৬০ বছৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰীণাপ্ৰভা নেওগ অনুপ্ৰেৰণাৰ এক উৎস

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰীণাপ্ৰভা নেওগ
ৰীণাপ্ৰভা নেওগ
 
  স্বপ্না দাস
 
কাৰোবাৰ বাবে তেওঁ খুৰীদেউ, কাৰোবাৰ বাবে আকৌ বাইদেউ। যিটো কোঠাত বহি পৰীক্ষাত অৱতীৰ্ণ হৈছিল, সেই কোঠাটোত উপস্থিত আটাইতকৈ জ্যেষ্ঠ মানুহগৰাকীয়েই আছিল তেওঁ। একেখন বেঞ্চতে বহি  একেলগে পৰীক্ষাত অৱতীৰ্ণ হৈ থকা পৰীক্ষাৰ্থী কিম্বা সেই কোঠাটোত থকা প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে সম্ভৱতঃ তেওঁক খুৰী, মাহী ,পেহী আদি বুলিয়েই সম্বোধন কৰিছিল।
 
আনকি পৰীক্ষা গৃহত পৰীক্ষকৰ দায়িত্বত থকা শিক্ষকেও তেওঁক জ্যেষ্ঠতাৰ ভিত্তিত হয়তো 'বাইদেউ' বুলিয়েই সম্বোধন কৰিছিল। কৰিবৰে কথা, তেওঁ যে আছিল পৰীক্ষা গৃহটোত থকা আটাইতকৈ বয়োজ্যেষ্ঠ। তেওঁ আছিল তিনিকুৰি বছৰ বয়স গৰকা এগৰাকী পৰীক্ষাৰ্থী, যিয়ে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ চাগে' ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ আটাইতকৈ বয়োজ্যেষ্ঠ পৰীক্ষাৰ্থী। তেওঁ নাৰায়ণপুৰৰ ৰীণাপ্ৰভা নেওগ। 
 
যিটো বয়সত  চাকৰিয়ালসকলে চাকৰি জীৱনৰ পৰা অৱসৰ লয়, যিটো বয়সত আমাৰ মাজৰ বহুতে 'বহু বয়স হ'ল', 'বৃদ্ধই হ'লোঁ', 'মৰণৰ ফালে আগুৱাইছোঁ' আদিৰ দৰে স্বগতোক্তিৰে বিভিন্ন কাম-কাজৰ পৰা নিজকে নিলগাই ৰাখে, সেই বয়সতে তেওঁ চাৰি দশকৰো অধিক কাল ধৰি মনতে পুহি ৰাখি দিনে-নিশাই লালন কৰি থকা সপোনক বাস্তৱ ৰূপ দিবলৈ সাজু হৈছিল। তাৰ পাছত স্বপ্নিল প্ৰত্যাশা সাকাৰ কৰিবলৈ সময়-সুযোগ মিলাই পঢ়ি পঢ়ি তেওঁ সেই সপোনক সদৰ্থক বাস্তৱ কৰিবলৈও সক্ষম হয়। ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁ এটা বিষয়ত লেটাৰ নম্বৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সপোনক দিঠক কৰাৰ লগতে পৰোক্ষভাৱে বহুতক প্ৰেৰণা যোগালে।  
 
স্বামীৰ সৈতে ৰীণাপ্ৰভা নেওগ
 
তিনিকুৰি গৰকা ৰীণাপ্ৰভা নেওগে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। বিহু বিষয়ত তেওঁ লেটাৰ নম্বৰো লাভ কৰে। মনৰ হেঁপাহক মৰহিব নিদি ৬০ বছৰ বয়সত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰীণাপ্ৰভা নেওগে লাভ কৰিবলৈ সক্ষম হয় ৫৭ শতাংশ নম্বৰ। নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ গৈ ৰীণাপ্ৰভা নেওগে কোৱা কিছুমান কথা মন চুই যোৱা; লগতে প্ৰেৰণাৰো যেন আকৰ। 
 
