লক্ষ্ণৌ
এক অনাকাঙ্খিত বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ২৫০ গৰাকী হজযাত্ৰীৰ। দেওবাৰে পুৱা লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ২৫০ জন হজযাত্ৰী কঢ়িয়াই অনা ছৌদিয়া এয়াৰলাইন্সৰ এখন বিমানে অৱতৰণ কৰিবলৈ লওতে কাৰিকৰী সমস্যাৰ সন্মুখীন হয়।
এছ ভি ৩১১২ নামৰ বিমানখন শনিবাৰে নিশা ১০.৪৫ বজাত জেদ্দাৰ পৰা ২৫০ গৰাকী হজযাত্ৰী লৈ ৰাওনা হৈছিল আৰু দেওবাৰে পুৱা প্ৰায় ৬.৩০ বজাত লক্ষ্ণৌত অৱতৰণ কৰিছিল। বিমানখনৰ অৱতৰণৰ কিছু সময়ৰ পিছতে বিমানখনৰ বাওঁ চকাৰ পৰা ধোঁৱা আৰু সামান্য পৰিমাণে জুইৰ সুত্ৰপাত হোৱা দেখা গৈছিল।
লগে লগে পাইলটে বিমানখন ৰখাই বিমান পৰিবহণ নিয়ন্ত্ৰণক সতৰ্ক কৰি দিয়ে। ইয়াৰ পিছত বিমানখন পিছলৈ ঠেলি টেক্সিৱেলৈ লৈ যোৱা হয়, য’ত সকলো যাত্ৰী আৰু ক্ৰু সদস্যক নিৰাপদে নমাই দিয়া হয়।
বিমানবন্দৰৰ জৰুৰীকালীন সঁহাৰি দলটোৱে দ্ৰুতগতিত সেই স্থানত উপস্থিত হৈ ফেন আৰু পানী ব্যৱহাৰ কৰি ২০ মিনিটৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পিছত এই বিজুটিৰ কাৰণ হঠাতে হাইড্ৰলিক লিক হোৱাৰ ফলত চকা সমাবেশটো অতিমাত্ৰা গৰম হোৱাৰ বাবে সূচনা হয়।
বিষয়াসকলে লগতে কয় যে, অৱতাৰণৰ সময়ত এই সমস্যা সংঘটিত হ’লে এই সমস্যাই গুৰুতৰ কাণ্ডৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন। এই বিমানখনে জেদ্দাৰ পৰা হজযাত্ৰী আনিছিল আৰু খালী হৈ ছৌদি আৰবলৈ উভতি যোৱাৰ কথা আছিল।
উল্লেখ্য যে, যোৱা ১২ জুনৰ দিনৰ ১.৩৯ বজাত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰা কিছু মুহূৰ্তৰ পিছতে লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান মেঘনীনগৰৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।