মুম্বাই
গণেশ চতুৰ্থী উৎসৱ হৈছে ভক্তি, আড়ম্বৰ আৰু আনন্দৰ সংমিশ্ৰণ। এই বছৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। ইয়াৰ মাজতে আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে গণেশ চতুৰ্থী উৎসৱত মুছলমান ঢোলবাদক আৰু সংগীতজ্ঞসকলৰ সক্ৰিয় অংশগ্ৰহণ।
মুম্বাইৰ বিভিন্ন প্ৰান্তত তেওঁলোকে গণেশ চতুৰ্থীৰ শোভাযাত্ৰাত ঢাক-ঢোল বজোৱা দেখা গৈছে, যাৰ তালত গণেশ ভক্তসকল নাচি উঠে। এইদৰে মুছলমান ঢোলবাদকৰ ঢোলৰ তালত মুম্বাইৰ ৰাজপথত বিয়পি পৰিল সম্প্ৰীতিৰ বাৰ্তা। লালবাগৰ পৰা গিৰগাঁওলৈকে বিভিন্ন গণেশ মণ্ডপত মুছলমান ঢোলবাদকসকলে উৎসাহেৰে অনুষ্ঠান পৰিৱেশন কৰে। ভক্তসকলে বজোৱা ঢোলৰ তালত নাচি থকাৰ সময়তে এই উৎসৱত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক নতুন মাত্ৰা সংযোজিত হয়।
তিনি প্ৰজন্ম ধৰি এই বৃত্তিৰ লগত জড়িত বহু পৰিয়ালে কয় যে গণেশ উৎসৱ তেওঁলোকৰ বাবে কেৱল জীৱিকাৰ উৎস নহয়, ই তেওঁলোকক সমাৱেশৰ অংশ হোৱাৰ এক বিশেষ অনুভূতিও প্ৰদান কৰে। “ঘৰত আমি গণেশক পূজা নকৰো, কিন্তু যেতিয়া আমি ৰাজপথত ঢোল বজাও, তেতিয়া এনে লাগে যেন আমিও এই আনন্দৰ অংশ। ভক্তৰ লগত সুৰ মিলাই বজোৱাটোও আমাৰ বাবে এক প্ৰকাৰৰ ভক্তি।”
গণেশ মণ্ডপৰ আয়োজকসকলেও কয় যে ঢোলবাদকসকলৰ অংশগ্ৰহণ অবিহনে এই মহোৎসৱ আধৰুৱা। লালবাগৰ মণ্ডপ সমিতিৰ এজন সদস্যই কয়, ‘ঢোলৰ ছন্দই গণেশ উৎসৱৰ প্ৰকৃত পৰিৱেশ সৃষ্টি কৰে। কোনে বজাইছে, সেয়া ডাঙৰ কথা নহয়, আনন্দ আৰু ঐক্যৰ সুৰেই আচল।’
মুম্বাইৰ ৰাজপথৰ এই দৃশ্যই আকৌ এবাৰ প্ৰমাণ কৰিলে যে ভাৰতত উৎসৱৰ অৰ্থ হৈছে এক সমাৱেশ, য’ত হিন্দু-মুছলমানৰ মতানৈক্য মচি পেলোৱা হয় আৰু ভক্তি, সংগীত আৰু সমন্বয়ৰ সুৰত হিন্দু-মুছলমান মিলি যায়।