নতুন দিল্লী
জি-৭ সন্মিলনত সন্ত্ৰাসবাদক লৈ সমগ্ৰ বিশ্বকে বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই বিশেষ অনুষ্ঠানত তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ শত্ৰু। ই গণতান্ত্ৰিক ব্যৱস্থা থকা সেই সকলো দেশৰ বিৰুদ্ধে। মঙলবাৰে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ আঁৰত দক্ষিণ কোৰিয়া, মেক্সিকো, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ নেতৃত্বক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰকাশিত বাতৰি অনুসৰি জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে কানানাস্কিছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে লি জে-ম্যুঙৰ সৈতেও আলোচনাত মিলিত হয়।
কানাডাত জি-৭ৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে চোকা মন্তব্য কৰে। পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান থাকিব নালাগে। ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ কেৱল পহলগামৰ আক্ৰমণ নহয়, প্ৰতিজন ভাৰতীয়ৰ আত্মা, পৰিচয় আৰু মৰ্যাদাৰ ওপৰত আক্ৰমণ কৰা বুলিও তেওঁ কয়। তেওঁ আৰু কয় যে এয়া সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ।
জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত আৰু কানাডাৰ সম্পৰ্ক বহু দিশত অতি গুৰুত্বপূৰ্ণ। কানাডাৰ বহু কোম্পানীৰ ভাৰতত বিনিয়োগ আছে। ভাৰতৰ জনসাধাৰণৰ কানাডাৰ মাটিতো বৃহৎ বিনিয়োগ আছে। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি উৎসৰ্গিত কানাডা আৰু ভাৰতে একেলগে গণতন্ত্ৰ আৰু মানৱতাক শক্তিশালী কৰিব লাগিব।