বিগ বছ-১৯ত প্ৰৱেশৰ পূৰ্বে চৰ্চিত হোৱা উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ অৰিশফা খান কোন

Story by  atv | Posted by  [email protected] • 6 h ago
মোহময়ী অভিনেত্ৰী অৰিশফা খান
মোহময়ী অভিনেত্ৰী অৰিশফা খান
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

টিভি জগতৰ আটাইতকৈ বিতৰ্কিত আৰু বহু চৰ্চিত শ্ব’ ‘বিগ বছ’ আকৌ এবাৰ ঘূৰি আহিবলৈ সাজু হৈছে। এইবাৰ ইণ্টাৰনেটত ‘বিগ বছ ১৯’ক লৈ ব্যাপক চৰ্চা দেখা গৈছে। ছলমান খানে আঁত ধৰা এই অনুষ্ঠানটোৰ ১৯ সংখ্যক ছিজন ২০২৫ চনৰ জুলাইত অন এয়াৰ হ’ব আৰু ২০২৬ চনৰ জানুৱাৰীলৈকে চলিব।
 
এইবাৰ শ্ব’টোৰ ফৰ্মেট আগৰ তুলনাত দীঘলীয়া আৰু শক্তিশালী বুলি কোৱা হৈছে, কাৰণ এই ছিজনটো সম্পূৰ্ণ ৫.৫ মাহ চলিব পাৰে, যিটো আজিলৈকে আটাইতকৈ দীঘলীয়া সময়ৰ হ’ব। খবৰ অনুসৰি এইবাৰ ‘খাট্ৰ’ কে খিলাড়ী ১৫’ বাতিলৰ বাবে ‘বিগ বছ ১৯’ পূৰ্বতে মুকলি কৰা হৈছে।
 
ছলমান খানক পুনৰবাৰ এই অনুষ্ঠানটোৰ আঁত ধৰা দেখা গৈছে, যিটো অনুৰাগীৰ বাবে এক বৃহৎ আনন্দতকৈ কম নহয়। শেহতীয়াকৈ শ্ব’টোৰ সম্ভাৱ্য প্ৰতিযোগীৰ নাম চৰ্চালৈ আহিছে, আৰু ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত হৈছে মোহময়ী অভিনেত্ৰী আৰিশফা খান (Arishfa Khan)।
 
উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ আৰিশফা খানৰ জন্ম হৈছিল ২০০৩ চনৰ ৩ এপ্ৰিলত। অতি কম বয়সতে শিশু শিল্পী হিচাপে টেলিভিছনৰ জগতত প্ৰৱেশ কৰি 'এক বীৰ কি অৰ্দাস...বীৰা', 'ছাল - শ্বাহ ঔৰ মাত' আৰু 'জিনি ঔৰ জুজু' আদি অনুষ্ঠানেৰে জনপ্ৰিয়তা অৰ্জন কৰে। পিছলৈ তেওঁ ‘পাপা বাই চান্স’ত মুখ্য চৰিত্ৰত অভিনয় কৰে।
 
শ্বুটিঙৰ বাবে সাজু হৈছে 'বিগ বছ'ৰ ছেট
 
টিভিৰ উপৰিও আৰিশফাই ডিজিটেল জগততো বহু সুনাম অৰ্জন কৰিছে। ইনষ্টাগ্ৰামত তেওঁৰ ৩ কোটিতকৈ অধিক ফ’ল’ৱাৰ আছে আৰু ইউটিউব, টিকটকৰ দৰে প্লেটফৰ্মত তেওঁৰ ভিডিঅ’ ভাইৰেল হৈয়েই থাকে। এক সাক্ষাৎকাৰত আৰিশফাই কৈছিল যে তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষণ লাভ কৰিছিল ছবিৰ ষ্টাণ্টউমেন মাতৃৰ পৰা। যদিহে তেওঁ এই ছিজনৰ অংশ হৈ পৰে তেন্তে ই তেওঁৰ কেৰিয়াৰৰ বাবে এক নতুন আৰু ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ব পাৰে।
 
আন সম্ভাৱ্য প্ৰতিযোগীসকলৰ ভিতৰত আছেঃ গৌৰৱ তানেজা (ফ্লাইং বিষ্ট, ইউটিউবাৰ), মমতা কুলকাৰ্ণী (বলীউডৰ প্ৰাক্তন অভিনেত্ৰী), ৰাজ কুন্দ্ৰ (ব্যৱসায়ী), ফৈছাল শ্বেখ (মিষ্টাৰ ফাইছু, ছ’চিয়েল মিডিয়া ষ্টাৰ), ধীৰাজ ধূপৰ (টিভি অভিনেতা), কৃষ্ণ শ্ৰফ (টাইগাৰ শ্ৰফৰ ভগ্নী), অপূৰ্ব মাখিজা (ইনফ্লুৱেন্সাৰ), মুনমুন দত্ত (ববিতা জী, 'তৰাক মেহতা কা উলতা চশমাহ' খ্যাত), খুশী ডুবে (ৱেব ছিৰিজ 'আশ্ৰম' খ্যাত), ৰাম কাপুৰ (টিভিৰ সুপৰিচিত অভিনেতা), কণিকা মান (‘গুদ্দান’ খ্যাত)।
 
অৰিশফা খানৰ ৰূপ-সৌন্দৰ্য, ফটোঃ ফেচবুক
 
যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও সূত্ৰ অনুসৰি বিগ বছ অনুষ্ঠানৰ কৰ্তৃপক্ষই বহু চেলিব্ৰিটিৰ সৈতে আলোচনাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। অতি সোনকালে শ্ব’টোৰ থিম, প্ৰমো আৰু প্ৰতিযোগীৰ তালিকা সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰা হ’ব। প্ৰতিটো ছিজনৰ দৰেই এইবাৰো শ্ব’টোৰ থিমটো সম্পূৰ্ণ নতুন আৰু আচৰিত হ’ব পাৰে।
 
কোৱা হৈছে যে এইবাৰ অনুষ্ঠানটো অধিক কঠিন, মানসিক আৰু শাৰীৰিক প্ৰত্যাহ্বানৰে ভৰা হ’ব। নাটক, বিতৰ্ক, আৱেগ আৰু ৰোমাঞ্চেৰে ভৰপূৰ হ'বলগীয়া অনুষ্ঠানটোত দৰ্শকে এইবাৰ প্ৰচুৰ মনোৰঞ্জন লাভ কৰিব বুলি আশা কৰা হৈছে। গতিকে যদি আপুনিও ‘বিগ বছ’ৰ অনুৰাগী, তেন্তে আন এটা ধুমুহাময়, নাটকৰে ভৰা আৰু ৰোমাঞ্চকৰ ছিজনৰ বাবে সাজু হওক, য’ত প্ৰতিদিনে কিবা নহয় কিবা নতুন আৰু আচৰিত ধৰণৰ প্ৰদৰ্শন দেখিবলৈ পাব।