বাংলাদেশত ৫.৫ প্ৰাৱল্যৰ ভূমিকম্প; কলকাতা-গুৱাহাটীতো অনুভূত তীব্ৰ জোকাৰণি

Story by  atv | Posted by  [email protected] • 1 Months ago
বাংলাদেশত ৫.৫ প্ৰাৱল্যৰ ভূমিকম্প; কলকাতা-গুৱাহাটীতো অনুভূত হ’ল জোকাৰণি
বাংলাদেশত ৫.৫ প্ৰাৱল্যৰ ভূমিকম্প; কলকাতা-গুৱাহাটীতো অনুভূত হ’ল জোকাৰণি
 
কলকাতা

শুকুৰবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপত তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। কলকাতা আৰু পশ্চিমবংগৰ লগতে উত্তৰ-পূব ভাৰতৰ আন আন ঠাইতো প্ৰবল জোকাৰণি অনুভূত হয়। আমেৰিকাৰ ভূ-তাত্ত্বিক জৰীপ (USGS) ৰ মতে, ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৫।
 
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(IMD) জানিবলৈ দিয়া মতে, এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বাংলাদেশৰ নৰসিংদিৰ পৰা ১৩ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পশ্চিম অঞ্চল। ভূমিকম্পটোত এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।
কলকাতাত কেইবাজনো লোকে পুৱা ১০.১০ বজাত তীব্ৰ জোকাৰণি অনুভৱ কৰাত আতংকিত হৈ নিজৰ ঘৰ তথা বিল্ডিঙৰ পৰা ওলাই আহে। কলকাতাত হোৱা ভূমিকম্পৰ মুহূৰ্তৰ ভিডিঅ' ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে শ্বেয়াৰ কৰিছে। কোচ বিহাৰ, দক্ষিণ আৰু উত্তৰ দিনাজপুৰকে ধৰি পশ্চিমবংগৰ আন আন ঠাইতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
 
ইপিনে, গুৱাহাটী, আগৰতলা আৰু শ্বিলঙৰ দৰে চহৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ ফলত ঢাকাত চলি থকা বাংলাদেশ আৰু আয়াৰলেণ্ডৰ মাজৰ টেষ্ট মেচখন সাময়িকভাৱে বাধাপ্ৰাপ্ত হয় যদিও কেইমিনিটমানৰ পিছত খেল পুনৰ আৰম্ভ হয়।