আমেৰিকাৰ ভিছা নীতি: প্ৰতিভাৰ দলং খনত বাধা

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ড০ শৰৎ বৰকটকী

ভিছা শব্দটো লেটিন ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে "চকুৰে  চাই পৰীক্ষা কৰা বস্তু"। অৰ্থাৎ কোনো নথিপত্ৰ চোৱা বা পৰীক্ষা কৰা বুলি বুজায়। ভিছা মূলতঃ হৈছে বিদেশলৈ যাব বিচৰা দেশ খনৰ আইনী অনুমতি বা চৰকাৰী অনুমোদন। যাৰ  দ্বাৰা বিদেশী নাগৰিকক কোনো এখন দেশত  নিৰ্দিষ্ট উদ্দেশ্য আৰু সময়ৰ বাবে প্ৰৱেশ বা ভ্ৰমণ কৰিবলৈ অনুমতি প্ৰদান কৰা। 
 
কিছুমানে ভুলকৈ "ভিজিটৰ ইণ্টাৰনেশ্যনেল ষ্টে এডমিছন" বুলি বাখ্যা  কৰিছে যদিও শব্দটোৰ প্ৰকৃত অৰ্থ এইটো নহয়। ভিছাৰ জৰিয়তে সীমান্তত থকা বিষয়াসকলে দেশত কোনে  কিমান দিনৰ বাবে প্ৰৱেশ আৰু প্ৰস্থান ,কৰিব সেইয়া নিয়ন্ত্ৰণ কৰে। এই কথাটো এনেকৈ কব পাৰি যে,পাছপ’ৰ্ট হৈছে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে ব্যক্তি এজনৰ পৰিচয় আৰু নাগৰিকত্ব প্ৰমাণ হিচাপে গৃহ দেশে প্ৰদান কৰা নথি, আনহাতে ভিছা হৈছে কোনো বিদেশী দেশে নিজৰ ভূখণ্ডৰ মাজেৰে প্ৰৱেশ, নিৰ্দিষ্ট উদ্দেশ্য আৰু সময়ৰ বাবে থাকিবলৈ  দিয়া অনুমতি।
 
ভিছা শব্দটোৰ লগত যেন এক আশা আৰু সম্ভাৱনাৰ কথা সোমাই থাকে। ভিছা কেৱল বিদেশলৈ প্ৰৱেশ কৰাৰ অনুমতি-মাত্ৰ নহয়, ই হৈছে নতুন স্বপ্নৰ দুৱাৰ। নতুন অভিজ্ঞতাৰ পথাৰ। শিক্ষা, কৰ্মসংস্থান, বাণিজ্য বা পৰ্যটনৰ ক্ষেত্ৰত ভিছাই হয় জীৱনৰ গতি সলনি কৰাৰ এক গুৰুত্বপূৰ্ণ দস্তাবেজ।ভিছা মানে কেৱল কাগজৰ অনুমতি পত্ৰ নহয়।ই হৈছে ভৱিষ্যতৰ ওপৰত আশাৰ বন্তি,  যি হৃদয়ক হৃদয়ৰ সৈতে  সংযোগ কৰে।
 
প্ৰতিনিধিত্বমূলক ফটো
 
বিশেষকৈ আমেৰিকাৰ ভিছা নীতিৰ প্ৰতি ভাৰতীয়সকল অত্যন্ত সংবেদনশীল। লক্ষাধিক শিক্ষাৰ্থী, উদ্যোগপতি,অভিযন্তা, চিকিৎসক,কৰ্মজীৱী প্ৰতিবছৰে আমেৰিকালৈ যাত্ৰা কৰে। কিছুমানে শিক্ষা লাভৰ আশাৰে আৰু কিছুমানে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ, আনহাতে কোনোবাই ভ্ৰমণৰ আনন্দ লভিবলৈ যায়। কিন্তু আমেৰিকাৰ ভিছা নীতি আজি কঠোৰ আৰু জটিল। আবেদনকাৰী সকল সাক্ষাৎকাৰ, প্ৰমাণপত্ৰ আদিকে ধৰি কঠোৰ পৰীক্ষাৰ মাজেৰে যাব লগা হয়।
 
ছাত্ৰ ভিছা, কর্মসংস্থাপন ভিছা, পৰ্যটন ভিছাৰ বাবে  প্ৰতিটো বিভাগৰ নিজৰ নিজস্ব নিয়ম আছে। শিক্ষাৰ্থীসকলৰ বাবে এফ ওৱান (F-1) বা জে ওৱান (J-1) ভিছা, দক্ষতা থকা সকল,অভিযন্তাৰ বাবে-এইচ ওৱান বি (H-1B) ভিছা, আৰু পৰ্যটকসকলৰ বাবে বি ওৱান, বি তু (B-1, B-2 ভিছা। এই নীতিসমূহ নমনীয় হ’লে ভাৰতীয় প্ৰতিভা আমেৰিকালৈ যাব  পাৰে কিন্তু কঠোৰ হ’লে বহু আশাই স্তব্ধ হৈ পৰে।
 
