নতুন দিল্লী
পাকিস্তানত সাহসেৰে আক্ৰমণ কৰি ৯টা সন্ত্ৰাসবাদী ঘাটি আৰু লঞ্চিং পেডত সঠিকভাৱে আঘাত হনা ভাৰতৰ 'অপাৰেচন সেন্দুৰ'-এ বিশ্বক দেখুৱাইছে যে ভাৰতৰ বৈচিত্ৰ্যতা অত্যন্ত গভীৰ আৰু ই প্ৰাণৱন্ত। ভাৰতত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাৰ তিনি দশকৰ দীঘলীয়া ইতিহাস থকা পাকিস্তানৰ বিৰুদ্ধে সশস্ত্ৰ বাহিনী আৰু চৰকাৰক সমৰ্থন কৰিবলৈ সকলো ভাৰতীয়ই এক হৈ থিয় হৈছে।
একে সময়তে পহলগাম হত্যাকাণ্ডত ২৬ জন ভাৰতীয়ৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ সময়তো ভাৰতৰ সকলো জাতি-ধৰ্মৰ লোকে একেলগে গৌৰৱ অনুভৱ কৰিছে। শিখসকলে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়া চীফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙৰ বাবে উল্লাস প্ৰদৰ্শন কৰে, যিগৰাকী শিখ সন্তানে পাকিস্তানৰ ভিতৰৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁক লৈ শিখসকল আজি গৌৰৱান্বিত।
অৱশ্যে আটাইতকৈ ডাঙৰ উল্লাসৰ কাৰণটো আছিল দুগৰাকী মহিলা সামৰিক বিষয়া ক্ৰমে লেফটেনেণ্ট কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু বায়ু সেনাৰ উইয়িং কামাণ্ডাৰ ভূমিকা সিঙক লৈ। তেওঁলোকে বুধবাৰে দিনৰ ভাগত সংবাদ মাধ্যমক অপাৰেচন সেন্দুৰৰ বিষয়ে সবিশেষ নিখুঁত আৰু পেছাদাৰী সূক্ষ্মতাৰে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰে।
ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰ্মৰ দুগৰাকী মহিলাই দেশৰ হৈ কথা কোৱা, বিশ্বৰ সৈতে যোগাযোগ কৰা ঘটনাই ভাৰতীয় সংখ্যালঘুৰ বিষয়ে বিভিন্ন অপপ্ৰচাৰ চলাই থকা পাকিস্তানী প্ৰচাৰকসকলৰ হৃদয়ত প্ৰচণ্ড আঘাত হানে।
দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক ড০ চৈয়দ মুবিন জেহৰাই আৱাজ দ্য ভইচৰ আগত কয়, "নাৰী শক্তিৰ এই প্ৰেছ ব্রিফিং কেৱল তথ্যসমৃদ্ধই নহয়, ইয়াৰ পৰা দেখা যায় যে আমাৰ কন্যাসকলে এতিয়া কেৱল সীমান্তৰ নিৰাপত্তাৰ ক্ষেত্ৰতে নহয়, কৌশলগত পৰিকল্পনা আৰু ৰাজহুৱা আলোচনাতো আগভাগ লৈছে।"
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা "অপাৰেচন সেন্দুৰ" নামটোৱেও এক মৰ্মান্তিক আৰু গভীৰ অৰ্থ বহন কৰিছে। সন্ত্ৰাসবাদৰ বাবে বিধৱা হোৱা সেই সাহসী মহিলাসকলৰ স্মৃতিত ভাৰত চৰকাৰে এই অভিযানৰ নাম ৰাখে এপাৰেচন সেন্দুৰ। তেওঁলোকৰ প্ৰতি ই আছিল এক আৱেগিক শ্ৰদ্ধাঞ্জলি।"
ড° জেহৰাই আৰু কয়, "এই অভিযানে ভাৰতৰ সামৰিক নীতিৰ স্পষ্ট পৰিৱৰ্তনৰ ইংগিত দিয়ে যে সন্ত্ৰাসবাদৰ উত্তৰ এতিয়া সীমিত নহয়, বৰঞ্চ নিৰ্ণায়ক হ'বলৈ গৈ আছে।" পাকিস্তানে বুজিব লাগিব যে ইয়াৰ সেনাৰ স্থান শাসন ব্যৱস্থাত নহয়, বেৰেকতহে। যেতিয়ালৈকে তাত থকা সামৰিক শাসনে নাগৰিক ব্যৱস্থাক চেপি ধৰিব তেতিয়ালৈকে ইয়াৰ জনসাধাৰণে শান্তি দেখা নাপাব।