আৰ্ছলা খান / নতুন দিল্লী
NEET-UG 2025 ৰ ফলাফলে সমগ্ৰ দেশৰ বহু প্ৰতিভাক স্বীকৃতি দিছে যদিও জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ আফতাব ইকবালৰ সফলতাৰ কাহিনী কিছু পৃথক আৰু যথেষ্ট প্ৰেৰণাদায়ক। আফতাবে প্ৰথম প্ৰচেষ্টাত ৬২২ নম্বৰ লাভ কৰে, আৰু অল ইণ্ডিয়া ৰেংক (এআইআৰ) ৪২৩ লাভ কৰি জম্মু-কাশ্মীৰৰ ভিতৰত শীৰ্ষস্থান দখল কৰে। তেওঁ ৯৯.৯৮ শতাংশৰে এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
দুবছৰ গভীৰ আৰু নিষ্ঠাৰে পৰিশ্ৰম কৰাৰ অন্তত আফতাব ইকবালে এই সফলতা সম্পূৰ্ণ কৰিলে। তেওঁৰ মতে সফলতাৰ কোনো চুটি পথ নাই আৰু ধাৰাবাহিকতাই হৈছে প্ৰকৃত চাবিকাঠি। মেধাৱী ছাত্ৰজনে লগতে কয় যে তেওঁ কেতিয়াও কোচিং ইনষ্টিটিউট বা ব্যয়বহুল সা-সুবিধাৰ ওপৰত নিৰ্ভৰ কৰা নাছিল, বৰঞ্চ এনচিইআৰটিৰ কিতাপবোৰ গভীৰভাৱে পঢ়িছিল আৰু বুজিব চেষ্টা কৰিছিল। একে সময়তে নিয়মিতভাৱে মক টেষ্ট দি নিজৰ প্ৰস্তুতি পৰীক্ষা কৰিছিল।
নৱম আৰু দশম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ জীৱবিজ্ঞান, বিশেষকৈ জেনেটিক্সৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। তাৰ পিছত তেওঁ ডাক্তৰ হ’ব বুলি সিদ্ধান্ত লৈ সেই দিশত পদক্ষেপ ল’বলৈ ধৰিলে। আফতাবৰ মতে এজন ছাত্ৰই যদি এনচিইআৰটিৰ প্ৰতি উপযুক্ত মনোযোগ দিয়ে, নিয়মিতভাৱে অনুশীলন কৰে আৰু নিজৰ ওপৰত বিশ্বাস কৰে, তেন্তে কোনো পৰীক্ষা কঠিন নহয়।
আফতাব ইকবাল
তেওঁ কয় যে ‘ধাৰাবাহিকতাই সফলতাৰ চাবিকাঠি। মক টেষ্টে আত্মবিশ্বাস বৃদ্ধি কৰে আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত এনচিইআৰটিৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ।' এই সফলতাৰ বাবে তেওঁ শিক্ষকসকলকো কৃতিত্ব দিয়ে, যিয়ে তেওঁক প্ৰতিটো পৰ্যায়তে পথ প্ৰদৰ্শন কৰিছিল। শিক্ষকসকলৰ পৰা যদি কোনো সমৰ্থন আৰু উপযুক্ত পথ প্ৰদৰ্শন নাথাকিলহেঁতেন, তেন্তে এই কৃতিত্ব সম্ভৱ নহ’লহেঁতেন বুলিও তেওঁ কয়।
আফতাব ইকবালে স্কুলীয়া শিক্ষা খাদী (ৰামবান)ৰ চৰকাৰী হাইস্কুলৰ পৰা কৰিছিল, য'ত প্ৰায়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ডাঙৰ চহৰ আৰু ব্যয়বহুল কোচিং ইনষ্টিটিউটলৈ যোৱাৰ কথা চৰ্চা হয়। আফতাবৰ সফলতাই এই চিন্তাধাৰা সলনি কৰে।
