কবৰস্থানলৈ যোৱা পথৰ বাবে মাটি দান কৰিলে শিখ সম্প্ৰদায়ৰ পুষবিন্দৰ সিঙে

Story by  atv | Posted by  [email protected] • 4 h ago
চৰকাৰী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ কৰ্মী, প্ৰাক্তন ট্ৰেড ইউনিয়ন নেতা পুষবিন্দৰ সিং
চৰকাৰী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ কৰ্মী, প্ৰাক্তন ট্ৰেড ইউনিয়ন নেতা পুষবিন্দৰ সিং
 
এহছান ফাজিলি / শ্ৰীনগৰ

মুছলমানসকলৰ প্ৰতি সদিচ্ছাৰ দৃষ্টিভংগী আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ শিখ সম্প্ৰদায়ৰ এজন লোকে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালৰ চাইমোহ গাঁৱত স্থানীয় কবৰস্থানলৈ যোৱাৰ পথৰ বাবে নিজৰ মাটি দান কৰিছে। চৰকাৰী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ কৰ্মী, প্ৰাক্তন ট্ৰেড ইউনিয়ন নেতা পুষবিন্দৰ সিঙে শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত ট্ৰাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মুছলমানসকলৰ ভোট বিচাৰিছিল আৰু সকলো সম্প্ৰদায়ৰ জনসাধাৰণৰ সেৱা কৰাৰ প্ৰস্তাৱ দিছিল।
 
পুষবিন্দৰ সিঙে 'আৱাজ-দ্য ভইচ'ক কয়, “গাঁওখনৰ শ্বেখ মহল্লাত অৱস্থিত এখন কবৰস্থানৰ সঠিক প্ৰৱেশ পথৰ অভাৱে জনসাধাৰণৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। ইয়াত প্ৰৱেশ পথৰ প্ৰয়োজনীয়তাৰ বিষয়ে যথেষ্ট দিন ধৰি আলোচনা চলি আছিল। দুবাৰকৈ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা কবৰস্থানৰ কাষতে থকা মোৰ পুৰণি ঘৰৰ চোতালৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।”
 
উল্লেখ্য যে, যুগ যুগ ধৰি পুষবিন্দৰ সিঙৰ পৰিয়ালটোৱে ছাইমোহ গাঁৱত বসবাস কৰি আহিছে। কবৰস্থানৰ চাৰিওফালে উপলব্ধ সকলো মাটি নিজ নিজ মালিকে বেৰ দিছিল আৰু কবৰস্থানলৈ যোৱাৰ কোনো বাট নাছিল বুলি শিখ নেতাজনে কয়। জিলা প্ৰশাসন আৰু স্থানীয় কৰ্তৃপক্ষই বিচাৰি নাপালেও সমস্যাটোৰ স্থায়ী সমাধান হ’ব লাগে বুলি তেওঁ অনুভৱ কৰিছিল।
“তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ পুৰণি ঘৰৰ সন্মুখৰ কিছু মাটি কবৰস্থানলৈ যোৱাৰ পথ বনাবলৈ দান কৰাৰ সিদ্ধান্ত লৈছিলো। বৰ্তমান পৰিস্থিতিত এয়া সকলোৰে বাবে গ্ৰহণযোগ্য একমাত্ৰ সমাধান বুলি মই অনুভৱ কৰিছো।”, তেওঁ কয়। 
 
পৰৱৰ্তী সময়ত স্থানীয় প্ৰশাসনে এই পথছোৱা পকীকৰণ কৰি মুছলমান সমাজক উপকৃত কৰে। পুষবিন্দৰে কয় যে কবৰস্থানক মাটি কৰাৰ সিদ্ধান্তৰ জৰিয়তে তেওঁ হিন্দু-মুছলমান সম্প্ৰীতিৰ পোষকতা কৰিছে আৰু কাশ্মীৰৰ প্ৰখ্যাত কবি মেহজুৰৰ এটা কবিতাৰ কথা তেওঁ এই প্ৰসংগত উত্থাপন কৰে। মেহজুৰৰ কবিতাত হিন্দু আৰু মুছলমানক গাখীৰ আৰু চেনি বুলি কোৱা হৈছিল, যাৰ ঐক্যই পানীয়ক মিঠা কৰি তোলে।
 
উল্লেখ্য যে, কাশ্মীৰ উপত্যকাৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সৰ্বদলীয় শিখ সমন্বয় সমিতি (APSCC)ৰ ৯ জন প্ৰাৰ্থীৰ ভিতৰত পুষবিন্দৰ সিং অন্যতম আছিল।
 
এ পি এছ চি চিৰ প্ৰাৰ্থীসকলে বছৰ বছৰ ধৰি জম্মু-কাশ্মীৰত সংখ্যালঘু শিখ সম্প্ৰদায়ৰ বাবে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। উপত্যকাটোৰ বিভিন্ন প্ৰান্তত থকা এই প্ৰাৰ্থীসকলে সংখ্যাগৰিষ্ঠ মুছলমান সমাজৰ ওচৰত ভোটৰ বাবে আবেদন জনায়। ইয়াৰ প্ৰতিদান হিচাপে পুষবিন্দৰৰ দৰে প্ৰাৰ্থীসকলে সকলো সম্প্ৰদায়ৰ লোকক সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল। পুষবিন্দৰ সিঙে প্ৰতিদ্বন্দ্বিতা কৰা ট্ৰাল সমষ্টিটোত ১৩ হাজাৰ শিখকে ধৰি ৮০ হাজাৰ ভোটাৰ আছিল।