শ্বিলং সাহিত্য মহোৎসৱত বুকাৰ বঁটা বিজয়ী সাহিত্যিক বানু মুস্তাক

Story by  atv | Posted by  [email protected] • 8 h ago
পঞ্চম শ্বিলং সাহিত্য মহোৎসৱ-২০২৫ৰ এটি দৃশ্য
পঞ্চম শ্বিলং সাহিত্য মহোৎসৱ-২০২৫ৰ এটি দৃশ্য
 
শ্বিলং

গোলাপী চেৰী ফুলেৰে আবৃত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মনোৰম পৰিৱেশত ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা পঞ্চম সংখ্যক শ্বিলং সাহিত্য মহোৎসৱ-২০২৫ত কেইবাগৰাকীও বিশিষ্ট লেখক-সাহিত্যিক আৰু শিল্পী উপস্থিত থাকে।
 
এই সাহিত্য উৎসৱৰ উদ্বোধনীৰ দিনা বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী লেখক বানু মুস্তাককে ধৰি বিশ্বৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক আৰু শিল্পী উপস্থিতি থাকে। আন্তঃৰাষ্ট্ৰীয় প্ৰশংসিত স্পেনিছ লেখক ফ্ৰান্সেস্ক মিৰালেছ, সঞ্জয় হাজৰিকা, ছেম ডালৰিম্পল, জেৰী পিণ্টো, অধ্যাপক ডেচমণ্ড খাৰমাফ্লাং, মালবিকা বেনাৰ্জী, সোনাল জৈন, ডেনিছ লাইশ্ৰম, পেট্ৰিচিয়া মুখিমৰ লগতে স্থানীয় লেখক ষ্ট্ৰিমলেট ডখাৰ আৰু ভালডেন জন পাৰিয়াট উপস্থিত থাকে। এইসকল শিল্পী-সাহিত্যিকৰ উপস্থিতিয়ে উদ্বোধনী অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে।
 
শ্বিলং সাহিত্য মহোৎসৱ আজি এক অনুষ্ঠানলৈ ৰূপান্তৰিত হোৱ বুলি উল্লেখ কৰি পৰ্যটন বিভাগৰ আয়ুক্ত আৰু সচিব বিজয় কুমাৰ ডিয়ে কয় যে এই অনুষ্ঠানটিয়ে মহাবিদ্যালয়, বিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহত এক আন্দোলনৰ সূচনা কৰিছে। অনুষ্ঠানটিয়ে মানুহক সাহিত্য, আলোচনা আৰু কবিতাৰ প্ৰতি আগ্ৰহ জন্মাবলৈ সক্ষম হৈছে। 
 
"আমাৰ ফালৰ পৰা এটা অনুৰোধ যে অনুগ্ৰহ কৰি আমাৰ কাহিনীসমূহ বিশ্ববাসীৰ আগত দাঙি ধৰক। আমি ৰাজ্যখনৰ যুৱক-যুৱতীসকলক জনাইছো যে এই উৎসৱ আপোনালোক সকলোৰে বাবে। চৰকাৰে যি কৰিছে, এই সকলোবোৰ সুন্দৰ অনুষ্ঠান যুৱক-যুৱতীসকলৰ বাবে কৰা হৈছে, যাতে তেওঁলোকে এই সুযোগসমূহ ব্যৱহাৰ কৰি নিজৰ লগতে ৰাজ্যৰ বাবে মহৎ কাম কৰিব পাৰে", - বিজয় কুমাৰ ডিয়ে কয়।
 
শ্বিলং সাহিত্য মহোৎসৱক কল্পনাৰ মহোৎসৱ বুলি অভিহিত কৰি বুকাৰ আন্তৰ্জাতিক পুৰস্কাৰ বিজয়ী 'হার্ট লেম্প'ৰ লেখক বানু মুস্তাকে চহৰৰ সৃষ্টিশীল মনোভাৱৰ ওপৰত আলোকপাত কৰে।
 
"আজি শ্বিলঙত থিয় হৈ মোৰ এনে অনুভৱ হৈছে যেন মই এনে এক পৃষ্ঠভূমিত খোজ পেলাইছো, যিয়ে মোৰ বাবে নীৰৱে অপেক্ষা কৰি আছিল। সংগীত আৰু সৌম্যৰ পাহাৰীয়া এই চহৰখনে সদায়েই ভাৰতীয়সকলৰ কল্পনাত এনে এখন ঠাই হিচাপে চিনাকি দিয়ে, য'ত কাহিনীবোৰে সহজে উশাহ ল’ব পাৰে। মই গৌৰৱান্বিত যে মই সেই দৃশ্যপটত মোৰ কণ্ঠস্বৰ যোগ কৰিব পাৰিছো। কাহিনীবোৰে আমাক কিমান গভীৰভাৱে সংযুক্ত কৰে- এই পাহাৰীয়া উৎসৱবোৰে আমাক সোঁৱাই দিয়ে।’’- তেওঁ কয়।
 
সন্ধিয়া সামৰণি অনুষ্ঠানত "মেকিং খাচী লিটাৰেচাৰ ট্ৰেভেল" শীৰ্ষক এক অনুষ্ঠানত ষ্ট্ৰীমলেট ডখাৰ, বেন্দৰিলিন বাইৰ’, আলফিডাৰি খাৰছিনটিউ আৰু স্মিতী বেছিলিকা নংপুহ উপস্থিত থাকে। অনুষ্ঠানত অনুবাদ, সাহিত্য মঞ্চ আৰু খাচী সাহিত্যৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰা হয়। পিছত মেঘালয়ৰ স্থানীয় সংগীত শিল্পীসকল হৃদয়স্পৰ্শী সংগীত অনুষ্ঠানেৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰে।