ডাঃ উজমা খাতুন
ভাৰতত প্ৰতিদিনে যৌতুক ব্যৱস্থাই বহুতৰে প্ৰাণ কাঢ়ি নিয়াৰ লগতে পৰিয়াল ধ্বংস কৰি আহিছে। শেহতীয়াকৈ সংঘটিত এক ঘটনা অনুসৰি, নিকি নামৰ এগৰাকী মহিলাক স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে জীৱন্তে জ্বলাই দিয়ে। এনে ঘটনা ভাৰতত বিৰল নহয়; নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ মতে, প্ৰতি বছৰে হাজাৰ হাজাৰ মহিলা যৌতুকৰ বলি হৈ মৃত্যু হোৱাৰ খবৰ পোৱা যায়। এই কাহিনীবোৰে যৌতুকৰ অন্ধকাৰ দিশটো উন্মোচিত কৰে, যিটো পৰম্পৰা এতিয়া লোভ, হিংসা, অত্যাচাৰলৈ পৰিণত হৈছে।
যৌতুক মানে হৈছে বিয়াত কইনাৰ সৈতে পিতৃপক্ষই দিয়া ধন, সম্পত্তি বা উপহাৰ। পৰম্পৰাগতভাৱে ইয়াক কইনাৰ পৰিয়ালৰ পৰা অহা উপহাৰ বুলি গণ্য কৰা হৈছিল, যাতে এইবোৰে তেওঁৰ নতুন জীৱন আৰম্ভ কৰাত সহায় কৰে। আইনীভাৱে ক’বলৈ গ’লে, বিবাহৰ সময়ত দাবী কৰা বা বিনিময় কৰা যিকোনো বস্তুকে যৌতুক বুলি ধৰা হয়।
আনহাতে, স্বেচ্ছামূলক উপহাৰসমূহ যৌতুক হিচাপে গণ্য কৰা নহয়। আজিৰ সমাজত যৌতুক সাধাৰণতে নগদ ধন, গহনা বা ঘৰুৱা সামগ্ৰীৰ ৰূপত লোৱা হয়। যিহেতু মহিলাসকলে পৰিয়ালৰ সম্পত্তি উত্তৰাধিকাৰ সূত্ৰে লাভ কৰাত প্ৰায়ে বাধাৰ সন্মুখীন হয়, সেয়েহে পিতৃ-মাতৃৰ মৃত্যুৰ আগতে দিয়া পৰিয়ালৰ সম্পত্তিৰ কন্যাৰ অংশ হিচাপে যৌতুকক কেতিয়াবা ন্যায্যতা প্ৰদান কৰা হয়।
প্ৰতিনিধিত্বমূলক ফটো
মূলতঃ যৌতুকৰ উদ্দেশ্য আছিল কইনাৰ কল্যাণ নিশ্চিত কৰা যদিও কাৰ্যক্ষেত্ৰত ই দৰাৰ পৰিয়ালৰ বাবে শক্তিৰ উৎস হৈ পৰিছে। এসময়ত যিটো স্বেচ্ছামূলক আছিল সেয়া এটা বাধ্যবাধকতাত পৰিণত হৈছে আৰু প্ৰায়ে ইয়াক ভাবুকি বা হেঁচাৰে বলবৎ কৰা হৈছে। বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰি দৰিদ্ৰ পৰিয়ালবোৰ ঋণত পৰে, আৰু ছোৱালীবোৰ বিবাহৰ বজাৰত এটা সামগ্ৰীলৈ ৰূপান্তৰিত হয়। নাৰীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে যৌতুক তেওঁলোকৰ শোষণৰ অন্যতম শক্তিশালী কাৰণ হৈ পৰিছে।
যৌতুকৰ সমৰ্থকসকলে যুক্তি আগবঢ়ায় যে ই মহিলাসকলক ধন-সম্পত্তি প্ৰদান কৰে, পৰিয়ালৰ সামাজিক স্থান বৃদ্ধি কৰে বা বিবাহৰ ভাল সম্ভাৱনা নিশ্চিত কৰে। বাস্তৱত কিন্তু ইয়াৰ এক বেলেগ ৰূপ দেখা যায়। যৌতুক হিচাপে দিয়া বেছিভাগ বস্তু—নগদ ধন, কাপোৰ, গহনা— মহিলাগৰাকীৰ নিয়ন্ত্ৰণত খুব কমেইহে থাকে। তেওঁলোক সোনকালে স্বামীৰ ঘৰৰ অংশ হৈ পৰে আৰু কইনাগৰাকীৰ স্বাধীনতা বা নিৰাপত্তা কমি আহে।
