Mon Jul 14 2025 11:12:02 PM
  • Follow us on
  • Subcribe

পিতৃ দিৱস উপলক্ষে বিশেষ প্ৰতিবেদনঃ সন্তানৰ সপোন আৰু প্ৰেৰণা হৈ পৰা সেই পিতৃসকল...

Story by  atv | Posted by  sarmamukut98@gmail.com • 29 d ago
পুত্ৰৰ সপোন আৰু প্ৰেৰণা হৈ পৰা সেই পিতৃসকল
পুত্ৰৰ সপোন আৰু প্ৰেৰণা হৈ পৰা সেই পিতৃসকল
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী

প্ৰতি বছৰে জুন মাহৰ তৃতীয় দেওবাৰে পিতৃ দিৱস পালন কৰা হয়, আৰু এইবাৰ ১৫ জুনত এই বিশেষ দিনটো পালন কৰা হৈছে। আমাৰ জীৱনৰ প্ৰকৃত নায়ক আমাৰ পিতৃৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে এই দিৱসৰ আয়োজন কৰা হয়। পিতৃসকল কেৱল আমাৰ সুখৰ অংশীদাৰ নহয়, আমাৰ সপোন পূৰণৰ বাবেও তেওঁলোকে অজস্ৰ ত্যাগ কৰে।
 
এই দিনটোৱে আমাক মনত পেলাই দিয়ে যে কেনেকৈ এজন পিতৃয়ে নিজৰ সন্তানৰ সফলতাৰ বাবে নিঃচৰ্তভাৱে সংগ্ৰাম কৰে, তেওঁৰ যত্ন লয়, প্ৰতিটো খোজতে তেওঁক পথ প্ৰদৰ্শন কৰে। এই বিশেষ প্ৰপতিবেদনত আহক আমি নিজৰ সন্তানক বহু উচ্চতালৈ লৈ যোৱাৰ বাবে নিজৰ সমগ্ৰ পৃথিৱীখন উৎসৰ্গা কৰা এজন পিতৃৰ কাহিনীৰ বিষয়ে জানো। এয়া পিতৃৰ অদম্য পৰিশ্ৰম আৰু পুত্ৰৰ ভৱিষ্যতৰ প্ৰতি অদম্য দায়বদ্ধতাৰ এখ প্ৰেৰণাদায়ী কাহিনী।
 
উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ ৰুকুদ্দিন ছৰায়ৰ সৰু সৰু লেনবোৰত বাস কৰি হালিম বনোৱা এজন পিতৃয়ে দিনে নিশাই কাম কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে পুত্ৰ মহম্মদ কাছিমক এনে এটা স্থানলৈ লৈ যোৱাত সফল হ’ল য’ত আজি কাছিমে ন্যায়াধীশৰ চকীত বহিবলৈ সাজু হৈছে।
 
কাছিমৰ বাবে এই সফলতা এক অলৌকিকতাতকৈও কম নহয়, কিন্তু এই সফলতা জীৱনত সদায় নিজৰ পুত্ৰক কিবা এটা ডাঙৰ কাম কৰিবলৈ অনুপ্ৰাণিত কৰা পিতৃৰ সংগ্ৰাম আৰু নিস্বাৰ্থ কষ্টৰ ফল। কাছিম সৰুতে দেউতাকে প্ৰতিদিনে ৰাতিপুৱা ৩ বজাত হালিম বনাবলৈ আৰম্ভ কৰিছিল, আৰু গোটেই পৰিয়ালটোৱেও তেওঁৰ লগত এই কামত যোগ দিছিল। এই কঠিন জীৱনৰ মাজতো কাছিমৰ সপোন কেতিয়াও ভাঙি যোৱা নাছিল।
 
পিতৃ-মাতৃৰ সৈতে মহম্মদ কাছিম
 
কাছিমৰ পিতৃয়ে তেওঁক সদায় বুজাই দিছিল যে শিক্ষাই আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা, যিয়ে তেওঁক যিকোনো পৰিস্থিতিত সফলতা কঢ়িয়াই আনিব পাৰে। দশম শ্ৰেণীত যেতিয়া কাছিমে বিফলতাৰ সন্মুখীন হ’ল, তেতিয়া তেওঁৰ পিতৃয়ে তেওঁক আশা হেৰুৱাব দিয়া নাছিল আৰু তেওঁক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল।
 
