অসমৰ এগৰাকী ব্যতিক্ৰমী মৌলানা

Story by  Daulat Rahman | Posted by  Munni Begum • 8 h ago
মৌলানা নুৰুল আমিন কাছিমী
মৌলানা নুৰুল আমিন কাছিমী
 
দৌলত ৰহমান/গুৱাহাটী
 
উত্তৰ প্ৰদেশৰ ইছলামিক বিশ্ববিদ্যালয় আৰু চেমিনাৰী দাৰুল উলুম দেওবন্দৰ পৰা উত্তীৰ্ণ হোৱা অসমৰ গৰিষ্ঠসংখ্যক মুছলমান যুৱকে পৰৱৰ্তী সময়ত মছজিদ, মাদ্ৰাছা আদিৰ দৰে অনুষ্ঠানত যোগদান কৰি পবিত্ৰ কোৰাণ আৰু অন্যান্য ইছলামিক আচাৰ-ব্যৱহাৰ নতুন প্ৰজন্মক শিকোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।   
 
কিন্তু সেই একেই  দাৰুল উলুমৰ প্ৰাক্তন ছাত্ৰ মৌলানা নুৰুল আমিন কাছিমী ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম। ইছলামিক শিক্ষা গ্ৰহণ কৰি মৌলানা কাছিমীয়ে সমাজকল্যাণমুখী কাৰ্যকলাপত নিজকে ব্ৰতী কৰিলে। ইছলাম ধৰ্ম আৰু মুছলমান সম্প্ৰদায়ৰ প্ৰতি থকা বহু ভুল ধাৰণা দূৰ কৰাৰ বাবে তেওঁ এক অভিনৱ অভিযান আৰম্ভ কৰিলে। তেওঁ সমগ্ৰ অসমতে ব্যতিক্ৰমী আৰু উদ্ভাৱনী চিন্তাৰে সঠিক ৰূপত ইছলাম প্ৰচাৰ কৰি আহিছে।  
 
সামাজকল্যাণমূলক অভিযানত ব্যস্ত মৌলানা নুৰুল আমিন কাছিমী
 
ইতিমধ্যে মৌলানা কাছিমীৰ বহু ভিডিঅ’ই ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। এই ভিডিঅ'বোৰত মৌলানা কাছিমীয়ে শিক্ষাৰ গুৰুত্ব আৰু ইছলাম ধৰ্মৰ সাৰমৰ্ম জনসাধাৰনে বুজিব পৰাকৈ সহজ ভাষাত প্ৰকাশ কৰিছে। ৰাইজে সহজে বুজিব পৰাকৈ পবিত্ৰ কোৰাণৰ বিভিন্ন আয়াত স্থানীয় অসমীয়া ভাষাত অনুবাদ কৰিছে।  
 
মছজিদ, ঈদগাহ, মাদ্ৰাছা, ৰাজহুৱা অনুষ্ঠান আৰু অন্যান্য প্ৰভাৱশালী মঞ্চত মৌলানা কাছিমীয়ে প্ৰেৰণাদায়ক ভাষণেৰে অজস্ৰজনৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। 
 
মৌলানা কাছিমীয়ে শেহতীয়াকৈ পবিত্ৰ কোৰাণৰ অসমীয়া ব্যাখ্যা আৰু অনুবাদ অসমীয়া পাঠকৰ বাবে প্ৰকাশ কৰিছে। আজিকালি বহুলোকে সময়ৰ অভাৱত কিতাপ পঢ়িব নোৱাৰে। সেয়েহে মৌলানা কাছিমীয়ে ভইচ অভাৰেৰে পবিত্ৰ কোৰাণৰ অসমীয়া অনুবাদ অডিঅ’ ফৰ্মেটত মুকলি কৰিছে। 
 
মৌলানা কাছিমীয়ে সমাজৰ বাবে প্ৰগতিশীল চিন্তাৰে ইছলামিক শিক্ষা গ্ৰহণ কৰা কিছু যুৱকৰ সৈতে মধ্য অসমৰ তেজপুৰ চহৰত ইছলামিক ৰিচাৰ্চ এণ্ড ষ্টাডি চেণ্টাৰো প্ৰতিষ্ঠা কৰিছে।
   
মৌলানা নুৰুল আমিন কাছমীয়ে অসমীয়া ভাষাত পবিত্ৰ কোৰাণ ৰেকৰ্ডিং কৰি থকা এক মূহুৰ্ত
 