যৌতুকে তেওঁক শক্তিশালী কৰাৰ পৰিৱৰ্তে তেওঁৰ পৰনিৰ্ভৰশীলতাকহে সৱল কৰে। ইয়াৰ পৰিণাম অতি ভয়াৱহ। কন্যাক বোজা আৰু পুত্ৰক বিনিয়োগ বুলি যৌতুকে ইন্ধন যোগায়। ই পৰিয়ালসমূহক অতিৰিক্ত খৰচৰ বাবে হেঁচা প্ৰয়োগ কৰে আৰু দুৰ্নীতিৰ বাবে উৰ্বৰ ভূমি সৃষ্টি কৰে, কিয়নো আৰক্ষী আৰু আদালতে প্ৰায়ে যৌতুকজনিত হাৰাশাস্তি বা মৃত্যুৰ গোচৰসমূহ ভুলকৈ চম্ভালে। ই জাতিভিত্তিক গৌৰৱক উৎসাহিত কৰে আৰু বিবাহক এক পবিত্ৰ সম্পৰ্কৰ পৰিৱৰ্তে আৰ্থিক চুক্তিলৈ অৱনমিত কৰে।
বহু মহিলাৰ বাবে ইয়াৰ ফল মাৰাত্মক হৈ পৰে। যেতিয়া পৰিয়ালে দাবী পূৰণ কৰিব নোৱাৰে, তেতিয়া কইনাজনীক হাৰাশাস্তি কৰা হয়, অত্যাচাৰ কৰা হয়, আনকি হত্যা পৰ্যাপ্ত সংঘটিত হয়। ভাৰতত এতিয়াও চৰকাৰী ৰেকৰ্ডত দেখা গৈছে যে প্ৰতি বছৰে প্ৰায় ৬ হাজাৰ যৌতুকজনিত মৃত্যুৰ ৰিপৰ্ট পোৱা যায় যদিও প্ৰকৃত সংখ্যা অধিক বুলি ধাৰণা কৰিব পাৰি। এই প্ৰতিটো পৰিসংখ্যাৰ আঁৰত এগৰাকী কন্যা, এগৰাকী পত্নী আৰু প্ৰায়ে এগৰাকী মাতৃৰ জীৱন লোভৰ বাবে চুটি হৈ পৰে।
প্ৰতিনিধিত্বমূলক ফটো
এই নিষ্ঠুৰতা কেতিয়াবা স্বামীৰ বাহিৰেও শাহুৱেক আৰু ভনীয়েকেও কৰা দেখা যায়। নাৰী এনে এক চক্ৰত আবদ্ধ হৈ আছে য’ত তেওঁলোকে আন নাৰীক অত্যাচাৰ কৰে আৰু শোষণৰ পৰম্পৰা অব্যাহত ৰাখিছে। সাংস্কৃতিক আৰু ধৰ্মীয় বিশ্বাসেও এনে বৈষম্যক সমৰ্থন কৰিছে। কিছুমান পৰম্পৰাত নাৰীক পিতৃ, স্বামী আৰু পুত্ৰৰ ওপৰত নিৰ্ভৰশীল বুলি ভবা যায়। বিবাহক সামাজিক সন্মান বা আধ্যাত্মিক পৰিপূৰ্ণতাৰ একমাত্ৰ পথ বুলি গণ্য কৰা হয়। প্ৰচলিত কাহিনীসমূহে স্বামীৰ বাবে সকলো ত্যাগ কৰা আজ্ঞাকাৰী পত্নীক আদৰ্শগত কৰি তুলিছে, আনকি নিজৰ জীৱনকো ত্যাগ কৰে। এই ধাৰণাবোৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নাৰীৰ নিম্ন স্থানক স্বাভাৱিক কৰি তুলিছে।