ইয়াৰ পিছত কাছিমে চৰকাৰী বিদ্যালয় এখনত পঢ়া-শুনা অব্যাহত ৰাখিছিল, আৰু অধিক শিক্ষাৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ভৰ্তি হোৱাৰ সময়ত পিতৃয়ে তেওঁৰ সকলো প্ৰত্যাহ্বান এৰি কাছিমক সমৰ্থন কৰিছিল। কাছিমৰ দিল্লীত থাকিবলৈ ঠাই নাছিল, সেয়েহে শ্মশানৰ ওচৰতে এটা জুপুৰি সাজি জীৱনৰ কষ্টৰ সন্মুখীন হ’ল। কিন্তু কষ্টৰ মাজতো দেউতাকৰ বিশ্বাস আৰু সপোন কেতিয়াও এৰি দিয়া নাছিল।
 
কাছিমে ২০১৯ চনত এল এল এমত অল ইণ্ডিয়া ৰেংক ১ লাভ কৰে, আৰু তাৰ পিছত ২০২১ চনত ইউ জি চি নেট পৰীক্ষাত উত্তীৰ্ণ হয়। কাছিমৰ পিতৃৰ সংগ্ৰামৰ প্ৰতীক আছিল যে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰাহে মানুহৰ সপোন পূৰণ হ’ব পাৰে। তেওঁ কেতিয়াও পুতেকক কোৱা নাছিল যে তেওঁ নিজৰ কামত দেউতাকক সহায় কৰিব লাগিব, কিন্তু কাছিমে নিজেই সেই দায়িত্ব মূৰ পাতি লৈছিল। 
 
কাছিমৰ সফলতা কেৱল তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফল নহয়, পিতৃৰ সংগ্ৰামৰো ফল। কাছিমৰ সফলতাই প্ৰমাণ কৰে যে যেতিয়া এজন পিতৃয়ে নিজৰ পুত্ৰৰ সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে তেতিয়া তেওঁৰ সপোন বাস্তৱায়িত হয়। এই যাত্ৰাত কাছিমৰ পিতৃৰ নিস্বাৰ্থ মনোভাৱ, সংগ্ৰাম, সমৰ্পণে তেওঁক এই পৰ্যায়লৈ লৈ গ’ল।
 
আজি যেতিয়া কাছিমে ন্যায়াধীশৰ পদত বহিব তেতিয়া সেয়া হ’ব তেওঁৰ পিতৃৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ ফল। এই কাহিনীটো কেৱল কাছিমৰ সংগ্ৰামৰ বিষয়ে নহয়, পুত্ৰৰ সফলতাৰ বাবে প্ৰতিটো অসুবিধাৰ সন্মুখীন হোৱা পিতৃৰ বিষয়ে। পুত্ৰৰ বাবে সকলো সপোন এৰি থৈ যোৱা পিতৃৰ মৰম আৰু সমৰ্পণৰ প্ৰতীক এয়া, যাতে পুত্ৰই নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে।
 
ইফালে, আজি আমি পিতৃ দিৱস উদযাপন কৰাৰ সময়ত কৰ্ণেল ছফিয়া কুৰেছিৰ পিতৃ তাজ মহম্মদ কুৰেশ্বীৰ নাম আৰু প্ৰেৰণাদায়ক যাত্ৰা আমাৰ বাবে আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে। এয়া এগৰাকী পিতৃৰ সংগ্ৰাম, নিষ্ঠা আৰু নিজৰ দেশৰ প্ৰতি থকা প্ৰেমৰ কাহিনী, যিয়ে নিজৰ কন্যাক দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰাই নহয়, এগৰাকী শক্তিশালী, স্বাধীন আৰু নিৰ্ভীক মহিলা বিষয়া হ’বলৈও উৎসাহিত কৰিছিল।
 
