প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা মূহুৰ্ত
নতুন দিল্লী
ভূমধ্যসাগৰীয় দেশ চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান 'দ্য গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ তৃতীয় সন্মান' প্ৰদান কৰা হয়। স্বীকৃতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু চাইপ্ৰাছৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্বৰ বাবে এই বঁটা উৎসৰ্গা কৰিছে।
এই সন্মান কেৱল মোৰ নৰেন্দ্ৰ মোদীৰ স্বীকৃতি নহয়। এই সন্মান ১.৪ বিলিয়ন ভাৰতীয়ৰ বাবে ই এক সন্মান। তেওঁলোকৰ শক্তি আৰু আকাংক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। যিয়ে ভাৰতৰ সংস্কৃতি, মূল্যবোধ, আৰু বসুধৈৱ কুটুম্বকমৰ দৰ্শনৰ স্বীকৃতিও প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "মই এই বঁটা ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্বৰ বাবে, আমাৰ ভাগ-বতৰা কৰা মূল্যবোধৰ বাবে আৰু চাইপ্ৰাছৰ ভাৰতৰ বুজাবুজিৰ বাবে উৎসৰ্গা কৰিছো।"
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁ সকলো ভাৰতীয়ৰ হৈ এই সন্মান 'অতি নম্ৰতা আৰু কৃতজ্ঞতাৰে' গ্ৰহণ কৰিছে। ই শান্তি, নিৰাপত্তা, সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা আৰু সমৃদ্ধিৰ প্ৰতি দুয়োখন ৰাষ্ট্ৰৰ ভাগ-বতৰা দায়বদ্ধতাক শক্তিশালী কৰে।
দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ ভ্ৰমণৰ সামৰণি মাৰি পাঁচদিনীয়া কাৰ্যসূচীৰ তিনিখন দেশৰ ভ্ৰমণ আৰম্ভ কৰে। দুটা দশকৰো অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দ্বীপ ৰাষ্ট্ৰখনলৈ কৰা এইটো প্ৰথম ভ্ৰমণ। তেওঁক বিমানবন্দৰত আদৰণি জনায় চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে।
ভাৰত-চাইপ্ৰাছৰ চিইঅ' ফ'ৰামত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত, চাইপ্ৰাছ, আৰু গ্ৰীচ ব্যৱসায় আৰু বিনিয়োগ পৰিষদৰ সৃষ্টিক আদৰণি জনাই ইয়াক 'এটা অতি ভাল পদক্ষেপ' বুলি অভিহিত কৰে, যিয়ে ত্ৰিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ বাবে এক মূল মঞ্চ হোৱাৰ সম্ভাৱনা ৰাখে। তেওঁ ব্যৱসায়িক নেতাসকলক আশ্বাস দিয়ে যে, মঞ্চত ভাগ কৰা ধাৰণা আৰু পৰামৰ্শসমূহ এক সুনিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনাৰ জৰিয়তে আগবঢ়াই নিয়া হ’ব।
ক্ৰমবৰ্ধমান অৰ্থনৈতিক সহযোগিতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, চাইপ্ৰাছ ষ্টক এক্সচেঞ্জ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জে গুজৰাটৰ গিফ্ট চিটিত সহযোগিতা কৰিবলৈ সন্মত হৈছে। তেওঁ চাইপ্ৰ’ছৰ বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক ভাৰতৰ বিভিন্ন খণ্ডৰ সুযোগ বিচাৰিবলৈও আমন্ত্ৰণ জনায়।
ইয়াৰ পূৰ্বে এক্সত প্ৰধানমন্ত্ৰীয়ে লিখিছে, "ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰা! ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডছ আৰু মই শীৰ্ষ চিইঅ'সকলৰ সৈতে সাক্ষাৎ কৰিছিলো, ভাৰত আৰু চাইপ্ৰাছৰ মাজত বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে। উদ্ভাৱন, শক্তি, প্ৰযুক্তি আৰু অন্যান্য খণ্ডই বিপুল সম্ভাৱনা প্ৰদান কৰে।"