চেন্নইৰ এজন নাপিতৰ ব্যতিক্ৰমী সমাজসেৱা

Story by  atv | Posted by  Munni Begum • 5 h ago
চেন্নইৰ নাপিত কে থানিগেইভেল তেওঁৰ চেলুনত
চেন্নইৰ নাপিত কে থানিগেইভেল তেওঁৰ চেলুনত
 
আৱাজ দ্য ভইচ / নতুন দিল্লী / চেন্নাই 
 
'কিচি কে বাপ কা হিন্দুস্তান থোড়ে হায়'... প্ৰথমে প্ৰতিবাদ আৰু পিছত বিদ্ৰোহৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা এই শ্বায়েৰীটোৱে আজি আমাক এক নতুন প্ৰেক্ষাপটত চিন্তা কৰিবলৈ বাধ্য কৰাইছে। দেশ যদি সকলোৰে হয়, তেন্তে সেৱা কৰাৰ সুযোগো সকলোৱে পাব লাগে। এইয়া কেৱল বৃহৎ সংগঠন বা সামাজিক প্ৰতিষ্ঠানৰ লগত জড়িত লোকসকলেই নহয়, বৰং অন্তৰৰ পৰা আনক সহায় কৰিব বিচৰা প্ৰতিজন ব্যক্তিয়ে পাব লাগে। চেন্নাইৰ কে থানিগেইভেল ইয়াৰ এক জীৱন্ত উদাহৰণ। এজন ব্যক্তিয়ে নিজৰ সৰু পেছাৰ সৈতে ব্ৰতী হৈ থাকিও যে, সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে, সেই কথা তেওঁ প্ৰমাণিত কৰিছে।  
 
থানিগেইভেলে চেন্নাইৰ তিনিটা অঞ্চল ক্ৰমে বেসেন্ত নগৰ, আদয়াৰৰ শাস্ত্ৰী নগৰ আৰু কামৰাজাৰ এভিনিউত ‘ধনুষ চেলুন’ৰ তিনিটা শাখা চলাই আছে। যোৱা এটা দশক ধৰি তেওঁ বৃহত্তৰ চেন্নাই নিগমৰ নিগম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ চুলি কটা আৰু গ্ৰুমিং সেৱা আগবঢ়াই আহিছে। ইয়াত না কোনো কেমেৰা আছে, না কোনো প্ৰচাৰ কৰা হৈছে, কেৱল মাত্ৰ আছে কেঁচি, দাপোন আৰু সেৱাৰ প্ৰকৃত মনোভাৱ।   
 
চেন্নইৰ নাপিত কে থানিগেইভেলৰ চেলুনত ছাত্ৰসকলে চুলি কটা এক দৃশ্য
 
এতিয়া কমৰাজাৰ এভিনিউৰ চেন্নাই হাইস্কুলৰ ছাত্ৰ যছৱন্তৰ দৰে বহু শিশুৱে জিচিচি স্কুল ভ্যানৰ পৰা নামি থানিগেইভেলৰ চেলুনৰ দিশে গতি কৰে। ইয়াত তেওঁলোকে কেৱল বিনামূলীয়াকৈ চুলি কটাই নহয়, আত্মসন্মান আৰু আত্মবিশ্বাসৰ অমূল্য উপহাৰো লাভ কৰে। যশৱন্তই কয়, "মই ইয়ালৈ অহা তিনি বছৰ হ’ল। ইয়ালৈ আহি খুব ভাল লাগে। ইয়াৰ সকলোৱে আমাৰ সৈতে বহুত ভাল আচৰণ কৰে।"  
 