স্বেচ্ছামূলক উপহাৰ হিচাপে যিটো আৰম্ভ হৈছিল, সেয়া এতিয়া অন্তহীন ধন দাবীলৈ পৰিণত হৈছে। বিয়াৰ পিছতো কইনাৰ পৰিয়ালবোৰে ল'ৰাৰ পৰিয়ালক ধন দি থাকিবলৈ বাধ্য হয়। বিফল হ’লে কইনাসকলে হিংসা বা মৃত্যুৰ সন্মুখীন হ’বলগীয়া হয়। আশীৰ দশকত যৌতুকৰ মৃত্যুৰ খবৰে দেশক স্তম্ভিত কৰি তুলিছিল আৰু দুখৰ বিষয় যে আজিও একেধৰণৰ খবৰ অব্যাহত আছে। নতুন কইনা, কেতিয়াবা গৰ্ভৱতীও ভুক্তভোগীৰ ভিতৰত আছে। দাবী পূৰণ কৰিব নোৱাৰা পৰিয়ালবোৰে ভয়তে জীয়াই থাকে আৰু নিজৰ ছোৱালীয়ে কষ্ট পোৱাৰ দৃশ্য অসহায়ভাৱে চাই থাকিবলগীয়া হয়।
ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ ১৯৬১ চনত যৌতুক নিষেধাজ্ঞা আইন গৃহীত কৰা হয় আৰু পিছলৈ ইয়াক শক্তিশালী কৰা হয়। কাগজে-কলমে যৌতুক দিয়া বা লাভ কৰাটো অবৈধ। কিন্তু কাৰ্যক্ষেত্ৰত এই আইনখনৰ কাৰ্যকাৰীতা অতি সীমিত। সামাজিক কলংকৰ আশংকাত পৰিয়ালসমূহে গোচৰৰ ৰিপৰ্ট দিবলৈ দ্বিধাবোধ কৰে।
আৰক্ষী আৰু আদালতে প্ৰায়ে ভুক্তভোগীৰ অভিযোগ খাৰিজ কৰে, আৰু দুৰ্নীতিয়ে আইন বলবৎকৰণ প্ৰক্ৰিয়া দূৰ্বল কৰি তোলে। বহু মহিলাই মৃত্যুৰ পূৰ্বে নিজৰ নিৰ্যাতনকাৰীৰ নাম উল্লেখ কৰে স্বত্তেও আদালতে তেওঁলোকৰ বক্তব্যক বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। তেনে ক্ষেত্ৰত ন্যায় লাভ কৰাটো কঠিন হৈ পৰে।
পুৰণি সতীদাহ প্ৰথাত যিদৰে বিধৱাগৰাকীক স্বামীৰ সৈতে মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল, যৌতুকজনিত মৃত্যুৱেও এনে এখন সমাজক প্ৰতিফলিত কৰে যিয়ে এগৰাকী নাৰীৰ মূল্য ধনৰ হিচাপত জুখিব পাৰে। পৰম্পৰা, আইন আৰু মনোভাৱ সলনি নোহোৱালৈকে যৌতুক শোষণৰ আহিলা হৈয়ে থাকিব। শিক্ষাক প্ৰায়ে সমাধান হিচাপে গণ্য কৰা হয়, আৰু ইয়াৰ ভূমিকা সদায়ৰ দৰে আজিও অক্ষত আছে। ই সজাগতা বৃদ্ধি কৰে, লিংগ সমতাক প্ৰসাৰিত কৰে, আৰু মহিলাৰ আত্মবিশ্বাস গঢ়ি তোলে। কৰ্মীসকলে পাঠ্যপুথি সংশোধন, শিক্ষক প্ৰশিক্ষণ, আৰু সজাগতা অভিযান চলোৱাৰ কাম কৰিছে। কিন্তু শিক্ষা নিজাববীয়াকৈ যথেষ্ট নহয়।
প্ৰতিনিধিত্বমূলক ফটো
সামাজিক হেঁচা, পৰিয়ালৰ সন্মান আৰু সম্প্ৰদায়ৰ পৰম্পৰাই প্ৰায়ে বিদ্যালয়ে শিকোৱা কথাবোৰতকৈ বেছি হয়। বিড়ম্বনাৰ কথাটো হ’ল যে শিক্ষাই কেতিয়াবা যৌতুকৰ দাবী বৃদ্ধি কৰে। এগৰাকী সুশিক্ষিত ছোৱালীয়ে দৰাৰ শিক্ষাৰ স্তৰৰ লগত খাপ খোৱাকৈ অধিক যৌতুক আনিব বুলি আশা কৰা হয়।পৰিয়ালবোৰে ছোৱালীজনীৰ স্কুলীয়া শিক্ষাতকৈ যৌতুকৰ বাবে অধিক খৰচ কৰিব পাৰে আৰু এইবোৰক বিনিয়োগৰ পৰিৱৰ্তে খৰচ হিচাপে গণ্য কৰে। এটা নিৰ্দিষ্ট পৰ্যায়ৰ ওপৰত পঢ়া ছোৱালীবোৰে বিবাহৰ ক্ষেত্ৰত দৰাৰ অভাৱত ভুগে, কিয়নো বহু পুৰুষে “অতি শিক্ষিত” কইনাক নাকচ কৰে। ইয়াৰ ফলত শিক্ষাক নিৰুৎসাহিত কৰা হয় আৰু ছোৱালীৰ ড্ৰপআউটৰ হাৰ অধিক হয়।
