মোৰ ছবি 'ছৰফৰোশ'-এ প্ৰথমবাৰৰ বাবে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিছিলঃ আমিৰ খানৰ প্ৰত্যুত্তৰ

Story by  atv | Posted by  [email protected] • 6 h ago
'আপ কি আদালত'ত আমিৰ খান
'আপ কি আদালত'ত আমিৰ খান
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰায় এসপ্তাহৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আমিৰ খানৰ ওপৰত অসন্তুষ্ট হৈছিল একাংশ লোক। এই সমালোচনা সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বলীউদৰ ছুপাৰষ্টাৰগৰাকীয়ে। তেওঁৰ আগন্তুক ছবি 'সীতাৰে জমীন পৰ' (Sitaare Zameen Par)ৰ ট্ৰেইলাৰ মুক্তিৰ মাত্ৰ ১২ ঘণ্টাৰ পূৰ্বে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
 
ছবিখন মুক্তিৰ পূৰ্বে আমিৰ খানে 'আপ কি আদালত' নামৰ এক টেলিভিছন শ্ব’ত সাংবাদিক ৰজত শৰ্মাৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁৰ দেশপ্ৰেম আছে বুলি যুক্তি দাঙি ধৰে। আলোচনাৰ সময়ত আমিৰ খানে প্ৰকাশ কৰে যে তেওঁৰ ১৯৯৯ চনত মুক্তি পোৱা 'ছৰফৰোশ' (Sarfarosh) নামৰ ছবিখন ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ প্ৰথমখন ছবি য’ত সন্ত্ৰাসবাদ বিয়পোৱাৰ বাবে পাকিস্তান আৰু আই এছ আইৰ (ইণ্টাৰ-চাৰ্ভিচ ইনটেলিজেন্স) নাম উচ্চাৰণ কৰা হৈছিল।
 
আমিৰ খানে কয় যে সন্ত্ৰাসবাদ বিয়পোৱাৰ কথা কওঁতে আন কোনো নাম ব্যৱহাৰ নকৰাকৈয়ে পাকিস্তান আৰু আই এছ আইৰ নাম স্পষ্টকৈ উচ্চাৰণ কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে 'ছৰফৰোশ'-এ ইতিহাস ৰচিছিল।
"যদি আপুনি ভাৰতৰ চলচ্চিত্ৰৰ ইতিহাস চাব বিচাৰে, তেন্তে আমাক কেতিয়াও তেওঁলোকৰ নাম ল'বলৈ দিয়া হোৱা নাই, আমি সদায় 'পাড়োছি মুল্ক (চুবুৰীয়া দেশ)' শব্দটো ব্যৱহাৰ কৰিবলগীয়া হৈছিল। মোৰ ছবি ছৰফৰোশ আছিল ইতিহাসৰ প্ৰথমখন ছবি, য’ত আমি নিঃসংকোচে পাকিস্তান আৰু আই এছ আইৰ নাম লৈছো। তেতিয়া চেন্সৰ ব’ৰ্ডে এইটো গৃহীত নকৰিলে। মই কৈছিলো, তেওঁলোকে কিয় গৃহীত নকৰে? মই তেওঁলোকৰ সৈতে আলোচনা কৰিম। মই যুক্তি দিছিলো যে গৃহমন্ত্ৰী এল কে আদৱানীজীয়ে যেতিয়া সংসদত ৰাজহুৱাভাৱে সন্ত্ৰাসবাদী বিয়পোৱাসকলৰ নাম উত্থাপন কৰিব পাৰে যে, তেন্তে আমি কিয় নোৱোৰা?,” আমিৰ খানে ৰজত শৰ্মাৰ অনুষ্ঠানত স্মৰণ কৰে।
 
তেওঁ পুনৰ কয়, "মোৰ সেই যুক্তিৰ ভিত্তিত আমি নামবোৰ ব্যৱহাৰ কৰাৰ অনুমতি পাইছিলোঁ। তাৰ পিছত মুক্তি পোৱা বহু ছবিয়ে পাকিস্তানৰ নাম ব্যৱহাৰ কৰি আছে। মানুহে কয় যে মই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একো নকওঁ, কিন্তু সকলোতকৈ আগত ময়ে তেওঁলোকৰ নাম উন্মোচন কৰিছিলো। ছৰফৰোশৰ মুক্তিৰ পিছত পাকিস্তানৰ পৰা আমি বহু নেতিবাচক মন্তব্য লাভ কৰিছিলো, কাৰণ ছবিখনত আমি পাকিস্তান আৰু আই এছ আইক সন্ত্ৰাসবাদীৰ সমৰ্থক বুলি উল্লেখ কৰিছিলো।"
একেটা সাক্ষাৎকাৰতে আমিৰ খানে কয় যে তেওঁৰ আনুষ্ঠানিক বক্তব্যৰ মাত্ৰ ১২ ঘণ্টাৰ পিছতে 'সীতাৰে জমীন পৰ' ছবিৰ ট্ৰেইলাৰ মুকলি হোৱাটো কেৱল এক কাকতলীয়া ঘটনা। "ট্ৰেইলাৰটো বহু আগতেই মুক্তি পোৱাৰ কথা আছিল। কিন্তু আমাৰ দেশৰ ওপৰত হোৱা আক্ৰমণৰ বাবেই মই বাতিল কৰিলোঁ। সেইদিনা মই আন্দাজ আপনা আপনা ছবিখনৰ প্ৰিমিয়াৰ বাতিল কৰিছিলোঁ।"-আমিৰে বিশ্লেষণ কৰে। উল্লেখ্য যে, ১৯৯৪ চনৰ জনপ্ৰিয় ছবি 'আন্দাজ আপনা আপনা' ছবিখন চলিত বৰ্ষৰ ২৫ এপ্ৰিলত পুনৰ চিনেমা হলত মুক্তি পাইছে।
 
আমিৰে কয় যে ইছলাম ধৰ্মই হিংসাক কেতিয়াও সমৰ্থন নকৰে। "কোনো ধৰ্মই আপোনাক মানুহক হত্যা কৰিবলৈ কোৱা নাই। মই এই সন্ত্ৰাসবাদীক মুছলমান বুলি নাভাবো কাৰণ ইছলামত লিখা আছে যে কোনো নিৰীহ মানুহক হত্যা কৰিব নোৱাৰি, মহিলা বা শিশুক আঘাত কৰিব নোৱাৰি। এইবোৰ কামেৰে তেওঁলোকে ধৰ্মৰ বিৰুদ্ধে গৈ আছে।"-আমিৰে কয়।