বৈষ্ণো দেৱীৰ ট্ৰেজেডীঃ মুছলমান সংগঠন আৰু নেতাৰ গভীৰ শোক প্ৰকাশ

Story by  atv | Posted by  [email protected] • 6 h ago
উদ্ধাৰ অভিযানত ব্যস্ত এজন বিএছএফ জোৱান
উদ্ধাৰ অভিযানত ব্যস্ত এজন বিএছএফ জোৱান

নতুন দিল্লী

জম্মুৰ ঐতিহ্যমণ্ডিত বৈষ্ণো দেৱী তীৰ্থযাত্ৰা পথত বৰষুণৰ ফলত হোৱা ভূমিস্খলনে কমেও ৩০ জন তীৰ্থযাত্ৰীৰ প্ৰাণ কাঢ়ি নিছে, বহু লোক গুৰুতৰভাৱে আহত হৈছে, আৰু আন বহুতো লোক নিৰুদ্দেশ হৈ আছে। এনে সময়ত ভুক্তভোগীৰ পৰিয়ালৰ প্ৰতি চৌদিশৰ পৰা সমৰ্থনৰ জোৱাৰ উঠিছে।
 
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে তীৰ্থযাত্ৰীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে অঞ্চলটোত প্ৰবল বৰষুণ হোৱাৰ পিছতো কিয় তীৰ্থযাত্ৰা বন্ধ নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ এই শোকাৱহ দুৰ্ঘটনাত নিহত প্ৰতিজন ব্যক্তিৰ নিকট আত্মীয়ৰ বাবে ৬ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। অৱশ্যে স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ওমৰ আব্দুল্লাই প্ৰশ্ন কৰে যে শ্ৰাইন মেনেজিং ব’ৰ্ডে সতৰ্কতাৰ পিছতো কিয় তীৰ্থযাত্ৰা বন্ধ নকৰিলে।
ইফালে, সকলো মুছলমান সংগঠন আৰু নেতাই এই দূৰ্ভাগ্যজনক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে কেৱল শোক প্ৰকাশ কৰাই নহয়, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।
 
ফৰিদাবাদৰ ইমাম জামালুদ্দিনে কয় যে এই ঘটনা অতি দুখজনক আৰু বেদনাদায়ক। এনে সময়ত ধৰ্ম বা সম্প্ৰদায়ৰ নহয়, মানৱতাক আমি প্ৰাধান্য দিব লাগিব। আমি সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু আছো।
জম্মু আৰু কাশ্মীৰৰ নেতা আলতাফ বুখাৰীয়ে এই শোকাৱহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। একেদৰে, বিহাৰৰ ফালাহ মিল্লাট ছ’চাইটিৰ কোষাধ্যক্ষ তথা গুৰুগ্ৰামস্থিত এ পি জে আব্দুল কালাম মেম’ৰিয়েল ট্ৰাষ্টৰ কোষাধ্যক্ষ নৌছাদ আখতাৰ হাছমীয়ে কয় যে বৈষ্ণো দেৱী যাত্ৰা কেৱল হিন্দু ভক্তৰ বাবে বিশ্বাসৰ কেন্দ্ৰবিন্দু নহয়, বৰঞ্চ ই ভাৰতৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। এই যাত্ৰাৰ সৈতে জড়িত যিকোনো ব্যক্তিৰ যন্ত্ৰণা আমাৰ সকলোৰে যন্ত্ৰণা।
 
বৈষ্ণো দেৱী মন্দিৰৰ ট্ৰেজেডীত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰীনগৰৰ প্ৰাক্তন মেয়ৰ জুনেইদ আজিম মাতুৱে এইদৰে শোক প্ৰকাশ কৰিছে:

ইফালে, জামাত-ই-ইছলামী হিন্দৰ উপ-সভাপতি অধ্যাপক চেলিম ইঞ্জিনিয়াৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে অৰ্ধকুঁৱৰীৰ সমীপত সংঘটিত বৃহৎ ভূমিস্খলনৰ ফলত বহু মানুহে প্ৰাণ হেৰুওৱা ঘটনা অত্যন্ত দুখজনক। তেওঁ কয়, "প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰ কৰিবলৈ আহ্বান জনাইছো।"

তেওঁ কয় যে এন ডি আৰ এফ, এছ ডি আৰ এফ, ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী, আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে প্ৰশংসনীয় প্ৰস্তুতি প্ৰদৰ্শন কৰিছে, কিন্তু প্ৰত্যাহ্বান এতিয়াও বহুত ডাঙৰ। নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিয়াবলৈ আৰু আহতসকলক তাৎক্ষণিক চিকিৎসাৰ সুবিধা প্ৰদানৰ বাবে অভিযান ক্ষিপ্ৰতাৰে কৰা অতি প্ৰয়োজনীয়।
 
অধ্যাপক অধ্যাপক চেলিম ইঞ্জিনিয়াৰে তাৎক্ষণিক সাহায্য অভিযানৰ লগতে দীৰ্ঘম্যাদী প্ৰস্তুতি আৰু নীতি নিৰ্ধাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰে ভূমিস্খলন, আকস্মিক বানপানী, আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ এক বিস্তৃত দুৰ্যোগ ব্যৱস্থাপনা কৌশল প্ৰস্তুত কৰিব লাগে। ইয়াৰ স্পষ্ট আৰু ফলপ্ৰসূ মানক পৰিচালনা পদ্ধতি (SOP) থাকিব লাগে যাতে জৰুৰীকালীন অৱস্থাত দ্ৰুত সঁহাৰি দিব পাৰি, আৰু জীৱন আৰু সম্পত্তিৰ ক্ষতি নূন্যতম কৰি ৰাখিব পাৰি।