উত্তৰ-পূবৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত পাছপ'ৰ্ট সেৱা বৃদ্ধিৰ বাবে 'পাছপ’ৰ্ট সেৱা মোবাইল ভ্যান' মুকলি

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
উত্তৰ-পূবৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত পাছপ'ৰ্ট সেৱাৰ সুলভতা বৃদ্ধি কৰাৰ লক্ষ্যৰে 'পাছপ'ৰ্ট সেৱা আপকে দুৱাৰ' পদক্ষেপৰ অধীনত বহিঃৰাজ্য মন্ত্ৰালয়ে মুকলি কৰিছে পাছপ’ৰ্ট সেৱা মোবাইল ভ্যান।   
 
এই সেৱা উদ্বোধন কৰে পাছপ'ৰ্ট সেৱা প্ৰকল্পৰ আই এফ এছৰ যুটীয়া সচিব আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ মুখ্য পাছপ'ৰ্ট বিষয়া ড০ কে জে শ্ৰীনিবাসে। এই সেৱাৰ জৰিয়তে, দূৰৈৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত মোবাইল ভ্যান সেৱা নিয়োগ কৰা হ’ব। যাৰ ফলত নাগৰিকে সহজেই পাছপ'ৰ্টৰ আবেদন দাখিল কৰিব পাৰিব। যাৰ ফলত পাছপ'ৰ্ট আৰু ইয়াৰ আনুষংগিক সেৱাৰ ডেলিভাৰী নিশ্চিত কৰা হ’ব। 
 
বৰ্তমান আৰ পি অ' গুৱাহাটীৰ অধীনত ৬ খন উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সামৰি ৬ টা পাছপ'ৰ্ট সেৱা কেন্দ্ৰ আৰু ১৯ টা ডাকঘৰ পাছপ'ৰ্ট সেৱা কেন্দ্ৰ আছে।
 
ড০ কে জে শ্ৰীনিবাসাই কয়, "মোবাইল ভ্যানখন হৈছে এক ষ্টপ শ্বপ য'ত আবেদনকাৰীয়ে আবেদন দাখিলৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। সমগ্ৰ দেশৰ ৩৭টা আৰ পি অ'ক এতিয়াৰ বাবে এখনকৈ মোবাইল ভ্যান প্ৰদান কৰা হৈছে আৰু একেখিনি সময়ত ২ বা ৩লৈ বৃদ্ধি কৰিব পৰা যাব।"
 
এই পদক্ষেপে পাছপ'ৰ্ট সেৱাসমূহ অধিক সুলভ, কাৰ্যক্ষম আৰু নাগৰিক অনুকূল কৰি তোলাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে। উন্মোচন কাৰ্যসূচীত আৰ পি অ’ গুৱাহাটী, টি চি এছ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু বিষয়াসকলেও অংশগ্ৰহণ কৰে।
 
এই ভ্ৰমণৰ সময়ত ড০ শ্ৰীনিবাসাই অসমৰ ডিজিপি হৰমিৎ সিং আৰু অসমৰ এডিজিপি হীৰেন চন্দ্ৰ নাথৰ লগতে চিপিএমজি কৰ্ণেল অৰবিন্দ বৰ্মাকে ধৰি পাছপ’ৰ্ট আৰু ইয়াৰ আনুষংগিক সেৱাৰ বিভিন্ন অংশীদাৰক সাক্ষাৎ কৰি মত বিনিময় কৰে। লগতে তেওঁ আৰ পি অ’ আৰু পি এছ কে গুৱাহাটী পৰিদৰ্শন কৰে। 
 
ড০ শ্ৰীনিবাসাই ৰাজ্যপাল লক্ষ্মণ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰি মন্ত্ৰালয়ৰ সফল পাছপ'ৰ্ট প্ৰদান আৰু ডেলিভাৰী ব্যৱস্থাৰ বিষয়ে অৱগত কৰে।