১৩ ছেপ্টেম্বৰত মিজোৰামৰ বৈৰৱী-ছৈৰাং ৰেলপথ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Story by  atv | Posted by  Munni Begum • 9 h ago
মিজোৰামৰ বৈৰৱী-ছৈৰাং ৰেলপথ
মিজোৰামৰ বৈৰৱী-ছৈৰাং ৰেলপথ
 
আইজল
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰত মিজোৰামত বৈৰাবি-ছৈৰাং ৰেলপথ মুকলি কৰি আইজলক ৰেলৱে মেপত সংযোজন কৰিব বুলি মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই জনায়। শুকুৰবাৰে আইজলত মিজোৰাম আৰক্ষী সেৱা সন্থাৰ এক সন্মিলনত এই কথা ঘোষণা কৰিছে লালডুহোমাই।
 
১২ ছেপ্টেম্বৰত আইজলত উপস্থিত হৈ ইয়াতেই নিশা কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। পিছদিনা তেওঁ নতুন ৰে’লপথ উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লালডুহোমাই কয় যে, তেওঁ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে আলোচনাত মিলিত হয়।
 
ছাইৰাং ৰেলৱে ষ্টেচনক বিশ্বমানৰ সুবিধালৈ উন্নীত কৰা হব। ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথ প্ৰকল্পটো কেন্দ্ৰৰ এক্ট ইষ্ট নীতিৰ অংশ, যাৰ লক্ষ্য হৈছে সমগ্ৰ উত্তৰ-পূবৰ সংযোগ আৰু অৰ্থনৈতিক সংহতি বৃদ্ধি কৰা। 
 
নতুন ৰে’ল লাইনে আইজলক অসমৰ শিলচৰ চহৰৰ সৈতে আৰু দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰি মিজোৰামক দেশৰ ৰে’ল মানচিত্ৰত সম্পূৰ্ণৰূপে একত্ৰিত কৰিব।  
 
অভিযন্তাসকলে ইয়াক এক আশ্চৰ্য্য বুলি কয় কাৰণ এই অংশত ১২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৮টা সুৰংগ, ৫৫খন ডাঙৰ দলং আৰু ৮৭খন সৰু দলং আছে। ১৯৬ নম্বৰৰ দলংখন ১০৪ মিটাৰলৈ বৃদ্ধি পাইছে, যি কুতুব মিনাৰতকৈও ওখ।