যৌতুকৰ সমস্যাটো সংস্কৃতি, জাতি, ধৰ্ম, অৰ্থনৈতিক গাঁথনিৰ সৈতে গভীৰভাৱে জড়িত। ই কেৱল ভাৰতীয় বিষয় নহয় বৰঞ্চ এক গোলকীয় উদ্বেগৰ বিষয়, য’ত নাৰীক সম্পত্তি হিচাপে গণ্য কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সমৰ্থন, সজাগতা অভিযান, মহিলা আন্দোলনে যৌতুকৰ নিষ্ঠুৰতাক উন্মোচিত কৰিছে যদিও অৰ্থপূৰ্ণ পৰিৱৰ্তন সমাজৰ ভিতৰৰ পৰাহে আহিব লাগিব।
ইছলামিক দৃষ্টিকোণৰ পৰা এই প্ৰচলিত যৌতুক ব্যৱস্থা সম্পূৰ্ণ অইছলামিক। ইছলামে বিবাহক পাৰস্পৰিক সন্মান আৰু সন্মতিৰ ওপৰত ভিত্তি কৰি পবিত্ৰ চুক্তি হিচাপে গুৰুত্ব আৰোপ কৰে। ইয়াত নাৰীক বোজা হিচাপে দেখা নাযায়, আৰু কন্যা সন্তানক মৰমেৰে ডাঙৰ-দীঘল কৰাটো এক উদাৰ কাম বুলি গণ্য কৰা হয়। ইছলামত বিবাহ আৰম্ভ হয় নিকাহৰ পৰা, যিটো চুক্তি দৰা-কইনা উভয়ে মুক্তভাৱে সহমতত উপনীত হয়। জোৰ-জবৰদস্তি কৰা নাৰীয়ে ইয়াক নাকচ কৰাৰ অধিকাৰ আছে। বিবাহৰ উদ্দেশ্য হৈছে সংগী, সহায় আৰু পৰিয়াল গঢ়ি তোলাৰ বাবে, আৰ্থিক লেনদেনৰ বাবে নহয়।
ইছলামিক বিবাহৰ মূলতে আছে মহৰ, যিটো দৰা কইনাক দিয়া বাধ্যতামূলক উপহাৰ। ই যৌতুকৰ দৰে নহয়, মহৰ মহিলাগৰাকীৰ অধিকাৰ আৰু ইয়াক ঘূৰাই ল’ব নোৱাৰি। ই তেওঁক নিৰাপত্তা আৰু সন্মান প্ৰদান কৰে। হজৰত মহম্মদে তেওঁৰ পত্নীসকলক মহৰ দিছিল আৰু বিবাহত সৰলতাক উৎসাহিত কৰিছিল। যেতিয়া তেওঁৰ কন্যা ফাতিমাই বিয়া কৰাইছিল, তেতিয়া বিনিময় কৰা উপহাৰবোৰ সামান্য আৰু প্ৰতীকী আছিল, যিয়ে দেখুৱাইছিল যে বিবাহ বোজা হোৱা উচিত নাছিল।
প্ৰতিনিধিত্বমূলক ফটো
কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতত যৌতুক প্ৰথা মুছলমানৰ মাজতো বিয়পি পৰিছে। যিটো স্বেচ্ছামূলক উপহাৰ হ’ব লাগে, সেয়া দাবীত পৰিণত হৈছে আৰু দৰাৰ শিক্ষা আৰু মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰি যৌতুকৰ পৰিমাণ ধাৰ্য্য কৰা হয়। এই ব্যৱস্থাৰ অধীনত দৰিদ্ৰ মুছলমান পৰিয়ালসমূহ ক্ষতিগ্ৰস্ত হয়, আৰু বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত হাৰাশাস্তি আৰু যৌতুকজনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পৰাই বুজা যায় যে সাংস্কৃতিক পৰম্পৰাই ধৰ্মক কেনেদৰে প্ৰভাৱ পেলাব পাৰে।