তেওঁৰ মতে মনত অদম্য হেঁপাহ থাকিলে বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। হয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুতৰ লগতে আমাৰ অসমৰ ৰীণাপ্ৰভা নেওগো যেন তাৰেই জীৱন্ত প্ৰমাণ। অদম্য হেঁপাহৰ উপৰি কিমান ধৈৰ্য, একাগ্ৰতাক সাৰথি কৰি কিমান প্ৰয়াস কৰিলে এনে সফলতা সম্ভৱ তাৰেই উদাহৰণ ৰীণাপ্ৰভা নেওগ। আটাইতকৈ ডাঙৰ কথা--- নিজৰ ওপৰত, নিজৰ সপোন সম্পৰ্কত কিমান গভীৰ প্ৰত্যয় থাকিলে এগৰাকী ষাঠি বছৰীয়া মহিলাই কুৰিৰ দেওনাও স্পৰ্শ নকৰা আন আন পৰীক্ষাৰ্থীৰ সৈতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে মানসিকভাৱে প্ৰস্তুত হ'ব পাৰে, সেই কথাও অনেকৰ বাবে প্ৰেৰণাৰ উদাহৰণ হৈ দেখুৱালে দুটাকৈ সন্তানৰ মাতৃ ৰীণাপ্ৰভা নেওগে। 
 
মাতৃৰ অধ্যয়ন আৰু পুনৰ শিক্ষাগ্ৰহণৰ প্ৰতি থকা হেঁপাহ দেখি বৰ্তমান এখন মহাবিদ্যালয়ত অধ্যাপনা কৰা জীয়ৰীয়ে এদিন হেনো তেওঁক কৈছিল--- "মা, তোমালোকৰ নিচিনা বয়সীয়া লোকেও পৰীক্ষা দিয়ে নহয়, তুমিও দিব পাৰা।" জীয়েকৰ কথাত যেন সাহস পাইছিল তেওঁ। "পঢ়িলে পাৰিম।" এইদৰে নিজকে প্ৰত্যয় দি তেৱোঁ ঠিৰাং কৰিছিল জীয়ৰী কালৰে পৰা পুহি ৰখা হেঁপাটোক পূৰ্ণ কৰিবলৈ। হয়তো তেওঁৰ এই সিদ্ধান্তত অনেকেই সাহস আৰু প্ৰেৰণা যোগাইছিল আৰু অনেকেই হয়তো বক্ৰোক্তিও কৰিছিল।
 
ৰীণাপ্ৰভা নেওগে অধ্যয়ন কৰি থকাকিছু মূহুৰ্ত
 
প্ৰেৰণাদায়ক দৃষ্টিবোৰত তেওঁৰ মন ভৰিছিল আৰু তাচ্ছিল্যৰ দৃষ্টিবোৰক তেওঁ লক্ষ্যই কৰা নাছিল। মনতে হয়তো ভাবিছিল--- সমাজেনো নকয় কি? হয়, তেওঁ ঠিকেই ভাবিছিল। বহু কাম কৰিবলৈ ওলোৱাৰ সময়ত পৰিয়াল বা সমাজৰ, চিনাকি-অচিনাকি অনেকে নতুবা আপোন কোনোৱেও কেতিয়াবা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে বক্ৰোক্তি পোষণ কৰিব পাৰে, পথৰ কাঁইটো হ'ব পাৰে। কিন্তু তাৰ পিছতো যিয়ে লক্ষ্যচ্যুত নহৈ সাধনাক সাৰথি কৰি স্বপ্নপ্ৰাপ্তিৰ বাবে কৰ্মব্ৰতী হয়, তেওঁৰ বাবে সাফল্য অনিবাৰ্য।‌‌ 
 
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগেই এই কথাকেই ৰীণাপ্ৰভা নেওগেও পুনৰ এবাৰ প্ৰমাণ কৰাৰ উপৰি যেন তেওঁ সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিল। সফলতাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত এতিয়া পিছে সকলোতে চৰ্চিত হোৱাৰ সমানেই বহুতে ৰীণাপ্ৰভা নেওগ নামৰ ষাঠি বছৰীয়া ছাত্ৰীগৰাকীক প্ৰেৰণাৰ আকৰ হিচাপে অভিন্দনেৰে উপচাই পেলাইছে। নাৰায়ণপুৰৰ শ্ৰীভূঞা গাঁৱৰ নিবাসী ৰীণাপ্ৰভা নেওগ । ১৯৮৩ চনতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰীণাপ্ৰভা নেওগৰ আছিল পঢ়াৰ প্ৰতি যথেষ্ট ধাউতি। পঢ়ি ভাল পোৱা নেওগৰ আছিল উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ অদম্য হেঁপাহ। মনত প্ৰবল ইচ্ছা আছিল তেওঁৰ হাইস্কুলৰ পিছত উচ্চতৰ মাধ্যমিকৰ বাবে পঢ়া-শুনা কৰাৰ উপৰি উচ্চশিক্ষিতা হোৱাৰ। কিন্তু বিভিন্ন কাৰণত তেওঁৰ আৰু পঢ়া নহ'ল। কিন্তু সাংসাৰিক ব্যস্ততাৰ পিছতো যেন তেওঁ তেওঁৰ সেই দুৰ্বাৰ হেঁপাহক বুকুত কঢ়িয়াই ফুৰিছিল অনবৰতে। 
 
