নতুন দিল্লী
শেহতীয়া জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে। সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি সকলোৱে একত্ৰিত হৈ শোক প্ৰকাশ কৰিছে। এই ঘটনাক দেশবাসীয়ে গৰিহণা দিয়াৰ সময়তে পাকিস্তানী শিল্পীক ভাৰতত কাম কৰিবলৈ দিয়া সন্দৰ্ভত বিভিন্ন প্রশ্ন উত্থাপন হৈছে৷
পাকিস্তানী অভিনেতা ফাৱাদ খানৰ ছবি ‘আবিৰ গুলাল’ ৯ মে’ত চিনেমাগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও খবৰ অনুসৰি এতিয়া ভাৰতত ছবিখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানেও ছবিখনৰ মুক্তিত নিষিদ্ধ কৰিছে।
এই সকলোবোৰৰ মাজতে প্ৰখ্যাত চিত্ৰনাট্যকাৰ জাভেদ আখতাৰে পাকিস্তানী শিল্পীক আমাৰ দেশত কাম কৰিবলৈ দিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। পিটিআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত আখতাৰে কয়, “প্ৰথম প্ৰশ্নটো হ’ব লাগে যে আমি ইয়াত পাকিস্তানী শিল্পীসকলক অনুমতি দিব লাগে নে নাই? ইয়াৰ দুটা উত্তৰ আছে, দুয়োটা সমানে যুক্তিযুক্ত। ভাৰত আৰু পাকিস্তানৰ মাজত শিল্পীৰ অহা-যোৱা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে একপক্ষীয়া হৈ আহিছে।
নুছৰত ফাতেহ আলী খান, গুলাম আলী, নূৰজাহান ভাৰতলৈ আহিছিল, আমি তেওঁলোকক মৰমেৰে আতিথ্য দিলোঁ। উপমহাদেশৰ কবি ফৈজ আহমদ ফাইজ, তেওঁ পাকিস্তানত বাস কৰি আছিল। অটল বিহাৰী বাজপেয়ীৰ শাসনত ভাৰতলৈ অহাৰ সময়ত ফৈজ আহমদ ফাইজক ৰাষ্ট্ৰৰ মুৰব্বীৰ দৰে আতিথ্য দিয়া হৈছিল। কিন্তু তেওঁলোকে আমাক কেতিয়াও ইয়াৰ প্ৰতিদান দিয়া নাই। অৱশ্যে, পাকিস্তানৰ জনসাধাৰণৰ প্ৰতি মোৰ কোনো অভিযোগ নাই।"
তেওঁ আৰু প্ৰশ্ন উত্থাপন কৰে যে কিয় লতা মংগেশকাৰে কেতিয়াও পাকিস্তানত অনুষ্ঠান পৰিৱেশন কৰা নাছিল। আখতাৰে কয়, "পাকিস্তানৰ ডাঙৰ কবিসকলে লতা মংগেশকাৰৰ বাবে গীত লিখিছিল। ৬০ আৰু ৭০ৰ দশকত তেওঁ ভাৰত আৰু পাকিস্তানৰ আটাইতকৈ জনপ্ৰিয় শিল্পী আছিল। কিন্তু পাকিস্তানত লতা মংগেশকাৰৰ এখনো অনুষ্ঠান কিয় নহ'ল?"
জাভেদ আখতাৰে পুনৰ কয়, "ইয়াৰ বাবে মই পাকিস্তানৰ মানুহক অভিযোগ নকৰো, লতা মংগেশকাৰক তেওঁলোকে ভাল পাইছিল, কিন্তু কিছুমান শক্তি বাধা হৈ আছিল, সেই বাধা আছিল চিষ্টেম, যিটো মই বুজি নাপাওঁ। এইটো ৱান-ৱে' ট্ৰেফিক। দ্বিতীয়টো যুক্তিও সমানে বৈধ, যদি আমি পাকিস্তানী শিল্পীক নিষিদ্ধ কৰো, তেন্তে আমি পাকিস্তানত কাক সন্তুষ্ট কৰিছো? সেনাবাহিনী আৰু মৌলবাদী, এইটোৱেই তেওঁলোকে বিচাৰে? তেওঁলোকে দূৰত্ব বিচাৰে, এইবোৰে তেওঁলোকৰ চিন্তাধাৰাৰ সৈতে খাপ খাই পৰে। এই দুয়োটা প্ৰশ্নই সমানে বৈধ।"
উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সিন্ধু নদীৰ পানী পাকিস্তানলৈ বৈ যোৱা বন্ধ কৰিছে। একেদৰে, সীমান্ত কটকটীয়া কৰি পাকিস্তানী অভিনেতাসকলকো ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
খোবছুৰট (Khoobsurat) আৰু এ দিল হায় মুছকিল (Ae Dil Hai Mushkil)ৰ দৰে চিনেমাৰ বাবে ফাৱাদ খান এসময়ত ভাৰতীয় অনুৰাগীৰ প্ৰিয় আছিল। পাকিস্তানী টিভি শ্ব’ত ফাৱাদ খানৰ প্ৰদৰ্শনে তেওঁক সীমান্তৰ সিপাৰেও বিখ্যাত কৰি তুলিছিল। কিন্তু ইয়াৰ পূৰ্বেও ৰাজনৈতিক উত্তেজনাৰ বাবে ভাৰতীয় ছবিত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যিটো শেহতীয়াকৈহে উঠাই লোৱা হৈছিল। কিন্তু কাশ্মীৰৰ পহলগামত পাকিস্তান মদদপুষ্ট সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ পিছত ভাৰতে পুনৰ পাকিস্তানী অভিনেতা-অভিনেত্ৰীক ভাৰতত নিষিদ্ধ কৰিছে।
এতিয়া ভাৰত আৰু পাকিস্তান উভয় দেশতে 'আবিৰ গুলাল' নিষিদ্ধ কৰাত ছবিখনৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিছে। মুক্তিৰ তাৰিখ স্থগিত ৰখা হৈছে, আৰু ছবিখনে কেতিয়াবা দৰ্শকৰ কাষ চাপিব নে নাই সেয়া স্পষ্ট হোৱা নাই।