অনিকা মহেশ্বৰী/ নতুন দিল্লী
মহাৰাষ্ট্ৰৰ কোলাবাৰ ব্যস্ত বজাৰখনত এজন ব্যক্তিয়ে নিজৰ সৰু দোকানত বড়া-পাও বিক্ৰী কৰে। কিন্তু এই কাহিনী কেৱল এজন সাধাৰণ ব্যৱসায়ীৰ কথা নহয়। ইয়াৰ আঁৰত লুকাই আছে এক অনন্য পদক্ষেপ, অটল সমৰ্পণ আৰু সাহসৰ কাহিনী।
সাগৰৰ পাৰ যেতিয়া ঢৌৱে উত্তাল কৰি তোলে, তেতিয়া কিছুমান সাহসী মানুহে সেই ঢৌৰ লগত খেলাৰ ৰিস্ক লয়। আনহাতে এজন মানুহৰ চকু সদায় সেই ঢৌত হেৰাই যোৱা মানুহক বিচাৰি ফুৰাত ব্যস্ত থাকে। এই ব্যক্তিজনে দিনত স্বাভাৱিক জীৱন যাপন কৰে, কিন্তু সাগৰৰ পাৰ পোৱাৰ লগে লগে তেওঁৰ পৰিচয় সলনি হয়।
ইয়াত তেওঁ কেৱল টহলদাৰী দলৰ অংশ নহয়, এজন অনন্য ৰক্ষক হিচাপে আত্মপ্ৰকাশ কৰে, যিয়ে মানুহক সাগৰৰ ঢৌৰ পৰা নিৰাপদে উলিয়াই আনিবলৈ সদায় সাজু। দিনৰ ভাগত কোলাবা অঞ্চলত বড়া-পাও বিক্ৰী কৰা আৰু আজৰি সময়ত সাগৰৰ পাৰত মানুহৰ জীৱন ৰক্ষা কৰা ৫১ বছৰীয়া মহম্মদ নাজিম শ্বেখৰ বিষয়ে আজিৰ এই প্ৰতিবেদনত জানিম।
১৬ বছৰ বয়সৰ পৰাই নাজিমে গেটৱেৰ ওচৰৰ বিপজ্জনক উপকূলত টহল দি প্ৰশিক্ষিত লাইফগাৰ্ডৰ দক্ষতাৰে মানুহক সাগৰৰ ঢৌৰ পৰা উদ্ধাৰ কৰিছে। তেওঁ কয়, "পৰ্যটকসকলে পানীৰ ছিটিকনি অনুভৱ কৰিবলৈ সাগৰৰ ওচৰলৈ আহে। কিন্তু এবাৰ পিছলি পৰিলে সাগৰৰ জোৱাৰে তেওঁলোকক পানীৰ তললৈ টানি লৈ যায়। তেনে সময়ত কোনোবাই যদি তেওঁলোকক সহায় নকৰে, তেন্তে মানুহৰ জীৱন শেষ হৈ যায়।"
নাজিমে দাবী কৰে যে তিনি দশকৰো অধিক সময়ছোৱাত তেওঁ ৩০০ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিছে আৰু ২৫ৰ পৰা ৩০টা মৃতদেহ উদ্ধাৰ কৰিছে আৰু ইয়াৰে বেছিভাগেই পুৰুষ। সাগৰৰ ৰোমাঞ্চ বিচৰাসকলে পানীৰ গভীৰত অনুভৱ নকৰি বিপদত পৰাৰ পৰা আৰম্ভ কৰি উৎসৱৰ সময়ত হোৱা মৰ্মান্তিক দুৰ্ঘটনালৈকে, তেওঁ বিভিন্ন ঘটনা-পৰিঘটনাৰ সাক্ষী হৈছে। তেওঁ লগতে কয়, “ল’ৰা-ছোৱালী পানীত পৰাটো বিৰল, কিন্তু মই তেনে ঘটনাও দেখিছো।”
