গুৱাহাটী
মণিপুৰত আজি মেৰা হৌ চংবা উৎসৱ পালন কৰা হৈছে, যিটো উদযাপন ৰাজ্যৰ পাহাৰীয়া আৰু উপত্যকা জনগোষ্ঠীৰ মাজত ঐক্যৰ প্ৰতীক। কংলাত অনুষ্ঠিত এই অনুষ্ঠানত সমগ্ৰ মণিপুৰৰ কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে।
চহকী জাতিগত বৈচিত্ৰ্যৰ বাবে পৰিচিত মণিপুৰে এই উৎসৱৰ সহায়ত “বৈচিত্ৰ্যত ঐক্য”ৰ বাৰ্তাক শক্তিশালী কৰে। উদযাপনত অংশগ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাৰ পৰা খিলঞ্জীয়া জনগোষ্ঠী এদিন আগতীয়াকৈ ইম্ফলত উপস্থিত হয়।
মেইটেই কেলেণ্ডাৰৰ মেৰা মাহৰ ১৫ সংখ্যক চন্দ্ৰ দিনত অনুষ্ঠিত হোৱা মেৰা হৌ চংবাই পৰম্পৰাগত অনুষ্ঠানসমূহৰ সৈতে ৰাজ্যখনৰ সজীৱ সাংস্কৃতিক ঐতিহ্যৰ সংমিশ্ৰণ ঘটায়। এইবাৰ ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰা ৰজা লেইচেম্বা সনাজাওবাৰ নেতৃত্বত ৰাজপ্ৰসাদ ছানা কনুঙৰ পৰা কংলালৈ বৰ্ণাঢ্য শোভাযাত্ৰাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই উৎসৱ। এই শোভাযাত্ৰাত সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে যোগদান কৰি শতিকাজুৰি চলি অহা ভ্ৰাতৃত্ববোধ আৰু একতাৰ বান্ধোনক শক্তিশালী কৰি তুলিছিল।
কাংলাত মেৰা থাওমেই থানবা আৰু মেৰা য়েনখং টাম্বা আদি পৰম্পৰাগত আৰু ধৰ্মীয় অনুষ্ঠান পৰিৱেশন কৰা হয়, তাৰ পিছত বিয়লি পাহাৰ আৰু উপত্যকা জনগোষ্ঠীৰ মাজত উপহাৰৰ আদান-প্ৰদান কৰা হয়। সন্ধিয়ালৈকে চলি থাকিব সাংস্কৃতিক অনুষ্ঠান। এইবাৰৰ উৎসৱত বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ মুঠ ১৩৫ গৰাকী মুখীয়াল আৰু ১৫টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে।
ৰজা লেইচেম্বা সনাজাওবাই মেৰা হৌ চংবাৰ অনন্য স্বভাৱৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে মণিপুৰৰ এইটোৱেই একমাত্ৰ উৎসৱ য’ত সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে একত্ৰিত হৈ অংশগ্ৰহণ কৰে। তেওঁ কয়, “প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব উৎসৱ আছে, কিন্তু মেৰা হৌ চংবা হৈছে খিলঞ্জীয়া লোকসকলৰ সাধাৰণ পৰম্পৰাগত উৎসৱ, যিটো ৩৩ খ্ৰীষ্টাব্দৰ পৰা নংডালেৰেম পাখাংবাৰ ৰাজত্বকালৰ পৰা পালন কৰা হয়।” তেওঁ লগতে কয় যে এই উৎসৱে সকলো সম্প্ৰদায়ৰ মাজত প্ৰেম, ঐক্য, আৰু সম্প্ৰীতিৰ পোষকতা কৰে।
অংশগ্ৰহণকাৰীসকলে উদযাপনৰ অংশ হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। তামেংলং জিলাৰ ৰাচুবুই পামে কয়, “আমি ইম্ফলত থাকি মেৰা হাউ চংবাত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হৈছে, টামেংলঙৰ পৰা গোটেই বাটটো আহি।এই উৎসৱৰ জৰিয়তে সম্প্ৰদায়সমূহৰ মাজত একতা আৰু ভাতৃত্ববোধ আৰু অধিক শক্তিশালী হৈ উঠে।”
২০১৭ চনৰ পৰা ৰাজ্য চৰকাৰে শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰসাৰৰ ক্ষেত্ৰত ইয়াৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি চৰকাৰী ৰাজ্যিক অনুষ্ঠান হিচাপে মেৰা হৌ চংবাক সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।