বিভিন্ন কাৰণত নেওগৰ উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ সপোন কেবাদশক ধৰি সম্পূৰ্ণ হোৱা নাছিল। হাইস্কুলৰ পিছৰ পৰ্যায়ৰ শিক্ষাগ্ৰহণৰ হেঁপাহবোৰ সামৰি-সুতৰি বুকুতে ৰাখি তেওঁ সংসাৰী হয় ১৯৮৯ চনত। যৌথ পৰিয়ালৰ এগৰাকী বোৱাৰী হ'ল তেঁও। স্বমীৰ উপৰি শাহু-শহুৰ, ননদ-দেওৰেৰে পৰিপূৰ্ণ যুটীয়া পৰিয়ালটোৰ সকলোবোৰ দায়িত্ব পালন কৰি নিজলৈ যেন তিলমানো আহৰি নাছিল তেওঁৰ। তাৰ পিছতো তেওঁক আপোন বুকুৰ সপোনেও খেদি ফুৰিছিল অনবৰতে--- কি বাস্তৱত, কি সপোনত! 
 
ৰীণাপ্ৰভা নেওগে অধ্যয়ন কৰি থকাকিছু মূহুৰ্ত
 
বিয়াৰ পিছত আপোন বুলি ভবাজনক মনৰ হেঁপাহৰ কথা এদিন তেওঁ জনাইছিল। যিহেতু যৌথ পৰিয়াল, হয়তো ঘৰখনৰ অনেক দায়িত্বৰ কথা ভাবিয়েই আপোনজনে কৈছিল--- "এতিয়া বাৰু পৰিয়াটোৰ দায়িত্ববোৰ নিয়াৰিকৈ পালন কৰা। পিছলৈ কেতিয়াবা আজৰি পালে নিশ্চয় পঢ়িবা।" এই যে গিৰিয়েকৰ কথাষাৰ, তাতেই হয়তো তেওঁ উপায়হীনা হৈও ক্ষীণ আৰু অনিশ্চয়তাৰ এটি আশা পুহি পালন কৰি গৈছিল এগৰাকী বোৱাৰী, স্ত্রী তথা মাতৃৰ সকলো দায়িত্ব। সময়মতে শাহু-শহুৰৰ যত্ন লোৱা, ঘৰখনৰ সকলোৰে বাবে আহাৰ প্ৰস্তুত কৰি সময়ত সকলোকে খাবলৈ দি গিৰীয়েকক কৰ্মস্থানলৈ আৰু সন্তানক স্কুললৈ প্ৰতিদিনে সময়মতেই পঠিয়াইছিল তেওঁ। 
 
জীৱিত কালত শাহু-শহুৰৰ সেৱা-শুশ্ৰূষা কৰাৰ পৰা মৃত্যুৰ পাছত শ্ৰাদ্ধ কৰালৈ, এগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানক জন্ম দিয়াৰ পৰা শিক্ষা-দীক্ষা লৈ সংস্থাপিত হোৱালৈ, গিৰিয়েকৰ প্ৰয়োজনীয় আলপৈচানৰ উপৰি সকলো ঘৰুৱা কৰ্ম সমাপন নিতৌ নিয়াৰিকৈ কৰি কৰি যেন আজৰিয়েই নাই তেওঁৰ নিজৰ কথা ভাবিবলৈ, নিজৰ লগত কথা পাতিবলৈ নিজক বুজিবলৈ, নিজৰ ভাল লগা কিবা অকণমান কৰিবলৈ। কেৱল ৰীণাপ্ৰভা নেওগেইনে তেনে একমাত্ৰ মহিলা? সঁচাকৈয়ে যদি কাৰোবাৰ হৃদয়ৰ কথাৰ উমান পাব পৰা কিবা সহজলভ্য ব্যৱস্থা থাকিলহেঁতেন, তেন্তে নিশ্চয়কৈ তেনে অনেক নাৰীৰ উদাহৰণ আমাৰ চৌপাশতেই পোৱা গ'লহেঁতেন। 
 