মৌলানা কাছিমীয়ে মধ্য অসমৰ শোণিতপুৰ জিলাৰ চতিয়া অঞ্চলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত ইছলামিক শিক্ষাৰ বাবে লখিমপুৰ জিলাৰ খুতকতীয়া দিন আলিয়া মাদ্ৰাছাত নামভৰ্তি কৰিছিল। তাত ৬ বছৰ পঢ়া-শুনা কৰি তেওঁ হোজাই জিলাৰ জলালিয়া মাদ্ৰাছাত অধ্যয়ন কৰে।  
 
মৌলানা কাছিমীয়ে হোজাইৰ জালালিয়া মাদ্ৰাছাত অধ্যয়ন কৰি থকাৰ সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দ মাদ্ৰাছাত ইছলামিক শিক্ষা শেষ কৰিছিল। দেওবন্দ মাদ্ৰাছাত ইছলামিক শিক্ষা সমাপ্ত কৰি মৌলানা কাছিমিয়ে মধ্য অসমৰ হোজাই জিলাৰ মাৰ্কাজুল মা-আৰিফত শিক্ষকতা আৰম্ভ কৰে।  
 
শিক্ষকতা কৰি থকাৰ সময়তে মৌলানা কাছিমীয়ে সাধাৰণ শিক্ষাত উচ্চতৰ মাধ্যমিক পৰীক্ষা বা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছত ৰূপহী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পি এইচ ডিৰ বাবে অধ্যয়ন কৰি আছে। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌলানা কাছিমীয়ে কয়, "আমি অসমীয়া মুছলমান, আৰু আমি অসমীয়া মুছলমান হিচাপেই জীয়াই আছোঁ। ইছলামক লৈ কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি হয়, আৰু কিছুমান মুছলমান লোকৰ বাবেই বহুতৰে মাজত ইছলাম ধৰ্মৰ সম্পৰ্কে ভুল বুজাবুজিৰ সৃষ্টি হয়। ইছলাম ধৰ্মৰ একাংশ অনুগামীয়ে জ্ঞানৰ অভাৱৰ বাবে ধৰ্মৰ ভুল ব্যাখ্যা কৰি আহিছে। মই পবিত্ৰ কোৰাণ আৰু হজৰত মহম্মদৰ বিষয়ে জনসাধাৰণক সঁচা কথাৰ জ্ঞান দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলোঁ। আমি ইছলামক ইয়াৰ প্ৰকৃত ৰূপত আৰু আমাৰ স্থানীয় ভাষাত উপস্থাপন কৰিব লাগিব। সেইবাবেই মই এই প্ৰচেষ্টা চলাইছো। ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থবোৰ আৰবী ভাষাত লিপিবদ্ধ হৈ আছে, গতিকে এই পবিত্ৰ গ্ৰন্থবোৰ সকলোকে আমাৰ স্থানীয় ভাষাত বুজাই দিয়াটো আমাৰে দায়িত্ব।”   
 
মৌলানা নুৰুল আমিন কাছিমীয়ে আৰ্তজনৰ মাজত কম্বল বিতৰণ কৰাৰ এক দৃশ্য
 
মৌলানা কাছিমীয়ে পুনৰ কয় যে, বাধ্যতামূলক জুম্মা নামাজ (শুকুৰবাৰৰ নামাজ)ৰ বাবে যেতিয়া মুছলমানসকলে একগোট হয়, তেতিয়া ইমামে 'খুতবাহ' নামৰ ধৰ্মধ্বনি দিয়ে। 'খুতবাহ'ত ইমামগৰাকীয়ে ইছলামৰ নীতি, সমাজৰ প্ৰতি নিজৰ কৰ্তব্য, ভাল কামৰ আহ্বান, আন ধৰ্মৰ প্ৰতি সন্মান আদিৰ কথা স্পষ্টভাৱে বুজাই দিয়ে। যিহেতু বহু মছজিদত 'খুতবা' আৰবী ভাষাত অনুবাদ কৰা হয়, গতিকে এই আয়াতবোৰৰ প্ৰকৃত অৰ্থ বুজিবলৈ স্থানীয় লোকসকলৰ বাবে যথেষ্ট কঠিন হয়। 
 