ইয়াক সলনি কৰিবলৈ হ’লে সংস্কাৰ ভিতৰৰ পৰা আহিব লাগিব। মুছলমান সম্প্ৰদায়সমূহে ইছলামৰ নীতিলৈ ঘূৰি আহিব লাগিব, যিয়ে যৌতুক নাকচ কৰে আৰু সমতাক প্ৰসাৰিত কৰে। মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগ কৰিব লাগে, আৰু পুৰুষক মহৰৰ সন্মান আৰু সহায় আগবঢ়াবলৈ জবাবদিহি কৰিব লাগিব।
উত্তৰাধিকাৰ আৰু সম্পত্তিক ইছলামিক পদ্ধতিৰে দিব লাগিব। শোষণ প্ৰতিহত কৰাত মহিলাৰ বাবে শিক্ষা আৰু অৰ্থনৈতিক স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। নবীৰ সৰলতা আৰু ন্যায়পৰায়ণতাৰ আদৰ্শ অনুসৰণ কৰি মুছলমানসকলে যৌতুক নাকচ কৰাত আদৰ্শ দেখুৱাই নেতৃত্ব দিব পাৰে।
উল্লেখ্য যে, প্ৰাচীন কালত ইউৰোপ আৰু এছিয়াত যৌতুক প্ৰচলিত আছিল। ইয়াক প্ৰায়ে পৰিয়ালৰ সম্পত্তিৰ মুঠ অংশৰ পৰা কন্যাই লাভ কৰা অংশ হিচাপে দিয়া হৈছিল। কিন্তু সমাজৰ আধুনিকীকৰণৰ লগে লগে যৌতুক হ্ৰাস পালে। পশ্চিমীয়া বহু দেশত সমান উত্তৰাধিকাৰ আৰু উন্নত শিক্ষাই এই প্ৰথাক বিলুপ্ত কৰিলে। গ্ৰীচত নগৰায়ন আৰু পৰিৱৰ্তিত লিংগ ভূমিকাৰ লগে লগে যৌতুক পৰম্পৰা ম্লান হৈ আহিছে।
ভাৰত এই ক্ষেত্ৰত ব্যতিক্ৰম। কাৰণ ভাৰতত যৌতুক হ্ৰাস হোৱাৰ পৰিৱৰ্তে যোৱা দশকবোৰত অধিক শক্তিশালীহে হৈছে। ইয়াৰ দুটা মূল কাৰণ হৈছেঃ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে বিবাহযোগ্য যুৱকৰ সংখ্যা হ্ৰাস কৰিছে, আৰু পৰিয়ালসমূহে উচ্চ মৰ্যাদাৰ পুৰুষৰ সৈতে কন্যাক বিয়া দি উন্নতি কৰিব বিচাৰে, যাক হাইপাৰগেমি বুলি জনা যায়। শিক্ষিত, সুস্থিৰ আয়ৰ নগৰীয়া পুৰুষ বিৰল, গতিকে পৰিয়ালবোৰে বৃহৎ যৌতুক আগবঢ়াই প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। ইয়াৰ ফলত যৌতুকৰ মুদ্ৰাস্ফীতি ঘটা দেখা গৈছে, আনকি চহৰসমূহতো এই ধাৰা অব্যাহত আছে।
