জাইনাব হুছেইন, ছৈয়দা ছাদিয়াঃ আলভি সম্প্ৰদায়ৰ পৰা NEET-ত উত্তীৰ্ণ হোৱা প্ৰথম শিক্ষাৰ্থী

Story by  atv | Posted by  [email protected] • 6 h ago
জাইনাব হুছেইন আৰু ছৈয়দা ছাদিয়া
জাইনাব হুছেইন আৰু ছৈয়দা ছাদিয়া
 
ইউনুছ আলভি / নুহ (হাৰিয়ানা)

হাৰিয়ানাৰ নুহ জিলাৰ ছৈয়দা জাইনাব হুছেইন আৰু তেওঁৰ খুৰীয়েক ছৈয়দা ছাদিয়াই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা NEET 2025-ত সফলতাৰে উত্তীৰ্ণ হৈ নিজৰ পৰিয়াল আৰু দেশৰ আটাইতকৈ পিছপৰা অঞ্চলটোলৈ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে।
 
এই যুৱতীদ্বয়ৰ কৃতিত্ব আৰু অধিক ঐতিহাসিক যিহেতু তেওঁলোক মুছলমানৰ এটা পিছপৰা গোট আলভি সম্প্ৰদায়ৰ পৰা আহিছে। মাটিৰ মালিকীস্বত্ব, শিক্ষা, আৰু মহিলা সবলীকৰণৰ অভাৱত ভুগি থকা আলভি সম্প্ৰদায়টো মেৱাটৰ আটাইতকৈ পিছপৰা সম্প্ৰদায়ৰ ভিতৰত অন্যতম। ২০২৫ চনৰ NEET-ত ৫৫১ নম্বৰ লাভ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছৈয়দা জাইনাব হুছেইনে। এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হোৱা তেওঁ আলভি সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।
 
প্ৰায়ে দেখা যায় যে এই সম্প্ৰদায়ৰ ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ ওপৰত শিক্ষা গ্ৰহণৰ অনুমতি দিয়া নহয়, কিন্তু জাইনাবে এই ধাৰণা ভংগ কৰি সকলো নাকচকাৰীক ভুল প্ৰমাণ কৰি এক পৰিৱৰ্তনকাৰী হৈ পৰিল। আমোদজনক কথাটো হ’ল তৃতীয়বাৰৰ চেষ্টাত জাইনাবে নীট পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হয়। 
 
ছৈয়দা জাইনাব হুছেইনক সম্বৰ্ধনা আলভি সম্প্ৰদায়ৰ বিশিষ্ট সমাজকৰ্মীৰ
 
ইফালে, জাইনাবৰ মাহীয়েক (মাতৃৰ ভগ্নী) ছৈয়দা ছাদিয়াই নীট পৰীক্ষাত ৫৩৬ নম্বৰ লাভ কৰি প্ৰমাণ কৰিলে যে এই কৃতিত্ব কেৱল কাকতলীয়া নহয়, সামাজিক পৰিৱৰ্তনৰো আৰম্ভণি। জাইনাবৰ পিতৃ জাকিৰ হুছেইন হাৰিয়ানা আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক আৰু এছ পি অফিচ নুহৰ নিৰাপত্তা শাখাত পদবী। তেওঁলোকৰ পৰিয়ালটো ফিৰোজপুৰ ঝিৰকাৰ কামেন্দা গাঁওৰ বাসিন্দা।
 
জাইনাবৰ ককায়েক প্ৰয়াত জমীল আহমেদ ভাৰতীয় ষ্টেট বেংকৰ হেড গাৰ্ড আছিল। এনে এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা জাইনাবৰ চিকিৎসা পৰীক্ষাৰ দৰে প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত সফলতা কেৱল ব্যক্তিগত জয় নহয়, মুছলমান সমাজৰ ছোৱালীৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে।
 
জাকিৰ হুছেইনে কয় "জাইনাব সৰুৰে পৰা পঢ়া-শুনাত মেধাৱী। দুবাৰকৈ বিফল হোৱাৰ পিছতো তেওঁ হাৰ নামানিলে। প্ৰতিটো ব্যৰ্থতাৰ পৰা শিকি আগবাঢ়িছিল আৰু এইবাৰ ভাল নম্বৰ লৈ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰমাণ কৰিলে যে যদি আপোনাৰ আবেগ আৰু ইচ্ছা থাকে তেন্তে আপুনি সফলতা লাভ কৰাটো নিশ্চিত।"
 
একেদৰে ছৈয়দা ছাদিয়াও এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছে। ২০১৬ চনত মেৱাট চিভিল চাৰ্জন অফিচৰ চালক পদৰ পৰা অৱসৰ লোৱা তেওঁৰ পিতৃ হাজী ইজৰাইলে তেওঁৰ সকলো কন্যাক ভাল শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাছিল।
 
জাকিৰ হুছেইনৰ মতে তেওঁৰ পত্নী কেৱল মেট্ৰিক পাছ হ’লেও তেওঁৰ সকলো ভগ্নীয়ে এম এ, ডাবল এম এ আৰু এজন ভাতৃয়ে এম বি বি এছ কৰি আছে। আলভি সম্প্ৰদায়ৰ বিশিষ্ট সদস্য যেনে জিলা উপায়ুক্ত ছাবিৰ হুছেইন, জাকাম আলভি, গুলাম নবী আজাদ, ছৈয়দ জাকিৰ হুছেইন, আৰু নাজিম হুছেইনে জাইনাব আৰু ছাদিয়াৰ ঘৰত উপস্থিত হৈ তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনায়।
নুহ বাৰ এছ’চিয়েশ্যন (Nuh Bar Association)ৰ প্ৰাক্তন সভাপতি তাহিৰ হুছেইন ৰূপদিয়াই মহিলা দুগৰাকীৰ ঘৰ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কয় যে, “NEET পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকে সমাজৰ আন ছোৱালীৰ বাবে এক নতুন পথ মুকলি কৰিছে। এইটো এটা উদাহৰণ হৈ পৰিব যিয়ে আগন্তুক সময়ত মিছনৰ দৰে কাম কৰিব।"
 
তেওঁ লগতে কয়, "মেৱাটৰ দৰে অঞ্চলত মহিলা চিকিৎসকৰ যথেষ্ট নাটনি হৈছে, যেতিয়া আমাৰ নিজৰ সম্প্ৰদায়ৰ ছোৱালীবোৰ চিকিৎসক হ'ব, তেতিয়া তেওঁলোকে ইয়াৰ মহিলাসকলৰ চিকিৎসা ভাল কৰাই নহয়, সমাজৰ চিন্তাধাৰাও সলনি কৰিব।" সমাজ বিজ্ঞানীসকলে কয় যে জাইনাব আৰু ছাদিয়াৰ এই কৃতিত্বই ৰাজস্থানৰ মুছলমান প্ৰধান অঞ্চল সমগ্ৰ মেৱাট অঞ্চলৰ মহিলাসকলৰ শিক্ষাত উন্নতি সাধন কৰিব।