জম্মুৰ পুঞ্চত পাকিস্তানী সেনাৰ গোলাবৰ্ষণত নিহত হোৱাসকলৰ ভিতৰত আছে জৈন আৰু জোয়া নামৰ এহাল ভাতৃ-ভগ্নী
পুঞ্চ (জম্মু)
পাকিস্তান সেনাৰ গোলাবৰ্ষণে জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ অসামৰিক অঞ্চলত প্ৰায় ১২ জন সাধাৰণ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে অঞ্চলটোৰ বিপুল ক্ষতিসাধন কৰিছে। জিলাখনৰ শ্ৰী গুৰু সিং সভা গুৰুদ্বাৰাৰ এটা চুকত গুলীচালনা হয় বুলি জিলা গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ সভাপতি নৰিন্দৰ সিঙে জানিবলৈ দিয়ে।
তেওঁ কয় যে পাকিস্তান সেনাৰ গুলীয়ে গীতা ভৱন আৰু মছজিদতো আঘাত হানে, যাৰ ফলত মছজিদত এজন শিক্ষকৰ মৃত্যু হয়। নৰিন্দৰ সিঙে নিজে প্ৰস্তুত কৰা এটা ভিডিঅ’ত কয়, ‘আমাৰ চুবুৰীয়া দেশখনৰ একেবাৰেই কোনো জ্ঞান নাই, তেওঁলোকে সাধাৰণ নাগৰিকৰ ওপৰত বৰ্বৰভাৱে আক্রমণ কৰিছে৷'
তেওঁ জম্মু-কাশ্মীৰ চৰকাৰ আৰু কেন্দ্ৰক পৰিস্থিতিৰ উন্নতি সাধনৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে। নৰিন্দৰ সিঙে কয় যে স্থানীয় লোকসকল আতংকিত হৈ পৰিছে আৰু বহুতেই নিজৰ বাসগৃহ এৰি গৈছে।
“সীমান্তৰ সীপাৰৰ পৰা হৈ থকা গোলাবৰ্ষণৰ ফলত পুঞ্চ জিলাত প্ৰায় ১২ জন লোকৰ মৃত্যু হৈছে। পুঞ্চ প্ৰপাৰত শিখ সম্প্ৰদায়ৰ পাঁচজন আৰু বাকী মুছলমান সম্প্ৰদায়ৰ লোকৰ মৃত্যু হৈছে। আমাৰ গুৰুদ্বাৰা শ্ৰী গুৰু সিং সভাৰ এটা কোণত গুলী-বাৰুদৰ খুন্দাত দুৱাৰ-খিৰিকিসমূহ ছিন্নভিন্ন হৈ পৰিছে। যিহেতু ই এক জনবহুল অঞ্চল, গতিকে এটা গুলীয়ে (shells) গীতা ভৱনত আঘাত কৰিছে আৰু এটা গুলীয়ে মছজিদত আঘাত কৰিছে, যাৰ ফলত মছজিদটোৰ এজন শিক্ষকৰ মৃত্যু হৈছে।"- নৰিন্দৰ সিঙে কয়।
ইয়াৰ পূৰ্বে শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদলে পুঞ্চৰ কেন্দ্ৰীয় গুৰদ্বাৰা শ্ৰী গুৰু সিং সভা চাহাবত পাকিস্তানী বাহিনীৰ অমানৱীয় আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। এই অমানৱীয় আক্ৰমণক গৰিহণা দি বাদলে কয় যে পাক সেনাৰ আক্ৰমণত তিনিজন শিখে প্ৰাণ হেৰুৱাইছে। বাদলৰ কাৰ্যালয়ৰ পৰা জানিব পৰা মতে, নিহত দুজনক অমৰিক সিং জী, ভাই অমৰজীত সিং আৰু ৰঞ্জিত সিং বুলি চিনাক্ত কৰা হৈছে।
শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি এছ এ ডি নেতাগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালসমূহক সহায়ৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰণৰ দাবী জনায়। ‘পুঞ্চৰ কেন্দ্ৰীয় গুৰদ্বাৰা শ্ৰী গুৰু সিং সভা চাহাবত পাকিস্তানী বাহিনীয়ে কৰা অমানৱীয় আক্ৰমণত তীব্ৰ গৰিহণা দিছো, য’ত ভাই অমৰিক সিং জী, ভাই অমৰজীত সিং আৰু ভাই ৰঞ্জিত সিংকে ধৰি তিনিজন নিৰীহ গুৰশিখে প্ৰাণ হেৰুৱাইছে। শিৰোমণি আকালি দলে মৃত গুৰশিখসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ লগতে মৃতসকলৰ আত্মাৰ শান্তি আৰু তেওঁলোকৰ বন্ধু-বান্ধৱী আৰু আপোনজনৰ বাবে সাহসৰ বাবে প্ৰাৰ্থনা জনাইছে।’-এক্সত এক পোষ্টযোগে তেওঁ এইদৰে কয়।
"শ্বহীদসকলক তেওঁলোকৰ ত্যাগৰ বাবে সন্মান জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহে তেওঁলোকৰ শোকৰ সময়ত সহায় কৰিবলৈ পৰ্যাপ্ত ক্ষতিপূৰণ লাভ কৰিবলৈ আমি দাবী জনাইছো। শিখসকল সদায় দেশৰ হৈ যুঁজি আহিছে, আৰু সদায় যুঁজি থাকিব।আমি আমাৰ সশস্ত্ৰ বাহিনীৰ সৈতে দৃঢ়তাৰে থিয় দি আছো। যদিও শিৰোমণি আকালি দল আৰু আমাৰ দেশ শান্তিৰ পক্ষত থিয় দিছে, আমাৰ সন্মানক যদি শত্ৰুৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হয়, তেন্তে আমাৰ দেশপ্ৰেমমূলক কৰ্তব্য পালন কৰিবলৈ আমাক কোনো সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই।"-বাদলে লগতে কয়।
উল্লেখ্য যে, অপাৰেচন সেন্দুৰৰ পিছত বুধবাৰেও জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি পাকিস্তান সেনাই যুদ্ধবিৰতি উলংঘাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। ভাৰতীয় বিষয়াসকলে জনোৱা মতে, গোলাবৰ্ষণত গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়। দৃশ্যসমূহত দেখা গৈছে যে ক্ষতিগ্ৰস্ত অসামৰিক আন্তঃগাঁথনি, খিৰিকীৰ কাঁচ ছিন্নভিন্ন, ফাটি যোৱা দেৱাল, গাঁৱৰ পথবোৰত ধ্বংসাৱশেষ সিঁচৰতি হৈ থকা দেখা গৈছে।
ইফালে, সীমান্তৱৰ্তী অঞ্চলসমূহৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সেন্দুৰত নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি নতুন ইতিহাস ৰচনা কৰে আৰু পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আন্তঃগাঁথনি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে।
ছয়খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত সীমান্ত পথ সংস্থাৰ ৫০টা আন্তঃগাঁথনি প্ৰকল্প উদ্বোধনৰ অনুষ্ঠানত ভাষণ দি ৰাজনাথ সিঙে কয় যে সশস্ত্ৰ বাহিনীয়ে নিজৰ কাৰ্য্যৰ সময়ত যাতে অসামৰিক জনসাধাৰণক প্ৰভাৱিত নকৰে তাৰ প্ৰতি সংবেদনশীলতা প্ৰদৰ্শন কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।