তেওঁৰ পিতৃয়ে কয় যে চৰকাৰী বিদ্যালয়খনৰ শিক্ষকসকলে তেওঁৰ পুত্ৰক এক উৎকৃষ্ট শৈক্ষিক পৰিৱেশ প্ৰদান কৰিছিল, যাৰ ফলত তেওঁৰ ভেটি অধিক শক্তিশালী হৈছিল। তেওঁ কয়, ‘মই মোৰ ল’ৰাটোক কেতিয়াও হেঁচা দিয়া নাছিলো, মই মাত্ৰ তেওঁক সমৰ্থন কৰিছিলো। প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ সপোনক পোহপাল দিয়া উচিত।
কোচিং চেণ্টাৰত আফতাবৰ সাফল্য উদযাপন
যেতিয়া NEET 2025 ৰ ফলাফল প্ৰকাশ পালে, তেতিয়া আফতাবে নিজৰ চকুক বিশ্বাস কৰিব পৰা নাছিল। তেওঁ প্ৰায় ৬১৮ নম্বৰৰ আশা কৰিছিল যদিও ৬২২ নম্বৰ আৰু শীৰ্ষ ৫০০ৰ ভিতৰত অল ইণ্ডিয়া ৰেংক দেখি প্ৰথমে ঈশ্বৰক ধন্যবাদ জনায়। জম্মু-কাশ্মীৰৰ টপাৰ হোৱাটো তেওঁৰ বাবে এক সপোনৰ দৰেই আছিল, যিটো প্ৰথম প্ৰচেষ্টাতে বাস্তৱায়িত হৈছিল।
আফতাবৰ সফলতাৰ কাৰণ আছিল তেওঁৰ পিতৃ-মাতৃৰ ত্যাগ-কষ্ট আৰু সহায়। দেউতাকে কয় যে তেওঁ কেতিয়াও আফতাবক ডাক্তৰ হ’বলৈ বাধ্য কৰা নাছিল, বৰঞ্চ তেওঁৰ সপোনটো গ্ৰহণ কৰিছিল আৰু প্ৰতিটো খোজতে তেওঁক সমৰ্থন কৰিছিল। অভিভাৱকৰ সহযোগিতা, শিক্ষকৰ দিহা-পৰামৰ্শ আৰু নিজৰ কঠোৰ পৰিশ্ৰমে আজি আফতাবক এই পদত উপনীত কৰাইছে।
আজি দিনক দিনে প্ৰতিযোগিতা বাঢ়ি অহাত আফতাব ইকবালৰ দৰে ছাত্ৰ-ছাত্ৰী সীমিত সা-সুবিধা, গ্ৰাম্য পটভূমি বা আৰ্থিক প্ৰত্যাহ্বানৰ মাজতো ডাঙৰ সপোন দেখা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণা। তেওঁ প্ৰমাণ কৰিছে যে যদি লক্ষ্য স্পষ্ট হয় আৰু কঠোৰ পৰিশ্ৰম কৰিব পাৰে, তেন্তে কোনো গন্তব্যস্থান দূৰ নহয়।
আফতাব ইকবাল
আফতাব ইকবালৰ কাহিনী কেৱল এজন ছাত্ৰৰ সফলতাই নহয়, বৃহৎ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও ই এক আশাৰ ৰেঙণি। তেওঁৰ সংগ্ৰাম, নিষ্ঠা, অনুশাসন আৰু আত্মবিশ্বাসে দেখুৱাইছে যে কোনো চুটি আৰু সহজ পথ নোহোৱাকৈও সফলতা লাভ কৰিব পাৰি।
ৰামবনৰ দৰে এখন সৰু জিলাৰ পৰা ওলাই আহি সমগ্ৰ জম্মু-কাশ্মীৰৰ ভিতৰত শীৰ্ষস্থান দখল কৰাটো আফতাবৰ কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবেও আশা আৰু প্ৰেৰণাৰ কাহিনী।