কম আয়ৰ পৰিয়ালৰ বাবে চুলি কটাও এটা অতি ডাঙৰ খৰচ। কিন্তু এই শিশুসকলৰ বাবে থানিগেইভেলৰ এই সেৱা হৈ পৰিছে মৰ্যাদা আৰু আত্মবিশ্বাসৰ উৎস। থানিগেইভেলে কয়, "মই এই পদক্ষেপ তেতিয়া আৰম্ভ কৰিছিলো, যেতিয়া মই দেখিছিলো যে, আইচিএছই স্কুলৰ ল'ৰা-ছোৱালীয়েও চুলি কটাৰ খৰচক লৈ বহু দ্বিধাবোধ কৰে। গতিকে কল্পনা কৰকচোন, দৈনিক মজুৰি কৰা শ্ৰমিক বা অটো চালকৰ পুত্ৰৰ বাবে ই নিশ্চয় কিমান কঠিন হ'ব।"  
 
থানিগেইভেলে এই সেৱা ২০১৫ চনত আৰম্ভ কৰিছিল। আজি থানিগেইভেলৰ তিনিওখন চেলুনৰ দেৱালত তামিল ভাষাত এটা সৰু টোকাত গৌৰৱেৰে  লিপিবদ্ধ কৰা আছে, “আমি গৌৰৱেৰে বৃহত্তৰ চেন্নাই কৰ্প’ৰেশ্যনৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ চুলি কটাৰ ব্যৱস্থা আগবঢ়াইছো।”  
 
শিশুসকল কেৱল মাত্ৰ থানিগেইভেলৰ গ্ৰাহক নহয়, তেওঁ শিশুসকলক শিক্ষিতও কৰে। শিশুসকলে যেতিয়া নিজৰ চুলি কটা পাল পৰালৈ অপেক্ষা কৰি থাকে, সেই অপেক্ষাৰ সময়খিনিত থানিগেইভেলে সিহঁতক 'দ্য হিন্দু' বাতৰিকাকতখন পঢ়িবলৈ কয়। থানিগেইভেলে কয়, "মোৰ দেউতাই কৈছিল যে, এই কাকতখন ভাষাৰ বাবে জনাজাত। মই বিচাৰো শিশুসকলে পঢ়ক, চিন্তা কৰক আৰু বুজক।"  
 
থানিগেইভেলৰ পত্নী টি বিজয়লক্ষ্মীয়ে এই যাত্ৰাত তেওঁ সম্পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে। তেওঁ আদয়াৰ কেন্সাৰ ইনষ্টিটিউটলৈ চুলি দান কৰিব বিচৰা কলেজীয়া ছাত্ৰীসকলৰ বিনামূলীয়াকৈ চুলি কটাৰ ব্যৱস্থা কৰিছে। বিজয়লক্ষ্মীয়ে কয়, "প্ৰায়ে ছাত্ৰ-ছাত্ৰীয়ে চুলি দান কৰিব বিচাৰে, কিন্তু চুলি কটাৰ সামৰ্থ্যত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে মই যোৱা বছৰৰ পৰাই তেওঁলোকৰ বাবে এই সেৱা আৰম্ভ কৰিছো।"   
 
তেওঁলোকে গ্ৰীষ্মকালত শিশুসকলক বহী, ষ্টেচনাৰী আৰু পানীৰ সুবিধাও প্ৰদান কৰি আহিছে। লাহে লাহে দম্পতীহালে উপলব্ধি কৰিলে যে, তেওঁলোকৰ প্ৰকৃত সেৱা তেওঁলোকৰ পেছাৰ সৈতে জড়িত হৈ আছে। 
 
থানিগেইভেলে নিজেই ওচৰৰ জিচিচি বিদ্যালয়সমূহৰ সৈতে যোগাযোগ কৰিছিল আৰু বিদ্যালয়ৰ অধ্যক্ষসকলক এই পদক্ষেপৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ ফলত শিশুসকলে পোনপটীয়াকৈ এই সেৱা লাভ কৰাত সহায়ক হৈছিল। এতিয়া প্ৰতিমাহে ৫০ৰ পৰা ১০০জন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় খোলা থকাৰ সময়ত বিনামূলীয়াকৈ চুলি কটাৰ বাবে তেওঁলোকৰ প্ৰতিখন চেলুনলৈ আহে।  
 
