বিলাসীপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি; বিধায়ক অখিল গগৈক আটক

Story by  atv | Posted by  [email protected] • 5 h ago
বিলাসীপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি
বিলাসীপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি
 
গুৱাহাটী
 
বিলাসীপাৰাৰ চাপৰত আজি চলা উচ্ছেদ অভিযানৰ মাজতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী, প্ৰশাসনৰ লোকক বাধা প্ৰদান কৰিছে স্থানীয় ৰাইজে। ভাঙিছে প্ৰশাসনৰ বাহন।
 
চাপৰৰ সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটাত আজি প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। দাবী কৰা হৈছে এই উচ্ছেদ অভিযান অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান।
 
আজি প্ৰশাসনে এই উচ্ছেদ চলাবলৈ যোৱাৰ সময়তে প্ৰথমে পৰিস্থিতি শান্তিপূৰ্ণ আছিল যদিও পৰৱৰ্তী সময়ত উত্তপ্ত হৈ পৰে। একাংশ উচ্ছেদিতই হাতে হাতে লাঠি, দা, কোঠাৰ আদি লৈ ঘৰ ভাঙিবলৈ অহা বুলড’জাৰ ভাঙিবলৈ খেদি যোৱাৰ লগতে শিল, ইটা আদি দলিয়াই বুলড’জাৰ ভাঙি পেলায়।
 
অৱশ্যে জানিব পৰা মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে।
 
ইফালে উচ্ছেদ স্থলীত উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। জানিব পৰা মতে প্ৰথমে উচ্ছেদস্থলীলৈ যোৱাত অখিল গগৈক বাধা প্ৰদান কৰিছিল প্ৰশাসনে। সেই মতেই তেওঁ আৰক্ষীক সহযোগ কৰি উচ্ছেদস্থলীত প্ৰবেশ কৰা নাছিল।
 
পৰৱৰ্তী সময়ত তেওঁ আৰক্ষী অধীক্ষকৰ অনুৰোধত সেই স্থান ত্যাগ কৰিছিল। কিন্তু তাৰ ঠিক আধা ঘণ্টাৰ পিছতেই উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। তাৰ পিছতেই আৰক্ষীয়ে আটক কৰে বিধায়ক অখিল গগৈক।
 
অৱশ্যে স্থানীয় লোকে অখিল গগৈক এইদৰে আটক কৰা কাৰ্যক বিৰোধিতা কৰিছে। স্থানীয় লোকে দাবী কৰিছে বাহিৰা একাংশ লোকে আহি উচ্ছেদস্থলী উত্তপ্ত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে।
 
বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ব বৃহৎ উচ্ছেদ অভিযান চলিছে। বিলাসীপাৰা সম-জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা জংগল ব্লক গাঁৱত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান।
 
শ শ বুলড’জাৰ, আৰক্ষীৰ সমৰসজ্জাৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ। তাৰ পূৰ্বেই অৱশ্যে বহুতে নিজৰ ঘৰ ত্যাগ কৰি অন্য স্থানলৈ ৰাওনা হোৱাও পৰিলক্ষিত হৈছে।