তেওঁৰ আটাইতকৈ নাটকীয় উদ্ধাৰৰ ঘটনাটো আছিল ১৯৯৬ চনত। সেইবাৰ তেওঁ জোৱাৰৰ সময়ত সাগৰত সাঁতুৰি এজন লোকক উদ্ধাৰ কৰিছিল, যাৰ ফলত তেওঁ ‘শ্ৰেষ্ঠ সাঁতোৰবিদ’ৰ খিতাপ লাভ কৰিছিল। অতি শেহতীয়াকৈ ২০২২ চনত তেওঁ গণপতি বিসৰ্জনৰ সময়ত দুজন লোকক ডুব যোৱাৰ পৰা ৰক্ষা কৰিছিল।
গেটৱে অৱ ইণ্ডিয়াৰ সমীপত ষ্টল চলোৱা আন এজন ফেৰীৱালাৰ মতে, নাজিমে সদায় ডুব যোৱা ঘটনাৰ পৰা মানুহক ৰক্ষা কৰি আহিছে। মুম্বাইৰ আটাইতকৈ চিনাকি পৰ্যটনস্থলী হোৱাৰ বাবে এই অঞ্চলটো সদায় ভিৰ। ছ’চিয়েল মিডিয়াৰ যুগত ভিডিঅ’ বনোৱাৰ সময়ত পৰ্যটকসকলে প্ৰায়ে সুৰক্ষাৰ বাধা পাৰ হৈ যায় আৰু অজানিতে নিজকে বিপদত পেলায়।
এই ফেৰীৱালাসকলে যেতিয়া কাৰোবাক সাগৰত পৰা দেখে, তেতিয়া আৰক্ষী বা অগ্নিনিৰ্বাপক বাহিনীক মতাৰ পূৰ্বে তেওঁলোকৰ মনলৈ প্ৰথমে আহে নাজিমৰ নাম। তাজ হোটেলৰ সন্মুখন এটা ষ্টল চলোৱা ৬০ বছৰীয়া মহিলাগৰাকীয়ে কয় যে "মই নাজিমক বহুদিনৰ পৰা দেখা পাইছো। তেওঁ অগণন লোকৰ জীৱন ৰক্ষা কৰিছে। গেটৱেত কাম কৰাসকলে জানে যে যিকোনো জৰুৰীকালীন অৱস্থাত আমি তেওঁক এক মুহূৰ্ত নষ্ট নকৰাকৈয়ে ফোন কৰো। প্ৰথম অৱস্থাত তেওঁ গেটৱেৰ ঠিক সন্মুখতে মানুহক উদ্ধাৰ কৰিছিল। অৱশ্যে নিৰাপত্তাজনিত কাৰণত সেই গেটখন এতিয়া বন্ধ হৈ আছে। এতিয়া আপুনি তেওঁক তাজৰ সন্মুখত বিচাৰি পাব য’ত মানুহে সাগৰৰ ঢৌ উপভোগ কৰিবলৈ আহে।"
ইফালে, কোলাবাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক প্ৰমোদ ভৱতে কয়, "নাজিমে আমাৰ বাবে লাইফগাৰ্ড হিচাপে কাম কৰে। তেওঁ অতি সক্ৰিয় আৰু জীৱন ৰক্ষাৰ বাবে সদায় সাজু। বহু ক্ষেত্ৰত তেওঁৰ সহায় অমূল্য হৈ পৰিছে। এই সাহসৰ বাবে মুম্বাই আৰক্ষী সঁচা অৰ্থত নাজিমৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।”
এই কাহিনীটো কেৱল এজন মানুহৰ সাহসিকতাৰ বিষয়ে নহয়, ইয়াৰ দ্বাৰা এইটোও দেখুওৱা হৈছে যে প্ৰকৃত নায়কে কেতিয়াও খ্যাতি বা স্বীকৃতিৰ বাবেও কাম নকৰে। তেওঁলোকে কেৱল নিজৰ কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰাত বিশ্বাস কৰে।