যি কি নহওক, জীয়ৰী কালতে দেখা সপোনটো বিয়াৰ পিছতো বুকুত কঢ়িয়াই লৈ ফুৰিছিল পয়ত্ৰিছটাকৈ বছৰে। নিজ সন্তানক আঙুলিত ধৰি লিখিবলৈ শিকোৱাৰ পৰা নিজে জানিলেও বা নাজানিলেও সন্তানৰ ওপৰত কঠোৰ দৃষ্টি আৰু সঠিক নিৰ্দেশনা, নিয়ন্ত্ৰণৰ মাজেৰে সুশিক্ষিত কৰি সন্তানে সংস্থাপন পোৱালৈ আজৰি পোৱা নাছিল ৰীণাপ্ৰভা নেওগে। তাৰ পিছতো কিন্তু তেওঁ সপোন দেখিবলৈ এৰা নাছিল জাগ্ৰত অৱস্থাত কিম্বা নিদ্ৰাৰত অৱস্থাত। অৱশেষত যেনিবা জীৱনৰ প্ৰায় বিয়লি বেলাত অকণমান নিজৰ কথা ভাবিবলৈ, নিজৰ সপোনৰ কথা ভাবিবলৈ যেন তেওঁ অলপ সময় পালে। 
 
মনতে আওৰালে--- শিক্ষাৰ জানো বয়স থাকে!  হয় কথাটো, শিক্ষা আহৰণৰ কোনো নিৰ্ধাৰিত বয়স নাথাকে । তাকেই যেন প্ৰমাণিত কৰিলে ষাঠি বছৰীয়া ৰীণাপ্ৰভা নেওগে। দিনটোত ঘৰুৱা কামৰ হেঁচাত পঢ়িবলৈ সময় নোপোৱা নেওগে কলেজলৈ নোযোৱাকৈ আৰু কোনো ধৰণৰ ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ একাগ্ৰতাৰে কেৱল ৰাতি আজৰি হোৱাৰ পিছত পঢ়ি ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত বিহু বিষয়ত লেটাৰ নম্বৰসহ ৫৭ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।  
 
এই সফলতাত তেওঁ ছাত্ৰাৱস্থাৰ দিনবোৰ ঘূৰাই পোৱা যেন অনুভৱ কৰা বুলি ব্যক্ত কৰি কয়, "মনত অদম্য হেঁপাহ থাকিলে বয়স কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰে।" কিবা শিকাৰ হেঁপাহ থাকিলে, কিবা কৰাৰ তাগিদা থাকিলে জীৱনৰ যিকোনো সময়তে যে শিকিব আৰু কৰিব পাৰি, তাৰেই বাস্তৱ উদাহৰণ ৰীণাপ্ৰভা নেওগ। আনুষ্ঠানিক শিক্ষাগ্ৰহণেই হওক বা দৈনন্দিন জীৱনৰ সৈতে সংপৃক্ত অন্য কথা বা কামেই হওক বা অন্য কিবা হেঁপাহ হওক, নিৰ্দিষ্ট লক্ষ্য আৰু তাক লিখক কৰিবলৈ কৰা অহোপুৰুষাৰ্থত বাস্তৱ হয়। এই কথা প্ৰমাণিত কৰা ৰীণাপ্ৰভা নেওগে আমাক বহুতক যেন এইদৰে অনুপ্ৰেৰণা যোগালে--- শিকা আৰু স্বপ্ন হাকাৰৰ কোনো সময় নাই, কোনো বয়স নাই শিকাৰ; লাগে মাথোন অনন্ত হেঁপাহ আৰু সাধনাক সাৰথি কৰি কৰ্মব্ৰতী হ'ব পৰা দৃঢ়তা।
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)