বিশেষকৈ এইচ ওৱান বি( H-1B) ভিছা ভাৰতীয় তথ্য-প্ৰযুক্তি আৰু চিকিৎসা ক্ষেত্ৰৰ কৰ্মজীৱীসকলৰ বাবে সপোনৰ ঠাই। এই ভিছাৰ জৰিয়তেই আজিৰ দিনত গুগল, মাইক্ৰ’ছফ্ট, আই বি এম আদি আমেৰিকাৰ প্ৰতিষ্ঠানত ভাৰতীয়সকল শীৰ্ষপদত বহি আছে। আমেৰিকাত কৰ্মৰত ভাৰতীয়সকলে পঠোৱা বৈদেশিক মুদ্ৰা ভাৰতৰ অৰ্থনীতিৰ বাবে এক ডাঙৰ সহায় আছিল। আমেৰিকা আৰু ভাৰতৰ মাজত ই হৈছে এক সাংস্কৃতিক সেতু, য’ত দুয়োখন দেশৰ মাজত জ্ঞান, অভিজ্ঞতা আৰু প্ৰতিভাৰ  মিলন ঘটে। কিন্তু শেহতীয়া ভিছা নীতিৰ পৰিৱৰ্তনে যেন হতাশাৰ পৰিৱেশ সৃষ্টি কৰিছে।
 
প্ৰতিনিধিত্বমূলক ফটো
 
কোভিড-১৯ মহামাৰীকালত পৰ্যটন আৰু শিক্ষা ভিছা সাময়িকভাৱে স্থগিত হোৱাত ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকলৰ বহুত ক্ষতি হৈছিল। এতিয়া নতুন এইচ-১বি(H-1B ) ভিছা আবেদনকাৰীসকলৰ বাবে এক লাখ ডলাৰ ফিজ নিৰ্ধাৰণ (ভাৰতীয় টকা মূল্য ৮৮লাখ, ৭০হাজাৰ তিনিশ টকা।)  কৰিছে। এই ধন সাধাৰণতে নিযুক্তি দিয়া  কোম্পানীসমূহে বহন কৰে।
 
কিন্তু এই বৃহৎ ধনৰাশি কোম্পানী বোৰে এতিয়া বহন কৰিবলৈ অনীহা প্ৰকাশ কৰিব। ইয়াৰ উপৰি ব্যক্তিগত সাক্ষাৎকাৰ বাধ্যতামূলক, সামাজিক মাধ্যমৰ বিৱৰণ দাখিলৰ নিয়ম কৰিছে। এইবোৰে আবেদনকাৰীৰ সময়, ধন, আৰু মানসিক স্থিৰতা সকলোতে প্ৰভাৱ পেলাইছে। শিক্ষাৰ্থীসকলৰ অধ্যয়ন সময়সূচী, কৰ্মজীৱীসকলৰ কৰ্মসংস্থান আৰু পৰ্যটকৰ আনন্দ, সকলোতে অসুবিধা বৃদ্ধি পাইছে। এই পৰিস্থিতিয়ে বহুজনক বিকল্প দেশৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। কানাডা, অষ্ট্ৰেলিয়া বা ইউৰোপৰ বহু দেশ নতুন গন্তব্য স্থান হৈ উঠিছে। তথাপিও আমেৰিকা হৈছে স্বপ্নৰ দেশ, প্ৰতিভাৰ গন্তব্য। সেয়ে আমেৰিকাৰ ভিছা নীতিৰ  পৰিৱৰ্তনে ভাৰতীয় সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ ওপৰত  গভীৰ প্ৰভাৱ পেলাইছে।
 
বিশেষজ্ঞসকলে কৈছে যে, দক্ষ মানৱশক্তিৰ ওপৰত বাধা দিয়া মানেই দুয়োখন দেশৰেই ক্ষতি। ভিছা কেৱল প্ৰৱেশৰ অনুমতি নহয়, ই দুটা সংস্কৃতিৰ মাজত এক সেতু, যি আমাৰ সমাজক একে সময়ে বৈদেশিক অভিজ্ঞতাৰ সমৃদ্ধি আৰু আন্তৰ্জাতিক ভাৱৰ সৈতে বান্ধিব পাৰে। এনে পৰিস্থিতিতো আশাৰ দুৱাৰ বন্ধ হৈ যোৱা নাই।
 
এফ-১ ভিছা
 
ভাৰতীয় প্ৰতিভাই বিশ্বৰ যিকোনো মঞ্চত নিজৰ ঠাই উলিৱাই লব পাৰিব। আমেৰিকা আৰু ভাৰতৰ মাজৰ বন্ধুত্ব আৰু সহায়-সহযোগিতাই এই পথক অধিক সুৰক্ষিত আৰু সম্ভাৱনাময় কৰিব বুলি আজিও বহুতে বিশ্বাস কৰে।
 
ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে আমেৰিকাৰ এইচ-১বি ভিছা মাচুল বৃদ্ধিৰ তীব্ৰ সমালোচনা কৰি “আস্থাৰ ওপৰত কৰ” বুলি সমালোচনা কৰি সকিয়াই দিছে যে ইয়াৰ ফলত দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক নষ্ট হ'ব। চৈয়দ আকবৰুদ্দিনে শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এইচ-১বি ভিছাত এক লাখ মাৰ্কিন ডলাৰৰ মাচুল বৃদ্ধিৰ ঘোষণাক “প্ৰতিভাৰ দলঙ”ৰ ওপৰত বাধাৰ দিয়া কথা তুলনা কৰি  কয় যে দক্ষ প্ৰব্ৰজনৰ ওপৰত কৰ আৰোপ কৰিলে  অন্য ঠাইত সুযোগৰ সূচনা হব পাৰে।