতিয়া সমগ্ৰ গাঁওখনেই আনন্দত মতলীয়া হৈ পৰিছে।
 
ইনশ্বাই তেওঁৰ সফলতাৰ কৃতিত্ব পিতৃ-মাতৃ আৰু ককায়েক চি এ মু্খতিয়াৰ আহমেদক দিয়ে। তেওঁৰ মতে, তেওঁ কোনো মেধাৱী বা অসাধাৰণ ছাত্ৰ নাছিল, বৰঞ্চ এজন সাধাৰণ ছাত্ৰহে আছিল। তেওঁ বিশ্বাস কৰে যে যদি এখন সাধাৰণ গাঁৱৰ ল'ৰাই এই স্থান পাব পাৰে, তেন্তে কঠোৰ পৰিশ্ৰম কৰা যিকোনো ব্যক্তিয়েই এই সফলতা লাভ কৰিব পাৰে।
 
ইনশ্বাৰ সফলতাৰ আঁৰত তেওঁৰ পিতৃ উছমান খানৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ কাহিনীও নিহিত হৈ আছে। ল'ৰা-ছোৱালীক পঢ়ুৱাবৰ বাবে তেওঁ প্ৰায় ৩৭ বছৰ ধৰি গাখীৰ বিক্ৰী কৰা কাম কৰিছিল আৰু দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিছিল। আজি যেতিয়া পুত্ৰ এজন বিষয়া হ'ল, তেতিয়া তেওঁৰ দুচকু আনন্দৰ চকুলোৰে উপচি পৰিছে।
 
ইনশ্বা খান তেওঁৰ পৰিয়ালৰ সৈতে
 
তেওঁ কয় যে এয়া কেৱল কঠোৰ পৰিশ্ৰমৰ ফল নহয়, বৰঞ্চ সজ উপায়েৰে ঘটা ধন আৰু সমাজৰ আশীৰ্বাদৰ ফল। ইনশ্বাৰ মাতৃয়েও সেই সময়ৰ কথা সোঁৱৰে, যেতিয়া তেওঁ সৰু পুত্ৰক ষষ্ঠ শ্ৰেণীতেই হোষ্টেললৈ পঠিয়াইছিল। তেওঁ জনায় যে ল'ৰাটোৱে যাতে ভাল শিক্ষা পায় তাৰ বাবে বুকুত শিল থৈ তাক আঁতৰাই পঠিয়াইছিল। আজি সেই একেজন পুত্ৰয়েই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
শ্বাহৰুখ খানৰ কাহিনী
 
মেৱাটৰ দ্বিতীয়টো সফলতা হৈছে পালৱাল জিলাৰ উটাৱড় গাঁৱৰ শ্বাহৰুখ খানৰ কাহিনী। তেওঁ ইউ পি এছ চিত ৫৭৫ সংখ্যক স্থান লাভ কৰিছে। তেওঁৰ পিতৃ মহম্মদ তাহিৰে প্ৰায়ে সপোন দেখিছিল যে তেওঁৰ কোনোবা এজন পুত্ৰ ডাঙৰ চৰকাৰী বিষয়া হ’ব, কিন্তু পিতৃয়ে এই সফলতা চাবলৈ জীয়াই নাথাকিল।
 
সাত মাহৰ পূৰ্বে তেওঁৰ মৃত্যু হয়। শ্বাহৰুখে দেউতাকৰ সেই সপোন নিজৰ দুচকুত সামৰি লৈ দ্বিতীয়টো প্ৰচেষ্টাতে সফলতা অৰ্জন কৰে। তেওঁৰ প্ৰাথমিক শিক্ষা গাঁৱৰে ছেইণ্ট জন স্কুলত হৈছিল আৰু তাৰ পিছত পালৱাল আৰু দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত তেওঁ নিজৰ পঢ়া-শুনা সম্পূৰ্ণ কৰে। জামিয়াৰ আৱাসিক ক'চিং চেণ্টাৰত দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিছিল। চাৰিজন ককাই-ভায়েকৰ ভিতৰত তৃতীয় নম্বৰৰ শ্বাহৰুখৰ এই সফলতাই সমগ্ৰ জিলাখনতে আনন্দৰ বন্যা বোৱাই আনিছে। নুহ আৰু হাথিনৰ স্থানীয় বিধায়কেও ইয়াক মেৱাটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে।
 
গ্ৰামাঞ্চলত সম্পদৰ অভাৱ সদায়ে থাকে, কিন্তু দৃঢ় ইচ্ছা শক্তি থাকিলে ৰাস্তা আপোনা-আপুনি ওলাই পৰে। শ্বাহৰুখৰ সফলতাই প্ৰমাণ কৰি দিলে যে মেৱাটৰ যুৱপ্ৰজন্ম এতিয়া পথভ্ৰষ্ট হ'বলৈ নহয়, বৰঞ্চ দেশ চলাবলৈহে সাজু হৈছে। সমাজকৰ্মী ৱাছিম আক্ৰামে কয় যে মেৱাট সলনি হৈছে আৰু এতিয়া ইয়াক কেৱল অপৰাধ আৰু বেয়া দৃষ্টিৰে চোৱা উচিত নহয়।
 
শ্বাহৰুখ খান তেওঁৰ পিতৃ মহম্মদ তাহিৰ আৰু মাতৃৰ সৈতে
 
ইনশ্বা আৰু শ্বাহৰুখৰ বিজয় কেৱল তেওঁলোকৰ পৰিয়ালৰেই সফলতা নহয়, বৰঞ্চ এয়া শিক্ষা আৰু পৰিশ্ৰমক আটাইতকৈ ডাঙৰ অস্ত্ৰ বুলি ভবা সমাজখনৰো জয়। মেৱাটে অনগ্ৰসৰতাৰ শিকলি ছিঙিবলৈ আৰম্ভ কৰিছে। সম্পদৰ অভাৱ বুলি কান্দি থকা সেই সকলো যুৱকৰ বাবে এই সফলতাই এক নিদৰ্শন দাঙি ধৰিছে।
 
আজি নুহ, কামাঁ, ডিগ আৰু পালৱালৰ গাঁওবোৰত কোনে কি অপৰাধ কৰিলে সেই লৈ চৰ্চা নহয়, বৰঞ্চ পৰৱৰ্তী উপায়ুক্ত (কালেক্টৰ) বা এছ পি আমাৰ মাজৰ পৰা কোন হ'ব তাক লৈহে আলোচনা হয়। মেৱাট এতিয়া চাইবাৰ প্ৰৱঞ্চনা আৰু অপৰাধৰ জগতৰ পৰা ওলাই আহি কিতাপ আৰু শিক্ষাৰ জৰিয়তে নিজৰ ভৱিষ্যতৰ সন্ধান কৰিছে।
 
ইনশ্বা আৰু শ্বাহৰুখৰ এই কাহিনীয়ে প্ৰমাণ কৰে যে যদি মনৰ জোৰ দৃঢ় হয় আৰু নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত থাকে, তেন্তে কোনো অঞ্চল যিমানেই পিছপৰা বা বদনাম নহওক কিয়, তাৰ পৰাও দেশৰ বাবে সক্ষম আৰু সফল বিষয়া ওলাই আহিব পাৰে। মেৱাট এতিয়া কেৱল নিজৰ অতীতৰ বাবেই নহয়, বৰঞ্চ এক উজ্জ্বল ভৱিষ্যতৰ বাবেহে পৰিচিত হ'ব।