ছফিয়াৰ পিতৃ তাজ মহম্মদ কুৰেশ্বীয়ে নিজে সেনা বিষয়া হিচাপে কাম কৰি আহিছে, তেওঁ কয়, “আমি বহুত গৌৰৱান্বিত। আমাৰ ছোৱালীজনীয়ে দেশৰ বাবে ডাঙৰ কাম কৰিছে। সন্ত্ৰাসবাদক শিপাই পৰা ধ্বংস কৰা উচিত।"
 
ভাৰতীয় সেনাৰ বিষয়া ছফিয়া কুৰেশ্বী আৰু তেওঁৰ পিতৃ
 
তেওঁৰ এই বক্তব্যই সন্তানৰ বাবে পিতৃয়ে কি কৰিব নোৱাৰে তাৰ প্ৰতীক। তেওঁৰ বাবে দেশৰ সেৱা আৰু নিৰাপত্তা সৰ্বোচ্চ হৈ আহিছে, আৰু তেওঁ এই অভ্যাসটো নিজৰ কন্যাকো দিছে। তাজ মহম্মদ কুৰেশ্বীৰ নিজৰ দেশৰ প্ৰতি আনুগত্য আৰু সেৱাৰ যাত্ৰা নতুন নহয়। তেওঁৰ পিতৃ আৰু ককাকো ভাৰতীয় সেনাবাহিনীত আছিল।
 
এই পাৰিবাৰিক পৰম্পৰা বছৰ বছৰ ধৰি চলি আহিছে, আৰু এতিয়া তেওঁলোকৰ কন্যা কৰ্ণেল ছফিয়া কুৰেশ্বীয়েও এই পৰম্পৰাক নতুন উচ্চতালৈ লৈ গৈছে। কৰ্ণেল ছফিয়াই অপাৰেচন সিন্ধুৰৰ অধীনত পাকিস্তানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, য’ত ৯০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল।
 
এই অভিযানৰ পিছত ছফিয়াই সংবাদ মাধ্যমক গুৰুত্বপূৰ্ণ তথ্য দি ভাৰতীয় সেনাৰ শক্তিক সমগ্ৰ বিশ্বৰ সন্মুখত ৰাখিলে। কেৱল এয়াই নহয়, ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মুছলমান মহিলা বিষয়া যিয়ে এনে বিশেষ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
ছফিয়াৰ পিতৃ তাজ মহম্মদ কুৰেছিয়ে কয়, "মোৰ ককা, মোৰ দেউতা আৰু মই, তিনিওজন আৰ্মীত আছিলো। এতিয়া আমাৰ ছোৱালীজনীও আৰ্মীত আছে। আমাৰ এই পৰম্পৰা অব্যাহত আছে আৰু ই আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।"
 
তেওঁৰ গৌৰৱ আৰু সুখ স্পষ্টকৈ দেখা যায় যে তেওঁৰ কন্যাই তেওঁক গৌৰৱান্বিত কৰাই নহয় সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তুলিছে। তেওঁ লগতে কয়, "মই সুযোগ পালে পাকিস্তানক ধ্বংস কৰাৰ মন যায়। পাকিস্তান পৃথিৱীত জীয়াই থকাৰ যোগ্য দেশ নহয়।" এই বক্তব্যই স্পষ্ট কৰি দিয়ে যে তাজ মহম্মদ কুৰেশ্বীয়ে দেশৰ প্ৰতি থকা প্ৰেম আৰু সমৰ্পণ কেৱল নিজৰ কন্যাৰ মাজতে নহয়, সমগ্ৰ প্ৰজন্মৰ মাজতো গভীৰভাৱে প্ৰকাশ আৰু অনুভৱ কৰিছে।
 
পিতৃ দিৱসৰ দিনা আমি সেই সকলো সংগ্ৰামী আৰু প্ৰেৰণাদায়ক পিতৃক প্ৰণাম জনাইছো যিয়ে নিজৰ সন্তানক দেশলৈ অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকক এক শক্তিশালী পথ দেখুৱাইছিল।
 
