জাতি লোকপিয়লত সঠিক তথ্য প্ৰদান কৰিবলৈ মুছলমানসকলক আহ্বান আৰ্ছাদ মাদানীৰ

Story by  atv | Posted by  [email protected] • 6 h ago
জমিয়ত-ই-উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুহ আৰ্ছাদ মাদানী
জমিয়ত-ই-উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুহ আৰ্ছাদ মাদানী
 
নতুন দিল্লী

২০২৭ চনৰ মাৰ্চ মাহৰ পৰা জনসংখ্যাৰ গণনাৰ লগতে অনুষ্ঠিত হ’বলগীয়া জাতিভিত্তিক লোকপিয়লৰ প্ৰতি জমিয়ত-ই-উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুহ আৰ্ছাদ মাদানীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
 
এক বিবৃতিত মাদানীয়ে আশা প্ৰকাশ কৰে যে এই প্ৰক্ৰিয়াই ন্যায্য শাসন, সুস্থ নীতি নিৰ্ধাৰণ, আৰু সম্পদৰ ন্যায্য বিতৰণ নিশ্চিত কৰিব। মৌলানা মাদানীয়ে কয় যে জাতিভিত্তিক লোকপিয়ল এতিয়া কেৱল চৰকাৰী অভিযান নহয়, বৰঞ্চ সামাজিক আৰু ৰাজনৈতিক প্ৰয়োজনীয়তা হৈ পৰিছে।
 
ইয়াৰ পৰা পোৱা তথ্যই সংৰক্ষণ নীতি, সামাজিক উন্নয়ন প্ৰকল্প, সম্পদৰ ন্যায্য বিতৰণৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। মৌলানা মাদানীয়ে সকলো মুছলমানক ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰতিটো মুছলমান পৰিয়ালে নিশ্চিত কৰিব লাগে যে তেওঁলোকৰ প্ৰচলিত জাতিগত পৰিচয় সঠিকভাৱে লিপিবদ্ধ কৰা হয়।
জমিয়ত উলেমা-ই-হিন্দৰ স্থানীয় শাখা, সকলো মুছলমান সংগঠন, ধৰ্মীয় অনুষ্ঠান, আৰু সম্প্ৰদায়ৰ নেতাকো সাধাৰণ জনতাক পথ প্ৰদৰ্শন কৰিবলৈ আৰু এই প্ৰক্ৰিয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে সজাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
 
মৌলানা মাদানীয়ে এই পদক্ষেপ ইছলামিক সমতাৰ নীতিৰ বিৰুদ্ধে নহয় বৰঞ্চ ব্যৱহাৰিক প্ৰয়োজনীয়তা বুলিও স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে ইছলামে সমতাবাদী সমাজ এখনক সমৰ্থন কৰিলেও ভাৰতৰ মুছলমানৰ বৃহৎ জনসংখ্যা সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা হৈয়ে আছে। আমি অতি বঞ্চিত শ্ৰেণীক—বিশেষকৈ পিছপৰা আৰু দুৰ্বল মুছলমানসকলক ন্যায় প্ৰদানৰ চেষ্টা কৰাটো নৈতিক আৰু সাংবিধানিক কৰ্তব্য বুলি গণ্য কৰাৰ উচিত সময় আহি পৰিছে। আমি ভাৰত চৰকাৰৰ পৰা দাবী জনাইছো যে জাতিভিত্তিক লোকপিয়ল স্বচ্ছতাৰে কৰা হওক আৰু কোনো শ্ৰেণীৰ বিৰুদ্ধে কোনো ধৰণৰ বৈষম্য নহঁওক।