এখন বিদ্যালয়ৰ অধ্যক্ষই কয়, "এইখন এখন আধুনিক চেলুন, গতিকে ছাত্ৰ-ছাত্ৰীসকল চুলি কটাৰ পিছত অতি উৎসাহিত হৈ আহে। ই তেওঁলোকৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি কৰিছে।" 
 
কে থানিগেইভেল
 
থানিগেইভেলে কয়, “স্কুলৰ সময়ত আমি শিশুসকলৰ চুলি সহজ আৰু পৰিপাটিকৈ ৰাখোঁ। কিন্তু ছুটীৰ সময়ত আমি তেওঁলোকক নিজৰ চুলিখিনি নিজৰ ইচ্ছামতে ষ্টাইল কৰিবলৈ দিওঁ।”  
 
লাপুৰত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা থানিগেইভেল তৃতীয় প্ৰজন্মৰ 'হেয়াৰ ড্ৰেছাৰ' হয়। তেওঁ দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰ পিছত বিএ কৰিছিল যদিও পাৰিবাৰিক দায়িত্বৰ বাবে পঢ়া আধাতে এৰিবলগীয়া হৈছিল। ২০০০ চনত তেওঁ প্ৰথমখন চেলুন খুলি ধৈৰ্য্যসহকাৰে নিজৰ সেৱা সম্প্ৰসাৰণ কৰিছিল। 
 
আজিৰ কৰ্পৰেট চেলুনৰ ভিৰত তেওঁৰ চেলুনৰ সেৱাই গ্ৰাহকক সংযোগ কৰি ৰাখিছে। বিজয়লক্ষ্মীয়ে কয়, "আমি দুটা দশক ধৰি এই কাম সৈতে ঢ়িত হৈ আছো। ডাঙৰ কৰ্পৰেট শৃংখলৰ মাজত জীয়াই থকাটো কোনো সহজ কথা নহয়, কিন্তু আমাৰ গ্ৰাহকে আমাৰ উদ্দেশ্য আৰু সেৱা বুজি পাইছে।" 
 
থানিগেইভেলৰ মতে চুলি কটাৰ ফলত পৃথিৱীখন সলনি হ’ব নোৱাৰে। কিন্তু শিশুৰ বাবে এই সৰু পৰিৱৰ্তনেও আত্মসন্মানৰ ভাব আনিব পাৰে। বিশেষকৈ যেতিয়া এজন শিশুৱে প্ৰথমবাৰৰ বাবে চুলি কটাৰ বাবে ‘চেলুন’লৈ আহে। সেই অভিজ্ঞতাই তেওঁক যোগ্য অনুভৱ কৰায়। থানিগেইভেলে কয়, "যদি অধিক চেলুনে একে ধৰণৰ পদক্ষেপ লয়, তেন্তে কল্পনা কৰকচোন আমি আৰু কিমান শিশুক সহায় কৰিব পাৰো।" 
 
এই দ্ৰুতগতিত চলি থকা পৃথিৱীখনত, য’ত বেছিভাগ মানুহেই নিজৰ লাভৰ বাবে চিন্তা কৰে। তেনে এখন পৃথিৱীত কে থানিগেইভেলৰ দৰে মানুহে আমাক সোঁৱৰাই দিয়ে যে, সেৱাৰ কোনো মূল্য নাই। বিশেষ কোনো হৈ ছৈ নকৰাকৈয়ে তেওঁ নিজৰ ক্ষুদ্ৰ পেছাৰ জৰিয়তে শ শ ছাত্ৰ-ছাত্ৰীৰ জীৱনত ডাঙৰ পৰিৱৰ্তন লৈ আহিছে। 
 
তেওঁৰ এই যাত্ৰাই আমাক শিকাইছে যে, দেশৰ উন্নতিৰ কাম ঘৰৰ পদূলিৰ পৰাই আৰম্ভ হয়। মাত্ৰ এখন সৰু কেঁচি, এটি মিঠা হাঁহি আৰু এটা ভাল উদ্দেশ্যৰ প্ৰয়োজন।