জম্মু-কাশ্মীৰৰ উপত্যকাত পাকিস্তানৰ উপস্থিতিক তীব্ৰ নিন্দা BCPৰ সাংসদ বব ব্লেকমেনৰ

Story by  atv | Posted by  [email protected] • 1 d ago
জম্মু আৰু কাশ্মীৰৰ উপত্যকাত পাকিস্তানৰ উপস্থিতিক তীব্ৰ নিন্দা BCPৰ সাংসদ বব ব্লেকমেনৰ
জম্মু আৰু কাশ্মীৰৰ উপত্যকাত পাকিস্তানৰ উপস্থিতিক তীব্ৰ নিন্দা BCPৰ সাংসদ বব ব্লেকমেনৰ
 
জয়পুৰ
 
ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ সাংসদ বব ব্লেকমেনে জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়াইছে। তেওঁ দাবী কৰে যে জম্মু-কাশ্মীৰৰ সমগ্ৰ অঞ্চলটো ভাৰতৰ সৈতে পুনৰ একত্ৰিত হোৱা উচিত। তেওঁ কাশ্মীৰ উপত্যকাৰ কিছু অংশত পাকিস্তানৰ উপস্থিতিৰ তীব্ৰ নিন্দা কৰাৰ লগতে ইয়াক ‘অবৈধ দখল’ বুলি অভিহিত কৰে।
 
দেওবাৰে ৰাজস্থানৰ জয়পুৰৰ কনষ্টিটিউচনেল ক্লাবত আয়োজিত এক অনুষ্ঠানত ভাষণ দি ব্লেকমেনে কয় যে কাশ্মীৰ প্ৰসংগত তেওঁৰ স্থিতি কোনো সাম্প্ৰতিক ৰাজনৈতিক সিদ্ধান্তৰ ফল নহয়। ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বহু পূৰ্বেই তেওঁ এই দাবী উত্থাপন কৰিছিল।
 
ব্লেকমেনে জনায় যে, ১৯৯০ৰ দশকৰ আৰম্ভণিতে বিশেষকৈ কাশ্মীৰী পণ্ডিতসকলক উপত্যকাৰ পৰা বিতাড়ন কৰাৰ পাছত তেওঁ এই বিষয়ত সক্ৰিয় হৈছিল। তেওঁ কয়, "মই ২০১৯ চনত নহয়, ১৯৯২ চনত অনুচ্ছেদ ৩৭০ বাতিলৰ দাবী উত্থাপন কৰিছিলো, যেতিয়া কাশ্মীৰী পণ্ডিতসকলে ধৰ্ম আৰু পৰিচয়ৰ বাবে ভেটি-মাটি ত্যাগ কৰিবলৈ বাধ্য হৈছিল। ব্ৰিটিছ সাংসদগৰাকীয়ে সেই সময়ত ব্ৰিটেইনত চলি থকা প্ৰতিবাদৰ কথাও স্মৰণ কৰে।
 
তেওঁৰ মতে, কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ বাবে এই বিশাল জনসভা আয়োজন কৰা হৈছিল। "মানুহক বুজাব বিচাৰিছিলো যে এয়া অন্যায়, এয়া অবিচাৰ",- ব্লেকমেনে কয়।