কিছুমান পণ্ডিতৰ মতে নগৰায়ন, মহিলাৰ শিক্ষা, আৰু গ্ৰাম্য-নগৰৰ বিভাজন সংকুচিত হোৱাৰ লগে লগে ভাৰততো অৱশেষত যৌতুক হ্ৰাস পাব পাৰে। কিন্তু ইয়াৰ বাবে সময় লাগিব। এতিয়া যৌতুকে বৈষম্যৰ বৃহত্তৰ বাস্তৱতাক প্ৰতিফলিত কৰে: কন্যাই স্বামীৰ ঘৰলৈ গুচি যোৱাৰ বিপৰীতে পুত্ৰই ধন-সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পিতৃ-মাতৃৰ লগত থাকে। যেতিয়ালৈকে এই গাঁথনি থাকিব তেতিয়ালৈকে যৌতুক চলি থাকিব।
যৌতুক শেষ কৰিবলৈ আইনতকৈও বেছি প্ৰয়োজন আছে সমাজৰ। ইয়াৰ বাবে সামাজিক সংস্কাৰ, শিক্ষা, আৰু সম্প্ৰদায়ৰ পদক্ষেপৰ প্ৰয়োজন আছে। নাৰীৰ উত্তৰাধিকাৰ আৰু সম্পত্তিৰ সমান অধিকাৰ থাকিব লাগিব, যাৰ ফলত ক্ষতিপূৰণ হিচাপে যৌতুকৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। পৰিয়ালসমূহে সৰলতাক বাছি লৈ আড়ম্বৰপূৰ্ণ বিয়া আৰু উপহাৰ নাকচ কৰিব লাগে। ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতাসকলে এই প্ৰথাৰ বিৰুদ্ধে স্পষ্টকৈ মাত মাতিব লাগে। বিদ্যালয়সমূহে সৰুৰে পৰাই লিংগ সমতাৰ শিক্ষা দিব লাগিব, পৰৱৰ্তী প্ৰজন্মক গঢ় দিব লাগিব যাতে নাৰীক পণ্য নহয়, ব্যক্তি হিচাপে মূল্য দিয়া হয়।
প্ৰতিনিধিত্বমূলক ফটো
আটাইতকৈ ডাঙৰ কথাটো হ’ল নাৰীক আৰ্থিক স্বাধীনতাৰ প্ৰয়োজন। যেতিয়া মহিলাসকলে উপাৰ্জন কৰিব পাৰে, সম্পত্তিৰ মালিক হ’ব পাৰে আৰু বাছনি কৰিব পাৰে, তেতিয়া তেওঁলোক শোষণৰ প্ৰতি কম দুৰ্বল হয়। শিক্ষা আৰু কৰ্মসংস্থাপনৰ জৰিয়তে সবলীকৰণ যৌতুকৰ বিৰুদ্ধে সবল অস্ত্ৰ।
সামৰণিত ক’ব পাৰি যে যৌতুক কেৱল বিবাহৰ প্ৰথা নহয়— ই বৈষম্য, লোভ আৰু অত্যাচাৰৰ প্ৰতীক। ই জীৱন ধ্বংস কৰে, পৰিয়াল দুৰ্বল কৰে আৰু বিবাহৰ পবিত্ৰ সম্বন্ধক অসন্মান কৰে। আইন থকাৰ সময়ত সামাজিক পৰিৱৰ্তন অবিহনে সেইবোৰ সফল হ’ব নোৱাৰে। শিক্ষা, সংস্কাৰ, সম-অধিকাৰ, সৱলীকৰণৰ সংমিশ্ৰণেৰে ভাৰতে এনে এখন সমাজৰ দিশে আগবাঢ়িব পাৰে য’ত বিবাহ আৰ্থিক চুক্তি নহয়, মৰ্যাদা আৰু প্ৰেমৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা এক পবিত্ৰ সম্পৰ্ক হোৱা উচিত।
মুছলমানসকলৰ বাবে মহৰৰ প্ৰকৃত ইছলামিক নীতিলৈ ঘূৰি অহাটোৱে সঠিক পথ হ'ব। তেতিয়াহে যৌতুক সঁচা অৰ্থত বিলুপ্ত কৰিব পৰা যাব, আৰু নাৰীক তেওঁলোকৰ প্ৰাপ্য সন্মান আৰু সমতা দিয়া হ’ব।
(ড° উজমা খাতুনে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ইছলামিক অধ্যয়ন বিভাগত অধ্যাপনা কৰি আছে)