নীলিম আকাশ কাশ্যপ
সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ২৬গৰাকী পৰ্যটকৰ মৃত্যু ভূ-স্বৰ্গ কাশ্মীৰ অঞ্চলস্থিত পেহেলগামৰ বৈছাৰণত। এই ঘটনা ২০২৫ চনৰ ২২ এপ্ৰিলৰ।পেহেলগাম ট্ৰেজেদীৰে বিশ্ব ইতিহাসৰ---বিশেষকৈ ভাৰতৰ ইতিহাসত ক'লা দিন হিচাপে লিখা ৰ'ব এই দিনটো। কিয়নো সিদিনাই পেহেলগাম অঞ্চলস্থিত বৈছাৰণৰ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰি কমেও ২৬গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিয়ে, যি ঘটনাত আন বহু লোক আহতও হয়।
এই অমানুষিক সন্ত্ৰাসবাদী আক্ৰমণত কাশ্মীৰত ছুটী উপভোগ কৰা পৰিয়ালৰ কেইবাগৰাকীও পুৰুষক লক্ষ্য কৰি লোৱা হৈছিল। লক্ষণীয় বিষয়টো এয়ে যে সন্ত্ৰাসবাদীৰ এই নৰসংহাৰ চলে মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ উপৰি আমাৰ স্বদেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৌদি আৰব ভ্ৰমণৰ সময়ত। স্বাভাৱিকভাৱে বিশ্বজুৰি চৰ্চিত এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই পৰ্যটনৰ দিশত কাশ্মীৰক বহু বছৰলৈ পিছুৱাই লৈ যাব পাৰে।
সন্ত্ৰাসবাদীৰ দ্বাৰা পেহেলগামত নৰসংহাৰৰ পিছত স্বাভাৱিকভাৱে পুনৰ চৰ্চালৈ আহিছে সন্ত্ৰাসবাদ বনাম জম্মু-কাশ্মীৰ প্ৰসংগ। পিছে ইতিহাসে এই সম্পৰ্কত কি কয়? এই আপাহতে তাহানিৰ পৰা অদ্যাপি জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদ সম্পৰ্কে তেনেই চমুকৈ আলচৰ প্ৰয়াস কৰা হ'ল। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ গজালি পোনতে পৰিলক্ষিত হৈছিল ১৯৪০ চনৰ শেষৰ ফালে। সেয়া ভাৰতত ব্ৰিটিছ চৰকাৰে ভাৰতীয় জাতীয়তাবাদী আন্দোলনৰ পৰা স্বাধীনতাৰ দাবীৰ ক্ৰমবৰ্ধমান দাবীৰ সন্মুখীন হোৱাৰ সময়ৰ কথা।
অশান্ত কাশ্মীৰত সেনা বাহিনীৰ তীক্ষ্ণ নজৰ
এনে সময়তে--- ১৯৪০ চনৰ মাৰ্চ মাহত মহম্মদ আলী জিন্নাৰ নেতৃত্বত অল ইণ্ডিয়া মুছলিম লীগে লাহোৰ ৰিজ’লিউচন গ্ৰহণ কৰে, য’ত ভাৰতত মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমি সৃষ্টিৰ আহ্বান জনায়। ইয়াৰ সৈতে কোনো পোনপটীয়া সম্পৰ্ক নাই, কিন্তু সমসাময়িকভাৱে জম্মু-কাশ্মীৰত পৰিলক্ষিত হৈছিল সন্ত্ৰাসবাদৰ গজালি। সেয়া আৰম্ভণিহে, মূলতঃ আশীৰ দশকৰ শেষৰ ফালে দেশৰ সীমামূৰীয়া অঞ্চলটোত সন্ত্ৰাসবাদে মূৰ দাঙি উঠে বুলি ইতিহাসে ক'ব খোজে।
সন্ত্ৰাসবাদে মূৰ দাঙি উঠা এনে সময়তে একাধিক বৃহৎ পৰিঘটনাৰ সাক্ষী হয় জম্মু-কাশ্মীৰ। তাৰ ভিতৰত উল্লেখযোগ্য অপাৰেচন টূপাক। জম্মু-কাশ্মীৰক অস্থিৰ কৰাৰ লক্ষ্যৰে পাকিস্তানৰ অপাৰেচন টূপাকে সন্ত্ৰাসবাদৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই অভিযানত পাকিস্তান অধিকৃত কাশ্মীৰত কাশ্মীৰী যুৱক-যুৱতীসকলক সহায় আৰু প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল, যাৰ ফলত অঞ্চলটোত সন্ত্ৰাসবাদৰ উত্থান ঘটিছিল বুলি ঠাৱৰ কৰা হয়। আনহাতে, এইক্ষেত্ৰত উল্লেখনীয় ১৯৮৮ চনৰ শ্ৰীনগৰ বিস্ফোৰণো।
১৯৮৮ চনৰ ৩১ জুলাইত শ্ৰীনগৰত হয় অঞ্চলটোৰ প্ৰথমটো বৃহৎ সন্ত্ৰাসবাদী কাণ্ড। শ্ৰীনগৰত বিস্ফোৰক যন্ত্ৰ বিস্ফোৰণ কৰা হৈছিল। ইয়াৰ পিছত তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী মুফতি মহম্মদ চৈয়দৰ কন্যা ডাঃ ৰবিয়া চৈয়দক অপহৰণ কৰা হয়। তাৰ আঁৰত এটা সন্ত্ৰাসবাদী সংগঠন জড়িত বুলি কোৱা হয়। তেওঁৰ মুক্তি নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে পাঁচজন সন্ত্ৰাসবাদীক মুকলি কৰি দিবলগীয়া হৈছিল।
শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ ভয়াবহ বিস্ফোৰণৰ পিছৰ দৃশ্য
ইয়াৰ পিছতেই নব্বৈৰ দশকত কাশ্মীৰত হিজব-ই-ইছলামী, হৰকত-উল-আনছাৰ, লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ, হৰকত-উল-মুজাহিদীন আদি গোট সক্ৰিয় হৈ উঠাৰ উপৰি জম্মু-কাশ্মীৰ ইয়াৰ আগে-পিছে আন কেইবাটাও সন্ত্ৰাসবাদ কাৰ্যকলাপৰ নীৰৱ সাক্ষী। সেই সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ'ল। ১৯৪৭ চনত জম্মু-কাশ্মীৰ ভাৰতৰ সৈতে একত্ৰিত হ'বৰ সময়ত সীমাৰ ৰাষ্ট্ৰ পাকিস্তানে ভাৰতত আগ্ৰাসনৰ চেষ্টা কৰে। পৰৱৰ্তী সময়ত ১৯৬৫ ভাৰত-পাকিস্তানী যুদ্ধ হয়। সেই সময়তো কাশ্মীৰত পৰিলক্ষিত হৈছিল সন্ত্ৰাসবাদী কাৰ্যকলাপ।
১৯৮৭ চনৰ বিধানসভা নিৰ্বাচনত ৰিগিঙৰ অভিযোগে সন্ত্ৰাসবাদক প্ৰসাৰিত কৰাত মুখ্য ভূমিকা পালন কৰিছিল বুলি কোৱা হয়। ১৯৮৯ চনত কাশ্মীৰী পণ্ডিতসকলে সন্ত্ৰাসবাদীৰ পৰা বাচিবলৈ জীৱনৰ তাগিদাত পলায়ন কৰে। সেই সময়ত বহু কাশ্মীৰী পণ্ডিতক সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা হত্যা কৰা হৈছিল। তাৰ পিছত ১৯৯০ চনত উপত্যকাত সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্য্যকলাপ চলি থকাৰ মাজতে ১৯৯৫ চনত অপহৰণ আৰু হত্যাৰ ঘটনা লক্ষণীয়ভাৱে বৃদ্ধি পায়।
আনকি ২০০১ চনত ভাৰতীয় সংসদত আক্ৰমণৰ ঘটনা ঘটাৰ পৰৱৰ্তী সময়ত ২০০২ চনত জম্মু-কাশ্মীৰ বিধানসভাত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ২০০৮ চন অমৰনাথৰ ভূমি বিবাদ আৰু পৰৱৰ্তী আন্দোলনৰ বাবে এইক্ষেত্ৰত উল্লেখনীয়। ইয়াৰ পিছত ২০১০ চনত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত এনকাউণ্টাৰ বৃদ্ধি পায়। ২০১৬ চনত আকৌ বুৰহান ৱানীৰ মৃত্যুৰ পিছত ব্যাপক অশান্তিয়ে দেখা দিছিল অঞ্চলটোত।
১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সামৰণিৰ ক্ষণ
তাৰ পিছত ২০১৮ চনত জাকিৰ মুছাই হিজবুল মুজাহিদীনৰ পৰা বিচ্ছিন্ন হৈ তেওঁ আল কায়দাৰ প্ৰতি আনুগত্য ঘোষণাৰ সমান্তৰালভাৱে আনছাৰ গাজৱাত-উল-হিন্দ গঠন কৰে। আনহাতে, ২০১৯ চনৰ পুলৱামাৰ ঘটনাৰ কথা কাৰনো মনত নাই! এনেধৰণৰ বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সাক্ষী জম্মু-কাশ্মীৰ।
জম্মু-কাশ্মীৰত দশক দশক ধৰি চলি থকা সন্ত্ৰাসবাদৰ সমস্যাই অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ প্ৰতি যেন প্ৰতিনিয়ত ভাবুকি কঢ়িয়াই আনিছে। আনকি সন্ত্ৰাসবাদে অঞ্চলটোৰ অৰ্থনীতি আৰু সামাজিক তন্ত্ৰৰ ক্ষতিসাধন কৰাৰ উপৰি কাশ্মীৰী পণ্ডিতসকলৰ প্ৰব্ৰজন আৰু তেওঁলোকৰ পুনৰ্বাসনৰ সমস্যাৰো সৃষ্টি কৰে। তদুপৰি ২০২৫ চনৰ ২২ এপ্ৰিলত পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ ঘটনাৰ ফলত কাশ্মীৰ পৰ্যটনৰ দিশত হয়তো বহুবছৰলৈ পিছুৱাই যাব।
জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সমস্যা এটা জটিল বিষয়; যৌথ আৰু সমন্বিত প্ৰচেষ্টাৰ অবিহনে ইয়াৰ স্থায়ী সমাধান কিমান নিলগত সেয়া নিশ্চিতি দিব পৰা যিহেতু সহজে নাযায়। তাৰ পিছতো আমি আশাবাদী--- চৰকাৰ, নিৰাপত্তা বাহিনী আৰু জনগণৰ একত্ৰিত প্ৰয়াসত সন্ত্ৰাসবাদৰ মুক্তিৰ জয়গানেৰে জম্মু-কাশ্মীৰতো এদিন উৰিব শান্তি আৰু প্ৰগতিৰ নিচান।
(নীলিম আকাশ কাশ্যপ ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ এগৰাকী তৰুণ ঔপন্যাসিক)