নাহিদ আফ্ৰিন: স্কুলীয়া দিনৰ পৰাই সমাজলৈ আগবঢ়াইছে বিভিন্ন অৱদান

Story by  Munni Begum | Posted by  [email protected] • 6 h ago
যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিন
যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিন

 

মুন্নী বেগম / গুৱাহাটী

বয়স মাত্ৰ ২৩ বছৰ যদিও সমাজলৈ আগবঢ়াইছে বিভিন্ন অৱদান। যিবোৰ বহুতৰ বাবে সপোনৰো অগোচৰ। তেওঁ হৈছে নাহিদ আফ্ৰিন। নাহিদে স্কুলীয়া দিনৰে পৰাই বিভিন্ন কৃতিত্বৰ জৰিয়তে অসমবাসীক গৌৰৱান্বিত কৰি আহিছে।  

নাহিদে প্ৰথমবাৰৰ বাবে খ্যাতি লাভ কৰিছিল, যেতিয়া তেওঁ ২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰৰ সংস্কৰণত দ্বিতীয় ৰানাৰ্ছ আপ হৈছিল। ইয়াৰ পিছত ২০১৬ চনত সোণাক্ষী সিনহাই মুখ্য চৰিত্ৰত অভিনয় কৰা আকিৰা ছবিৰ জৰিয়তে বলীউডত প্লেবেক গায়িকা হিচাপে নাহিদে আত্মপ্ৰকাশ কৰিছিল। আৰু ২০১৮ চনত যেতিয়া ইউনিচেফ ইণ্ডিয়াই নাহিদক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ‘শিশু অধিকাৰ চেম্পিয়ন’ হিচাপে নিৰ্বাচিত কৰিছিল। ২০১৮ চনলৈকে নাহিদ স্কুলীয়া ছাত্ৰীয়ে আছিল আৰু তেওঁৰ এই কৃতিত্ববোৰে সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বিষয়ে কয়। 

বৰ্তমানৰ প্ৰতিষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ ছাত্ৰী নাহিদে ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হৈ বাল্যবিবাহৰ দৰে সামাজিক ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াত এতিয়া বৃহৎ অৰিহণা যোগাই আছে। নাহিদে আন তিনিজন যুৱ অধিবক্তাৰ সৈতে বলীউডৰ তাৰকা অভিনেতা কৰীনা কাপুৰ খানৰ সৈতে কাম কৰি আছে, যিগৰাকী হৈছে ইউনিচেফৰ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰদূত। বাল্যবিবাহৰ উপৰিও তেওঁলোকে জলবায়ুৰ ক্ৰিয়া, মানসিক স্বাস্থ্য, উদ্ভাৱন, আৰু গাৰ্লছ ইন এছটিইএম (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত) আদি জটিল বিষয়সমূহৰ চেম্পিয়নশ্বিপৰ কাম কৰি আছে। 
 

ইউনিচেফৰ এক অনুষ্ঠানত বলীউদৰ মোহময়ী অভিনেত্ৰী কৰিণা কাপুৰৰ সৈতে অসমৰ নাহিদ আফ্ৰিন
 
২০১৮ চনত ইউনিচেফে অসম বিধানসভাত বাল্য বিবাহ সম্পৰ্কীয় এক কাৰ্যসূচী আয়োজন কৰিছিল। তেতিয়াৰ বিধানসভাৰ অধ্যক্ষই বাল্যবিবাহে সমাজত হোৱা নেতিবাচক প্ৰভাৱৰ ওপৰত প্ৰতিবেদন দাখিল কৰি ইয়াক কেনেদৰে মোকাবিলা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছিল। নাহিদ ২০২০ চনলৈকে বাল্য বিবাহ বিৰোধী কাম-কাজ আৰু অভিযানৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল।