কৰ্ণেল ছফিয়া কুৰেছিৰ এই সফলতা পিতৃৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু দেশৰ প্ৰতি আনুগত্যৰ ফল। তেওঁৰ যাত্ৰা কেৱল এজন পিতৃৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে নহয়, এগৰাকী কন্যাৰ শক্তি আৰু সমৰ্পণৰ কথাও। আজি আমি ছফিয়াৰ সংগ্ৰাম আৰু কৃতিত্বক প্ৰণাম কৰাৰ সময়ত তাজ মহম্মদ কুৰেছিৰ ভূমিকাকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। পিতৃৰ পথ প্ৰদৰ্শন আৰু প্ৰেৰণাই তেওঁৰ কন্যাক ভাৰতীয় সেনাৰ কঠিন অভিযানত প্ৰয়োজন হোৱা শক্তি প্ৰদান কৰিছিল।
 
আনহাতে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ অভিযানৰ বাবে শুভাংশু শুক্লাক মুখ্য মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰা হৈছে, আৰু এই সফলতা কেৱল শুভাংশুৰেই নহয়, পিতৃৰ কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱৰো ফল। শম্ভু দয়াল শুক্লাই কেতিয়াও পুত্ৰৰ মিছনক লৈ বিচলিত হোৱা নাছিল। পুত্ৰৰ সংগ্ৰাম আৰু সফলতাৰ বাবে তেওঁ সদায় কামনা কৰিছিল।
 
"সকলো ঈশ্বৰৰ ইচ্ছা আৰু সকলো ভালৰ বাবে ঘটে" বুলি তেওঁৰ বিশ্বাসে তেওঁৰ প্ৰকৃত সমৰ্থন আৰু ইতিবাচক চিন্তাধাৰাক প্ৰতিফলিত কৰে। অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া শম্ভু দয়াল শুক্লাই প্ৰথম অৱস্থাত পুত্ৰক সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰা নাছিল। তেওঁৰ সপোন আছিল যে শুভাংশুৱে অসামৰিক সেৱাত যোগদান কৰক।
 
মহাকাশচাৰী শুভাংশু শুক্লা (সোঁফালে) আৰু তেওঁৰ পিতৃ

কিন্তু যেতিয়া শুভাংশুক আই এছ এছ মিছনৰ বাবে নিৰ্বাচিত হৈছে বুলি খবৰ পালে, তেতিয়া তেওঁ ইয়াৰ বিৰোধিতা নকৰি পুত্ৰৰ সফলতাৰ বাবে অন্তৰেৰে কামনা কৰিলে। তেওঁ কয়, "আমি কেতিয়াও নেতিবাচকভাৱে নাভাবো; ই সকলো ঈশ্বৰৰ ইচ্ছা আৰু সকলো ভালৰ বাবেই হয়।"
 
যেতিয়া প্ৰধানমন্ত্ৰীয়ে শুভাংশুক মিছনৰ বাবে বেজ দিলে, সেই মুহূৰ্ত তেওঁৰ বাবে এক অবিস্মৰণীয় মুহূৰ্ত হৈ পৰিল। তেওঁৰ বিশ্বাস যে এই মুহূৰ্তটো তেওঁৰ জীৱনৰ আটাইতকৈ বিশেষ আছিল, আৰু তেওঁ ইয়াক কেতিয়াও পাহৰিব নোৱাৰে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে শম্ভু দয়াল শুক্লাই পুত্ৰৰ সপোনক সমৰ্থন কৰাই নহয়, সংগ্ৰামৰ বাবে আত্মবিশ্বাস আৰু প্ৰেৰণাও দিছিল।
 
পিতৃ দিৱসৰ দিনা আমি শুভাংশু শুক্লাৰ পিতৃৰ ভূমিকাক শ্ৰদ্ধা আৰু সন্মান জনাইছো। এজন পিতৃৰ মৰম, সমৰ্থন আৰু পথ প্ৰদৰ্শন হ’ল সেই শক্তি যিয়ে শিশুক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ অনুপ্ৰাণিত কৰে। শম্ভু দয়াল শুক্লাৰ "আমি কেতিয়াও নেতিবাচকভাৱে নাভাবো" বুলি দিয়া বাৰ্তাই প্ৰমাণ কৰে যে সঠিক নিৰ্দেশনা আৰু বিশ্বাসৰ দ্বাৰা কোনো লক্ষ্য অসম্ভৱ নহয়।