"মই ভাবিছিলো যে শান্তি, মানৱতাৰ বাৰ্তা বা 'খুতবাহ'ত দিয়া বক্তব্য যদি মানুহে বুজিব পৰাকৈ সহজ স্থানীয় ভাষাত বুজাই দিয়া হয়, তেন্তে তেওঁলোকে যথেষ্ট উপকৃত হ'ব পাৰিব আৰু ইছলাম ধৰ্মৰ সম্পৰ্কে থকা ভুল ধাৰণাবোৰ দূৰ হ'ব। আৰবী ভাষাত 'খুতবাহ' পাঠক লৈ মতাদৰ্শগত পাৰ্থক্য দেখা যায়। কোনো কোনোৱে কয় যে, ইয়াক মাতৃভাষাত বুজাই দিব লাগে। কিন্তু, আমাৰ ইছলামিক বিধি অনুসৰি যিহেতু নবীৰ সময়ৰ পৰা আৰবী ভাষাত 'খুতবা' পঢ়াৰ পৰম্পৰা চলি আহিছে, সেয়েহে কিছুমান ঠাইত ইয়াৰ পৰিৱৰ্তন কৰা হোৱা নাই।"- মৌলানা কাছিমীয়ে কয়। 
 
মৌলানা কাছিমীয়ে কয় যে, ইছলামিক শিক্ষাৰ লগতে আধুনিক সাধাৰণ শিক্ষা গ্ৰহণ কৰটোও অত্যন্ত গুৰুত্বপূৰ্ণ। মুছলমান সমাজ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা। মুছলমান সমাজত মৌলানা বা উলেমাক সন্মানিত ব্যক্তি আৰু ধৰ্মগুৰু বুলি গণ্য কৰা হয়। গতিকে, উলেমাসকলে যদি শিক্ষাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়ে, তেন্তে মই ভাবো সকলোৱে তেওঁলোকক অনুসৰণ কৰি উপকৃত হ'ব পাৰিব। এই ক্ষেত্ৰত আমাৰ ধৰ্মগুৰুসকলৰ বহু কাম আছে। ধৰ্মীয় মণ্ডলীত এই বিষয়বোৰৰ ওপৰত গুৰুত্ব কমকৈ দিয়া দেখা যায়। ইছলামৰ মৌলিক শিক্ষা লোৱাটো বাধ্যতামূলক, কিন্তু ভৱিষ্যতৰ বাবে সস্তম ভাল নাগৰিক আৰু ব্যক্তি হ’বলৈও আমি  সাধাৰণভাৱে শিক্ষিত হোৱাটোও প্ৰয়োজনীয়।   
 
মৌলানা নুৰুল আমিন কাছিমীয়ে এগৰাকী যুৱতীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ এক দৃশ্য
 
মৌলানা কাছিমীয়ে তেওঁক নিমন্ত্ৰণ কৰা সকলো ধৰ্মীয় সভাতে ধাৰাবাহিকভাৱে একে ধৰণৰ ভাষণ দি আহিছে। তেওঁ কয়, "আমাৰ হজৰত মহম্মদে আমাক শিক্ষাৰ বাবে চীন দেশলৈও যাবলৈ নিৰ্দেশ দি থৈ গৈছিল। পবিত্ৰ কোৰাণৰ প্ৰথম শব্দটো হৈছে ইক্ৰা (পঢ়ক)। যদিও আমাৰ নবীয়ে আমাক শিক্ষা গ্ৰহণৰ বাবে চীন দেশলৈ যাবলৈও অনুমতি দিছে, কিন্তু চীনত ইছলামিক শিক্ষাৰ কোনো পৰিসৰ নাই। সেয়েহে আমাৰ নবীয়ে একে সময়তে ইছলামিক শিক্ষাৰ উপৰিও তথ্য-প্ৰযুক্তি আৰু আধুনিক শিক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। এতিয়া মাত্ৰ ৪% মুছলমান শিশুৱে মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰে।"  
 
মৌলানা কাছিমীয়ে পুনৰ কয়, "সকলো মুছলমান ল'ৰা-ছোৱালীয়ে মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা নাই আৰু সকলোৱে কৰাৰ প্ৰয়োজনো নাই। ৪% মৌলানা বা হাফিজ হ'ব লাগিব কাৰণ ভৱিষ্যতে তেওঁলোকে ধৰ্ম ৰক্ষা কৰিব লাগিব। বাকী ৯৬% ছাত্ৰ-ছাত্ৰীৰ আধুনিক শিক্ষাৰে নিজকে শিক্ষিত কৰি সমাজৰ ভাল সদস্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগিব।"  
 
মাদ্ৰাছাত পঢ়া বা আধুনিক শিক্ষা গ্ৰহণ কৰা শিশুৰ উপৰিও স্কুল এৰা শিক্ষাৰ্থীসকলৰ কথাও আমি চিন্তা কৰাটো প্ৰয়োজনীয় বুলি মৌলানা কাছিমীয়ে উল্লেখ কৰে। তেওঁ কয় যে, শিক্ষাৰ জৰিয়তেহে মুছলমান সম্প্ৰদায়ক বৰ্তমানৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পৰা যাব।