২০২৩ চনত ইউনিচেফৰ ভাৰত আঞ্চলিক কাৰ্যালয়ৰ পৰা নাহিদলৈ এটা ফোন আহিছিল যে, তেওঁক তেওঁলোকৰ যুৱ অধিবক্তা হিচাপে মনোনীত কৰা হৈছে। উক্ত পদটোৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা নাহিদ আৰু তেওঁৰ দৰে আন অতি কম সংখ্যক যুৱক-যুৱতীক তেওঁলোকে মনোনীত কৰিছিল। ইয়াৰ পিছত নাহিদৰ এবছৰীয়া প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হৈছিল আৰু তেওঁলোকে নাহিদক অসমৰ বাবে এই দায়িত্ব অৰ্পণ কৰিছিল।

ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নাহিদে এতিয়া অসমৰ বাল্যবিবাহৰ দৰে সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়ত কাম কৰাৰ সুযোগ লাভ কৰিছে। 
 

লণ্ডনত এক বিহু অনুষ্ঠানত প্ৰৱাসী অসমীয়াসকলৰ সৈতে নাহিদ আফ্ৰিন 
 
নাহিদ আফ্ৰিনে আৱাজ-দ্য ভইচক জনায়, "কন্যা সন্তানৰ কথা ভাবিলে সাধাৰণতে শিক্ষা, স্বাস্থ্য আৰু বিকাশৰ কথাহে মনলৈ আহে। এতিয়া বাল্যবিবাহৰ লগতে মই শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰতো কাম কৰাৰ পৰিকল্পনা কৰিছো। কাৰণ আজিকালি প্ৰায়ে দেখা যায় যে বেছিভাগ ছাত্ৰ-ছাত্ৰী বা শিশু মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু হতাশগ্ৰস্ত। বিশেষকৈ ১৩-১৯ বছৰ বয়সৰ শিশু মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়। কাৰণ তেওঁলোকে পঢ়া-শুনা আৰু অন্যান্য ক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হয়।"
 
তেওঁ পুনৰ কয়, "পিতৃ-মাতৃৰ হেঁচা, সামাজিক হেঁচাতো ভুগি থাকে আৰু নিজৰ কেৰিয়াৰক লৈ ইমানেই চিন্তিত যে, অৱশেষত তেওঁলোকৰ বহুতেই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয়। ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা আৰু মনোবিজ্ঞানৰ ছাত্ৰ হিচাপে মই এতিয়া শিশুসকলক মানসিক চাপৰ পৰা মুক্ত কৰিবলৈ কেনেকৈ বুজাব পাৰি আৰু সজাগতা সৃষ্টি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।" 

নাহিদৰ  মতে, গ্ৰাম্য অঞ্চলত প্ৰায়ে দেখা যায় যে শিশু জন্মৰ পিছত পিতৃ-মাতৃৰ মাজত সঠিক জ্ঞানৰ অভাৱৰ বাবে শিশুৰ পুষ্টিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নহয়। কেঁচুৱা জন্মৰ পিছত স্তনপান কৰাটো কিমান যে গুৰুত্বপূৰ্ণ সেই কথাও গাঁৱৰ মানুহে নাজানে। ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নাহিদে অভিভাৱকসকলৰ মাজত এনে সজাগতা সৃষ্টিৰ বাবে সম্পূৰ্ণ দায়বদ্ধ হ’ব। 
 
এক সংগীতানুষ্ঠানত নাহিদ আফ্ৰিন
 
ভৱিষ্যতে নিজৰ পৰিচয় কেনেকৈ দিব বিচাৰে বুলি সোধাত নাহিদে কয়, "মই সংগীত, শিক্ষা আৰু সমাজ সেৱাৰ ধাৰা অব্যাহত ৰাখিম। ভগৱান বা আল্লাহে এতিয়ালৈকে মোক বহু আশীৰ্বাদ আৰু দয়া কৰিছে। এটা কথা মই নিশ্চিত কৰিব লাগিব যে, ভৱিষ্যতে মই যি হওঁ বা যি কাম কৰিম সেয়া সমাজৰ উপকাৰৰ বাবে কৰিম বা হব লাগিব। এই পৃথিৱীখনক বসবাসৰ বাবে উন্নত ঠাই হিচাপে গঢ়ি তুলিবলৈ কিবা এটা অৱদান আগবঢ়োৱা এজন  ব্যক্তি হিচাপে মই নিজকে স্মৰণ কৰাটো বিচাৰিম।"